নতুন দিল্লীঃ চলিত বৰ্ষৰ ৩১ মাৰ্চৰ পিছত জিঅ’ই দিব নোৱাৰিবও পাৰে হেপি নিউ ইয়েৰ অফাৰ। এই অফাৰ পুনৰীক্ষণৰ বাবে টেলিকম ৰেগুলেটৰী অথৰিটি অব ইণ্ডিয়া চমুকৈ ট্ৰাইক পুনৰীক্ষণৰ নিৰ্দেশ দিছে দেশৰ টেলিকম ট্ৰিবিউনেলে৷

আজি এক বিবৃতি যোগে এই কথা সদৰী কৰে ট্ৰিবিউনেলে। লগতে দুই সপ্তাহৰ ভিতৰত জিঅ'ৰ হেপ্পী নিউ ইয়েৰ অফাৰ আৰু টেলিকম কোম্পানীৰ প্ৰতিবেদন ট্রাইৰ হাতত জমা দিবলৈ নিৰ্দেশ দিয়ে।

জিঅ'ই প্ৰকৃততে কিধৰণৰ অফাৰ আগবঢ়াব বিচাৰিছে সেই বিষয়ে বিশদ বিৱৰণৰে ট্ৰাইৰ পৰা তথ্য বিচাৰিছিল ট্ৰিবিউনেলে। এয়াৰটেল আৰু আইডিয়াৰ অভিযোগৰ ভিত্তিত জিঅ'ৰ উক্ত অফাৰ প্ৰকৃততে ৰেগুলাৰ বেচ নে স্পেচিয়েল টেৰিফ ভাউচ্চাৰ সেই কথা স্পষ্ট কৰিবলৈ নিৰ্দেশ দিছিল। 

কিন্তু জিঅ'ই এই নিৰ্দেশক অগ্ৰাহ্য কৰি দাখিল কৰা নাছিল কোনো প্ৰতিবেদন। এনে পৰিপ্ৰেক্ষিততে টেলিকম ট্ৰিবিউনেলে জিঅ' সন্দৰ্ভত সবিশেষ তথ্য বিচাৰি ট্ৰাইক পুনৰীক্ষণৰ নিৰ্দেশ প্ৰদান কৰে।