newsnextone.com | ডিজিটেল ডেস্কঃ চীনে অৰুণাচল সীমান্তত নিৰ্মাণ কৰিছে মানৱবিহীন বতৰ বিজ্ঞান বিভাগৰ কেন্দ্ৰ৷ সংঘৰ্ষৰ স্থিতিত দেশৰ সেনা, বিমান, মিছাইল সঞ্চালনাৰ সন্দৰ্ভত সহায়ক হোৱাৰ বাবে এই কেন্দ্ৰ স্থাপন কৰে চীনে৷ 

গ্লবেল টাইমছৰ খবৰ মতে, তিব্বতৰ চান্নান পৰিক্ষেত্ৰৰ য়ুমত এই কেন্দ্ৰ স্থাপন কৰিছে চীনে৷ তিব্বত বতৰ বিজ্ঞাৰ বিভাগৰ ব্যুৰৰ মতে, এই কেন্দ্ৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে উপলদ্ধ হ’ব৷ সীমাৰ উন্নয়ন, সেনা আৰু নাগৰিকৰ সংযোগ ৰক্ষাৰ বাবে সহায়ক হ’ব৷ চীনৰ সকলোকতকৈ কম জনসংখ্যাৰ ঠাই ৰূপে জনাজাত য়ুমুই৷

বতাহৰ গতি, বতাহৰ দিশ, বৰষুণৰ আগজাননী দিব কেন্দ্ৰই৷ যাৰ বাবে ইয়াক ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে বহুওৱা হৈছে আৰু ই সহায়ক হ’ব৷ যাতায়াত আৰু সঞ্চালনা কৰাৰ ডাটা দিয়াতো সহায় কৰিব কেন্দ্ৰই৷ ক্ষেত্ৰীয় যুদ্ধৰ সময়ত এয়াৰক্ৰাফ্ট অৱতৰণ আৰু উৰণ, মিছাইল সাজু কৰিবলৈ বতৰৰ পৰিস্থিত নিৰ্ধাৰণ কৰাটো বহু জৰুৰী কিন্তু এই কেন্দ্ৰই এতিয়াৰ পৰা সহায় কৰিব বুলি কয় চীনে৷ ইয়াৰ দ্বাৰা একেবাৰে সত্য তথা বৰ্তমানেও লাভ কৰি থকা বুলিও কয় চীনে৷