প্ৰতিকী ফটো

শিৱসাগৰঃ শিৱসাগৰৰ নাট্যমন্দিৰত অহা ৯ জুলাইত সদৌ অসম ভিত্তিত প্ৰাইজমনি সত্ৰীয়া নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ ভাস্কৰজ্যোতি সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত শিৱসাগৰত ৯ জুলাইত অনুষ্ঠিত হ’বলগীয়া সংগীতম এক নৃত্য মহোৎসৱৰ লগত সংগতি ৰাখি সত্ৰীয়া নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

পূৱা ৯বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া সংগীতম এক নৃত্য মহোৎসৱ উদ্বোধন কৰিব শিক্ষাবিদ ড০ নিৰুপমা মহন্ত অাৰু বিশিষ্ট সাংস্কৃতিক কৰ্মী তিলেশ্বৰ তামুলী বৰবায়নে৷ অাৰু ৯.৩০ বজাৰ পৰা অনুষ্ঠিত হব সদৌ অসম ভিত্তিত সত্ৰীয়া নৃত্য প্ৰতিযোগিতা।

সন্ধিয়া ৬-৩০ বজাত অনুষ্ঠিত হ’ব লগা বঁটা বিতৰণী অাৰু সাংস্কৃতিক অনুষ্ঠানত পদ্মশ্ৰী যতীন গোস্বামী, জিলা উপায়ুক্ত নাৰায়ণ কোঁৱৰ, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰাণ শ্বাহ, বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়া, বিশিষ্ট শিক্ষাবিদ তথা সমাজসেৱিকা দিপালী চলিহা, সংগীত নাটক একাডেমীৰ ৰাজু দাস উপস্থিত থাকিব।

উক্ত সাংস্কৃতিক অনুষ্ঠানত গুৱাহাটী বিশিষ্ট কথক নৃত্যশিল্পী ৰূপা দাসৰ নৃত্য প্ৰদৰ্শন, ডিগবৈ লুইত শিল্পী সমাজ দ্বাৰা সাংস্কৃতিক নৃত্য প্ৰদৰ্শন কৰাৰ লগতে শিৱসাগৰৰ নৃত্য বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে নৃত্য প্ৰদৰ্শন কৰিব। দুটা শাখাত অনুষ্ঠিত হ'ব লগা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ প্ৰতিযোগীয়ে ৯৭০৭৭১২৭৩৯, ৮৭২৪৯৪৬৬০৭ নম্বৰত যোগাযোগ কৰিব পাৰিব৷