newsnextone.com | গুৱাহাটীঃ তদানীন্তন কংগ্ৰেছ চৰকাৰে ২০১৫ চনত ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ সন্মুখিন হৈ বন্ধ কৰিছিল টোলগে’ট৷ কিন্তু পৰিৱৰ্তনৰ কথা কৈ চৰকাৰ গঠন কৰা বিজেপি চৰকাৰৰ দিনত আকৌ খোল খালে টোলগেট৷ এইবাৰ প্ৰায় কেইবাখনো টোলগে’ট বহুৱাবলৈ চৰকাৰ সাজু আৰু নিতৌ সংগ্ৰহ কৰিব ৰাজপথত টকা৷ এতিয়া আপুনি ঘৰৰ পৰা গাড়ী লৈ ওলালে কমেও দুশ টকা লগত লৈ আহিব লাগিব৷ কিয়নো দেশ তথা ৰাজ্যৰ উন্নয়ণৰ বাবে আপুনি কেইটামান টকা ৰাজ পথত দি দি যাব লাগিব ৰাজভড়াল টনকীয়াল হ’বৰ বাবে৷ জিএছটি নোট বন্দীয়ে আপোনাক মাধমাৰ যদি শোধোৱা নাই তেন্তে আপুনি দেশৰ প্ৰগতিৰ বাবে টকা দিবলৈ কুণ্ঠাবোধ নকৰিব৷

ৰাজ্যৰ উজনি-নামনিৰ ৰাষ্ট্ৰীয় ঘাইপথ কেন্দ্ৰীয় চৰকাৰে ৰাজ ভড়ালৰ টকাৰে নিৰ্মাণ কৰি দিয়াৰ ফলত আপুনি মই শান্তিৰে গাড়ী চলাব পাৰিছোঁ৷ তাৰ বাবদ কেইটামান টকা দেশৰ প্ৰগতিৰ বাবে দিলে আপোনাৰ একো ক্ষতি নহ’য়৷ নামনিৰ ঘাই পথত চেপা পাতিব NHAI-এ৷ টোলগে’ট স্থাপন কৰি ৰাজহ সংগ্ৰহ কৰাৰ বাবে চৰকাৰ সাজু হৈছে৷ ৰাজ্য চৰকাৰৰ সংকেত লাভ কৰাৰ পিছতে প্ৰথমটো টোলগে’ট খোলে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে৷

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ ৰাষ্ট্ৰীয় ঘাইপথত ৬০-৭০ কিঃ মিটাৰৰ মুৰে মুৰে টোলগেট বহুৱাবলৈ সাজু হৈছে বুলি জানিব পৰা গৈছে৷ টোলগে’ট স্থাপন নোহোৱাৰ বাবে ৰাজ্যৰ উন্নয়ন নোহোৱা বুলি ধৰি লোৱা হৈছে বুলি ভাবিয়ে নগাঁও জিলাৰ ৰহাস্থিত টোলগে’ট খোল খালে৷ NHAI-এ ৰাজ্যৰ ৬৪৯ কিঃ মিঃ পথ সাঙুৰি ল’ব টোলেগে’টৰ বাবে৷ 

কিন্তু উজনিৰ পৰা নামনিলৈ কোনটো ৰাষ্ট্ৰীয় ঘাই পথ সম্পূৰ্ণ কৈ নিৰ্মাণ কৰিছে সেয়াহে চিন্তাৰ বিষয়৷ গাতৰ বাবে ৰাজ পথত গাড়ী-মটৰ চলাবৰ বাবে পৰিবেশ নোহোৱা হৈছে৷ স্মৰ্তব্য যে, ইয়াৰ পুৰ্বে চিৰাং জিলাৰ সমীপত আৰু নগাঁৱৰ ৰহাত টোলগেট বহুৱাইছিল যদিও কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে কেবাটাও সংগঠনৰ তীব্ৰ প্ৰতিবাদত বন্ধ কৰিবলৈ বাধ্য হৈছিল৷

নামনি অসমৰ চিৰাং জিলাত ধলাপৰাস্থিত ৩১নং ৰাষ্ট্ৰীয় ঘাই পথত বহুওৱা টোলগেট একাংশ লোকে ২০১৫ চনৰ ১৭ মে’ত অগ্নি সংযোগ কৰিছিল৷ মুম্বাইৰ ব্যক্তিগত খণ্ডৰ ইণ্ডাৰদ্বীপ কষ্ট্ৰট্ৰাকছনে লাভ কৰা টোলগেট’ত স্থানীয় একাংশ লোকে অগ্নিকাণ্ড সংঘটিত কৰাৰ লগতে ২৫টা কম্পিউটাৰ আৰু ৩৫টা চিচিটিভি ভাঙি পেলাইছিল৷ উক্ত সময়ত অখিল গগৈয়ে টোলগেট’ৰ বিৰুদ্ধে সক্ৰিয় হৈ পৰিছিল৷ 

