লাভলিনা চেমি ফাইনেলত

অলিম্পিকত পদক লাভ কৰা প্ৰথম অসমীয়া হোৱাৰ গৌৰৱ

টকিঅ' : অসমৰ হৈ প্ৰথমটো অলিম্পিক পদক নিশ্চিত কৰি ইতিহাস ৰচিলে অসম কন্যা লাভলীনা বৰগোহাইয়ে। টকিঅ' অলিম্পিকত পদক নিশ্চিত কৰি লাভলীনাই ছেমিফাইনেলত  প্ৰৱেশ কৰিলে অসমৰ বক্সাৰগৰাকীয়ে।এই খবৰে উৎসাহিত কৰি তোলে অসমবাসীক।উল্লেখযোগ্য যে মীৰা বাঈ চানুৰ পিছত এয়া হব ভাৰতৰ দ্বিতীয় পদক।দুয়োটা পদকেই আহিছে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা।চীনৰ নিয়েন চিন চেনক পৰাস্ত কৰি প্ৰৱেশ কৰে ছেমি ফাইনেলত। ইয়াৰ লগে লগে অলিম্পিকত পদক পোৱা প্ৰথমগৰাকী অসমীয়া হ'ব লাভলীনা।লাভলীনাই প্ৰতিপক্ষৰ খেলুৱৈ গৰাকীক ৪-১ ব্যৱধানত বিপক্ষৰ ধৰাশায়ী কৰে ।

অহা ৪ আগষ্টত ছেমি ফাইনেলত ৰিঙত নামিব লাভলীনা বৰগোহাঁইয়ে। 

অসমৰ বক্সাৰ লাভলীনাই টকিঅ' অলিম্পিকৰ মহিলাৰ ৬৯ কিলোগ্ৰামৰ কোৱাৰ্টাৰ ফাইনেলত চীনা টাইপেইৰ নিয়েন চিন চেনক পৰাস্ত কৰাৰ লগে লগে তেওঁ বক্সিঙত পদক জয় কৰা দেশৰ দ্বিতীয় গৰাকী মহিলা বক্সাৰ হৈ পৰিল। লাভলীনাৰ আগত মেৰী কমে লণ্ডন অলিম্পিকত ব্ৰঞ্জৰ পদক জিকিছিল।