Error message

Deprecated function: Unparenthesized `a ? b : c ? d : e` is deprecated. Use either `(a ? b : c) ? d : e` or `a ? b : (c ? d : e)` in require_once() (line 17 of /home/nno/web/newsnextone.com/public_html/sites/all/modules/moneysuite/ms_core/ms_core.module).

নগাঁওঃ শনিবাৰে ৰঙালীৰ উৰুকা আৰু কাইলৈ বিহু৷ ডেকা-গাভৰুৰ নাচোনৰ গিৰিপনিত গৃহস্থৰ চোতাল কঁপনি উঠাৰ সময়৷ ঢোলৰ শব্দত গা সাতখন-আঠখন কৰা উৰুকাৰ দিনটোৰ ব্যস্ততাৰ আমেজ কিন্তু গঞাৰাইজৰ বাবে সুকীয়া৷ তৰালী পঘা, মাখিয়তি, দীঘলতীৰ লগতে গৰু বিহুৰ দিনা গৰু নোওৱাৰ হেতু প্ৰয়োজনীয় সামগ্ৰী সংগ্ৰহ কৰোতেই পাৰ হয় উৰুকাৰ দিনটো৷ কাৰণ উৰুকাৰ পিছৰ দিনটোতেই পুৱা সকলোয়ে মিলিজুলি প্ৰথমেই নোৱাব-ধোৱাব গোহালীৰ গৰু৷

লাও, বেঙেনা, কেৰেলা খুৱাই বৰ গৰু হ’বলৈ দমৰা-দামুৰীক আদৰ-সাদৰ কৰি মেলি দিব বাৰিষাৰ বৰষুণত গজালি মেলা ঘাঁহনি পথাৰত৷ কিন্তু কৌতিকলীয়া এই গৰু বিহুৰ পৰম্পৰা পালন কৰিবলৈ যাঁওতে থমকি ৰ’বলগীয়া হৈছে নগাঁৱৰ গঞাৰাইজ৷ কিয়নো প্ৰকৃতিয়ে মাধমাৰ শুধোৱা নগাঁৱৰ গ্ৰামাঞ্চলবোৰত এইবাৰ পাবলৈ কঠিন হৈছে গৰুবিহুৰ আনুষংগিক উপাদান মাখিয়তি আৰু দীঘলতী৷ 

উল্লেখ্য যে,পূৰ্বৰ দিনবোৰত এইবোৰ পৰ্যাপ্ত পৰিমাণে সহজে পোৱা গৈছিল যদিও প্ৰকৃতিৰ অভিশাপত পৰি বৰ্তমান নগঞাৰ গ্ৰামাঞ্চলত এইবোৰ একেবাৰে দুৰ্লভ হৈ পৰিছে৷ ফলত এইবোৰ বিচাৰি হাবাথুৰি খোৱা নগঞাই আন ঠাইৰপৰা পৰম্পৰা ৰক্ষা কৰিবৰ বাবেই অত্যাধিক দাম ভৰি হ’লেও ক্ৰয় কৰিবলৈ বাধ্য হৈছে৷

জানিব পৰা মতে, আজি নগাঁৱৰ বজাৰত সৰু এমুঠি মাখিয়তি ২০-৪০ টকা আৰু দীঘলতী ২৫-৪৫ টকা দামত বিক্ৰী হৈছে৷ ইয়াৰ বিপৰীতে ছাট মাৰিৰ বাবে লাগতিয়াল সামগ্ৰীবোৰ আকাংশলংঘী দামেও গঞাৰাইজক ত্ৰাহি মধুসুদন সোৱঁৰাইছে৷

কাৰণ লাও, বেঙেনা, থেকেৰা, কেৰেলা, হালধি আদিৰ দৰ একাংশ সুবিধাবাদী অসাধু ব্যৱসায়ীয়ে কৃত্ৰিম নাটনিৰ উদ্ভৱ ঘটাই পূৰ্বৰ তুলনাত আজি দুগুণ দৰত বিক্ৰী কৰি মুনাফা লুটা দেখা যায়৷ তৎসত্বেও পুৰণি ৰীতি-নীতি পালনৰ বাবে নিজকে সাজু কৰিছে বিহুবলীয়া নগঞা জনতাই৷