উল্লেখ্য যে, যোৱা ১২ জুলাইৰ পৰা মধ্য অসমত আৰম্ভ হৈছে ৰাজপথত কৰ লৈ ৰাজকোষ টনকীয়াল কৰাৰ অভিযান৷ ৰাজ্যৰ প্ৰায় কেইটা ঘাইপথত গাড়ী-মটৰ চলাব পৰা অৱস্থা নাই যদিও ৰাইজৰ পৰা কৰ লোৱাৰ অভিযান আৰম্ভ কৰিলে চৰকাৰ তথা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে৷

দৰিদ্ৰৰ তেজ শুহি খোৱা এই টোলগে’ট ব্যৱস্থা অসমৰ বাবে কিমান যুক্তিসন্মত সেয়া বিবেচনা কৰাৰ আহৰি নোহোৱাৰ সময়তে দেশ তথা ৰাজ্যৰ চৰকাৰে টোলগেট বহুওৱাৰ অনুমতি প্ৰদান কৰে৷ বছৰৰ ৬ মাহ বান পানীত ককবকাই থকা, গৰাখহনীয়াত ক্ষতিগ্ৰস্ত লোকে আজিও সাধাৰণ টম্বুৰ তলত থাকিব লগা অৱস্থা হোৱাত সাধাৰণ লোকে কেনেদৰে ৰাজপথত কৰ দিব সেয়াই এক চিন্তাৰ বিষয়৷ 

আনহাতে ৰাজপথত আহোতে যাওতে প্ৰতিখন গাড়ীয়ে কৰ দিব লাগিলে বিভিন্ন ধৰণে হেঁচা পৰে ব্যৱসায় বাণিজ্যত৷ ব্যৱসায়ীয়ে সেই টকা সৰ্বসাধাৰণৰ পৰা উলিয়াই ল’ব লগা হোৱাৰ ফলত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিব লগা হয়৷ 

যিয়ে নহওক দেশৰ চৰকাৰে ৰাজপথ নিৰ্মাণৰ নামত খৰছ কৰা কোটি কোটি টকা ৰাইজৰ পৰা কৰ হিচাপে আদায় কৰিবৰ বাবে টোলগে’ট বহুৱাই৷ যদিও অসমৰ প্ৰায় কেইটা ৰাষ্ট্ৰীয় ঘাইপথেই জৰাজীৰ্ণ তাৰ পিছতোঁ বৃহস্পতিবাৰে পুনৰ প্ৰথমটো ৰাজপথত কৰ লোৱা ব্যৱস্থা আৰম্ভ কৰিলে চৰকাৰে৷

নগাঁও জিলাৰ ৰহাত মুম্বাইৰ ইণ্ডাৰদ্বীপ কষ্ট্ৰট্ৰাকছনে ১২ জুলাইৰ পুৱাৰে পৰা পুনৰ টোলগে’ট আৰম্ভ কৰে। জানিব পাৰ মতে, এবাৰ পাৰ হলে প্ৰতিখন চাৰিচকীয়া বাহনে ১৫০ টকা আদায় দিব লাগিব৷ প্ৰতিখন বাণিজ্যিক ট্ৰাক-বাছে প্ৰতিবাৰে আদায় দিব লাগিব ৫০০ টকাকৈ। ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণ নোহোৱাকৈ টোলগে’ট মুকলি কৰা হয় আৰু ৰহাৰ টোলগে’ট মুকলি নকৰিবলৈ বিভিন্ন দল-সংগঠনে দাবী জনাই অহাৰ পিছতোঁ ৰাইজৰ দাবীক অমান্য কৰি টোলগে’ট আৰম্ভ কৰে চৰকাৰে৷

ইতিমধ্যে তেজ দি হলেও টোলগে’ট বন্ধ কৰাৰ হুংকাৰ দিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷ অসমত কোনো কাৰণত টোলগে’ট বহুৱাব দিয়া নহ’ব বুলি কৈ আহিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷ চৰকাৰে পূৰ্বৰ সকলো টোলগে’ট সক্ৰিয় কৰাৰ মুঠতে টোলগে’ট বহুৱাই ৰাইজৰ পৰা ৰাজহ সংগ্ৰহ কৰাৰ বাবে তৎপৰ হৈ পৰিছে চৰকাৰ৷