আগৰতলাঃ কোনোধৰণৰ নতুন কৰৰ প্ৰস্তাৱ নোলোৱাকৈ আৰু প্ৰচলিত কৰৰ বঢ়া-টুটা নকৰাকৈ সোমবাৰে ২০১৭-১৮ বৰ্ষৰ বাবে সদনত বাজেট উত্থাাপন কৰে ত্ৰিপুৰাৰ বিত্তমন্ত্ৰী ভানুলাল চাহাই।

মাহজোৰা বাজেট অধিবেশনৰ অন্তত ১৯৮ কোটি টকাৰ ঘাটি বাজেটখন উত্থাপন কৰি চাহাই কয় যে অনুন্নয়নমূলক দিশত কৰা ব্যয় সংকোচন, সম্পদৰ উৎকৰ্ষ সাধন, কৰ সংগ্ৰহ অধিক কটকটীয়া কৰি আৰু মিতব্যয়িতাৰে ঘাটি পুৰোৱাৰ পৰিকল্পনা হাতত লোৱা হ’ব। 

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা আৰু পেঞ্চনৰ ৰাশি বৃদ্ধিৰ দাবীৰ প্ৰতি সঁহাৰি জনাই বাজেটত ৬০০ কোটি টকাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে বাজেটত। 

১৫৯৫৬.৫৬ কোটি টকাৰ ঘাটি বাজেটখন শিক্ষা খণ্ডত বাজেটত ২১.২৩%, গড়কাপ্তনি বিভাগত ১১.৫১%, গ্ৰামোন্নয়নত ৯.৯৬% কৃষিখণ্ডত ৫.৩৭% আৰু স্বাস্থ্যখণ্ডত ৪.৮৫% ব্যয়ৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে।

বাজেট উত্থাপনৰ ভাষণত উত্তৰ-পূৰ্বাঞ্চলৰ আন্তগাঁথনিৰ বিকাশৰ বাবে কেন্দ্ৰীয় বাজেটত অতিৰিক্ত কোনো পুঁজি নিদিয়াৰ কথা উল্লেখ কৰি চাহাই পুঁজি যোগানৰ কেন্দ্ৰ চৰকাৰক আহ্বান জনায়। শিক্ষা, স্বাস্থ্য, গ্ৰাম্য পৰিবহন আদি দিশত উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যকেই বিশেষ কেন্দ্ৰীয় পুঁজিৰ প্ৰয়োজনৰ কথাও দোহাৰে বিত্তমন্ত্ৰীগৰাকীয়ে।