গুৱাহাটীঃ টি ফৰ টাইগাৰ। মহানগৰীত বাঘৰ সন্ত্ৰাস। এয়া কোনো নতুন কথা নহয়। সময় সময়ে খাদ্যৰ সন্ধানত মহানগৰীৰ ভিন্ন স্থানত বাঘে জন অৰণ্যলৈ আহিবলৈ বাধ্য হৈ পৰে। কেতিয়াবা যদি মালিগাঁও, কেতিয়াবা কামাখ্যা। আন কেতিয়াবা আকৌ চানমাৰি, শিলপুখুৰীলৈকো বাঘ আহে।

বাঘ বুলিলেই ভয় খোৱা মহানগৰীত পুনৰ ওলাইছে বাঘ। এই বিশেষ বাঘটোৰ নাম টাইগাৰ। কাৰোবাৰ নিৰ্দেশত মহানগৰীলৈ আহিছে এই টাইগাৰ। যাৰ নিৰ্দেশত টাইগাৰ মহানগৰীলৈ আহিছে সেইসকলে কৈছে, 'ভয় নাখাব, এতিয়া টাইগাৰ আহি আছে।’

ভয় খাবলৈ মানা কৰিছে যেতিয়া টাইগাৰ আহিলেও কোনেও ভয় খোৱা নাই। খোজকঢ়াবোৰে খোজকাঢ়ি ফুৰিছে। বাইক চলোৱাই বাইক চলাইছে। গাড়ী চলোৱাই গাড়ী চলাইছে। মুঠৰ ওপৰত ভয় খোৱা নাই কোনেও। কিন্তু প্ৰশ্ন কৰি ফুৰিছে ইজনে সিজনক।

'এই টাইগাৰটো কি হয়?’- এজনে সুধিছে। 'জানো কিবা হয়!’-আনজনৰ উত্তৰ। 'নতুন টিভি চেনেল নেকি!’-আন এজনৰ মন্তব্য। 'নহয়, চেনেলৰ এডভাৰ্টাইজ নহয় এইটো।’-আন এজনে কৈছে। মুঠৰ ওপৰত ভয় খাব নলগীয়া টাইগাৰক লৈ এতিয়া সকলো উৎসুক। ছ’চিয়েল মিডিয়াতো চৰ্চা হৈছে এই টাইগাৰক লৈ। চৰ্চা হ’লেও টাইগাৰক লৈ কাৰো মনলৈ ভয় ভাৱ অহা নাই।

অৱশ্যে ভয় খাবলগীয়াবোৰে ভয় নোখাৱা নহয়। চৰ্চা অনুসৰি টাইগাৰ অহাৰ খবৰ পাই হেনো 'ডালমিয়া’, 'ষ্টাৰ’, 'টপচেম’ আদিয়ে অলপ-অচৰপ ভয় খাইছে। তাতে আকৌ টাইগাৰটো বাংলাদেশী বুলি জানিব পাৰি ক্ৰোধান্বিত হৈ পৰিছে বহুতেই।

বিশেষকৈ কিছুদিন পূৰ্বে চুবুৰীয়া বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই দিল্লীত ভৰি থৈয়ে এনেদৰে অসমলৈ 'টাইগাৰ’ক পঠিয়াই দিয়াৰ আঁৰত ৰহস্য থাকিব পাৰে বুলিও বহুতে মন্তব্য কৰা দেখা গৈছে।

উল্লেখ্য যে কেইবছৰমান পূৰ্বে অসমলৈ আহিছিল ভূটানৰ 'ড্ৰেগন'। ভূটানৰ এই ড্ৰেগনৰ পিছত এইবাৰ ৰাজ্যৰ চিমেণ্টৰ বজাৰ দখল কৰিবলৈ আগবাঢ়ি আহিছে বাংলাদেশৰ টাইগাৰ। অবৈধ বাংলাদেশী সমস্যাক লৈ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে ভয় খাবলৈ মানা কৰা বাঘটোৰ আগমনক এতিয়া ৰাজ্যবাসীয়ে কিদৰে লয় তাৰ ওপৰতে নিৰ্ভৰ কৰিছে  'টাইগাৰ'ৰ ব্যৱসায়।

টাইগাৰৰ ব্যৱসায় কিমান সফল বা বিফল সেয়া সময়তহে জানিব পৰা যাব যদিও এই বিজ্ঞাপনটোৱে সকলোকে আকৰ্ষিত কৰা দেখা গৈছে। 'ভয় নাখাবা, এতিয়া টাইগাৰ আহি আছে' মহানগৰীৰ অলিয়ে-গলিয়ে বিগত কিছুদিন ধৰি দেখা পোৱা হোৱা বিজ্ঞাপনটোৰ এই শাৰীকেইটাই যুৱ-প্ৰজন্মৰ মাজত লাভ কৰিছে ব্যাপক চৰ্চা আৰু জনপ্ৰিয়তা। অধিকাংশৰে টাইমলাইনত দেখা গৈছে বিজ্ঞাপনটোৰ উক্ত বাক্যাংশ ব্যৱহাৰ কৰি দিয়া আপডেট। বহুতকে ই আমোদো দিয়া পৰিলক্ষিত হৈছে।