নতুন দিল্লীঃ মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ বাজেট দাখিল কৰে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে৷ বাজেটত দাখিল কৰাৰ পূৰ্বে বিত্ত মন্ত্ৰী গৰাকীয়ে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰে৷

এইবাৰ বাজেটৰ নাম সলনি কৰি ‘নিউ ইণ্ডিয়া কা বহি খাতা’ নামেৰে বাজেটৰ নামাকৰণ কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে৷

সদনত বিত্তমন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণৰ প্ৰসংগত কয় যে দেশত ১০০ টা নতুন সেৱা সংগঠন কেন্দ্ৰ, ২০ টাকৈ উদ্যোগিক ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে ২০,০০০ লোকৰ বাবে বিভিন্নধৰণৰ কাম দিয়া হ’ব৷

কৃষি সংৰচনাত নিযুক্তিত বৃদ্ধি কৰিব৷ নতুনকৈ ১০ হাজাৰ কৃষক উৎপাদক সংঘ প্ৰতিষ্ঠা কৰাৰ লগতে অধিক কামক কম খৰচত কৰাৰ লক্ষ্যত উপনীত হৈছে বিত্তমন্ত্ৰীগৰাকী৷