নতুন দিল্লীঃ ২০১৯ বৰ্ষৰ আইচিচি ক্ৰিকেট বিশ্বকাপত ভাৰতে প্ৰথম প্ৰদৰ্শনীৰে সকলোৰে মন জয় কৰে৷ ইতিমধ্যে দুখনকৈ খেলত জয় লাভ কৰে ভাৰতে৷ আনহাতে বৃহস্পতিবাৰে বিয়লি ৩ বজাৰপৰা দুটা শক্তিশালী দলৰ মাজত আৰম্ভ হোৱা খেল চাবলৈ দৰ্শকৰ উৎকন্ঠা দেখা গৈছে৷ 

এই শক্তিশালী দলকেইটা নিউজিলেণ্ড আৰু ভাৰতৰ মাজত হ’ব। দুয়োটা দলে এতিয়ালৈকে এই বিশ্ব কাপত পৰাজিত হোৱা নাই, জয়ী হৈয়ে আহিছে।

যদি বৰষুণে কোনো অসুবিধা নকৰে তেন্তে যিকোনো এটা দলৰ জয়ী নিশ্চিত। ভাৰতীয় দলৰ কেপ্তেইন হৈছে বিৰাট কোহলি লগত আছে মহেন্দ্ৰ সিং ধোনী, ৰোহিত শৰ্মা, কুলদীপ যাদব ইত্যাদি। তাৰ বিপৰীতে নিউজিলেণ্ডৰ কেপ্তেইন হৈছে কেন বিলিয়মচন লগত আছে তাম লাথাম, কলিন মেনৰো ইত্যাদি।

প্ৰাক্তন ক্ৰিকেটাৰ কপিল দেবে কয় যে চিলেক্টৰজনৰ ওপৰত এৰি দিব লাগে। এই খেলখনত ভাৰত সতৰ্ক হ’ব লাগিব কাৰণ শেখৰ ধৱন নাথাকে। আনহাতে ভাৰতৰ দলটোত এতিয়া শক্তিশালী খেলুৱৈ থকাৰ বাবে পৰৱৰ্তী সময়ত খেলখন ৰোমাঞ্চক হোৱাটো নিশ্চিত৷