গোৰেশ্বৰ: বাগসা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মহৰিপাৰা অঞ্চলৰ পুখুৰীপাৰ গাঁৱৰ ঐতিহাসিক ৰণিয়া পুখুৰী। ইতিহাস প্ৰসিদ্ধ গোহাঁই কমল আলিৰ পৰা মাথো ৩ কিলোমিটাৰ দক্ষিণে থকা গাওঁখন এটা সময়ত ঘন জংঘলেৰে আবৰা আছিল।

অঞ্চলটোলৈ ব্যৱসায় বাণিজ্যৰ বাবে সোঁত বৈছিল চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা। কালক্ৰমত ভূটীয়াসকলে ব্যৱসায় চলোৱাৰ লগতে অবাধ স্বেচ্ছাচাৰ চলাবলৈ আৰম্ভ কৰে ।প্ৰায় ১৩ শ শতিকাত সেইসময়ৰ কমতাপুৰৰ ৰজাৰ আমোলত এই সকল ভূটীয়াক নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে সৈন্য-সামন্ত নিয়োগ কৰাৰ লগতে সৈন্যসকলৰ পানীৰ ব্যৱস্থাৰ বাবে এটা প্ৰকাণ্ড পুখুৰী খন্দাইছিল। ৰণ দিয়াৰ উদ্দেশ্যে খন্দোৱাৰ বাবে পুখুৰীৰ নামাকৰণ ৰণিয়া পুখুৰী বা ৰণুৱা পুখুৰী বা ৰইনা পুখুৰী কৰা হয় বুলি জনা যায়।  আকৌ বহুতৰ মতে গোহাঁই কমল আলি নিৰ্মাণৰ সময়ত ৰজা নৰনাৰায়ণ দিনত শ্ৰমিক সকলৰ খোৱাপানীৰ সমস্যা দূৰ কৰাৰ বাবে খন্দোৱা হৈছিল বুলি জনৰৱ আছে। সি যি নহওঁক ৰণিয়া পুখুৰীৰ আছে এক ঐতিহাসিক গুৰুত্ব।
  
বাগসা জিলাৰ মহৰিপাৰাৰ পুখুৰীপাৰ ৰাজহ গাওঁত অৱস্থিত ৰণিয়া পুখুৰী কেৱল জিলাখনৰে নহয় সমগ্ৰ ৰাজ্যৰে এক ঐতিহাসিক সম্পদ হিচাপে পৰিগণিত হৈছে ।  মুঠ  ৩৭ বিঘা মাটিকালিৰ আয়তনৰ এই পুখুৰী টোক লৈ প্ৰচলিত আছে কেবাটাও লোকবিশ্বাস আৰু জনশ্ৰুতি। বিশাল পুখুৰীটোৰ সৈতে স্থানীয় লোকে দ্ৱ দেৱতাৰ সম্পৰ্ক থকা বুলি বিশ্বাস কৰে। বড়ো জনগোষ্ঠীৰ লোকসকলে আজিও ব'হাগৰ পূৰ্ণিমা তিথিত পুখুৰীৰ দক্ষিণ পূব কোণত থকা সৰু থান খনত ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাৰে পূজা আগবঢ়াই। ১৯৭৫ চন মানলৈ ওচৰৰ এঘৰত এখন ডাঙৰ কোৰ সংৰক্ষিত হৈ থকাৰ তথ্য পোৱা যায়। যিখন কোৰৰ আকাৰ এখন দুৱাৰৰ সমান আছিল। ৰইনা পুখুৰী খন্দোৱাৰ কামত সেইখন ব্যৱহাৰ কৰা হৈছিল বুলি প্ৰমাণ পোৱা যায়। অৱশ্যে সংৰক্ষণ অভাৱতে সেই সম্পদবিধ হেৰাই থাকে। ৰজাদিনীয়া কলহ, অন্য বাচন-বৰ্তন আদি ৰণিয়া পুখুৰীৰ পৰা উদ্ধাৰ কৰা হৈছে। এই সম্পদসমূহ কিন্তু সংৰক্ষণৰ উচিত ব্যৱস্থা আজিলৈ নহ'ল।

পুখুৰীৰ বহল পৰিসৰ আৰু ইয়াৰ দৃষ্টি নন্দন দৃশ্যৰাজিয়ে সততে পৰ্যটকক আকৰ্ষিত কৰে। পুখুৰীটোক লৈ পৰ্যটনৰ এক সুবিধা আছে যদিও আজিকোপতি চৰকাৰী পক্ষৰ পৰা কেনো ব্যৱস্থা কৰা নহ'ল। অতি পৰিকল্পিত ভাৱে খন্দোৱা ৰণিয়া পুখুৰীৰ চাৰিওটা পাৰ বিশেষ ইটাৰে পকী কৰি বন্ধোৱা হৈছিল। পাৰ সমূহ খান্দিলে আজিও এনে ইটা উদ্ধাৰ কৰা যায় যিসমূহ শিৱসাগৰৰ ৰংঘৰ, কাৰেংঘৰৰ লগত সাদৃশ্য দেখা যায়। পুখুৰীটোক পৰ্যটন স্থলী হিচাপে গঢ়ি তুলিলে ই হৈ পৰিব এক আপুৰুগীয়া সম্পদ।