ডিজিটেল ডেস্কঃ মুছলিম যুৱকৰ সৈতে ৰেষ্টুৰেন্টত বহি চৰ শালে এগৰাকী যুৱতীয়ে৷ ৰেষ্টুৰেন্টত বহি কথা পাতি থাকোতেই এগৰাকী মহিলাই চৰ শোধালে যুৱতীগৰাকীক৷ এই ঘটনা সংঘটিত হৈছে মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ ৰাজ্য উত্তৰ প্ৰদেশত৷

এগৰাকী মুছলিম যুৱকৰ সৈতে বহি থকাৰ সময়তে হিন্দু যুৱতীগৰাকীক কানতলীয়া চৰ শোধালে এগৰাকী বিজেপি নেত্ৰীয়ে৷ যুৱতীগৰাকীক অশ্লীল ভাষাৰে গালি-গালাজ কৰাৰ লগতে কানতলীয়া চৰ মৰা কাৰ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে যোগীৰ ৰাজ্য উত্তৰ প্ৰদেশত৷ ৰাজ্য খনৰ আলিগড়ৰ হিন্দুত্ববাদী নেত্ৰী হিচাপে জনাজাত সংগীতা ভাৰ্চনে যুৱতীগৰাকীক শাৰিৰীক ভাবে অপদস্থ কৰাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছছিয়েল মিডিয়াত৷

এখন ৰেষ্টুৰেন্টত বন্ধু গৰাকীৰ সৈতে চাহ খাই থকা অৱস্থাতে নেত্ৰীগৰাকীয়ে প্ৰৱেশ কৰি চৰ মাৰে যুৱতীৰ গালত৷ এই ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পিছতে বিজেপিৰ আলিগড় মহিলা শাখাৰ সভানেত্ৰী সংগীতাক আটক কৰাৰ দাবী উত্থাপন কৰিছে একাংশ লোকে৷

একাংশ লোকে দেশৰ হিন্দু-মুছলমানৰ একতা বিনষ্ট কৰাৰ অভিযোগ উত্থাপন কৰিছে বিজেপিৰ বিৰুদ্ধে৷ লাভ জিহাদ নাম দি কেৱল যোগীৰ ৰাজ্যতে নহয় সমগ্ৰ দেশত এতিয়া বিজেপিয়ে এনে কাণ্ড সংঘটিত কৰি ৰাজনৈতিক লাভালাভ লোৱাৰ চেষ্টা কৰা বুলি কৈ বিজেপিৰ দুই নেতা মোক্তাৰ আব্বাছ নাকভি আৰু শ্বাহ নাৱাজ হুছেইনে হিন্দু যুৱতীক বিয়া কৰাইছে এই সন্দৰ্ভত বিজেপি কিয় নিমাত বুলি প্ৰশ্ন কৰে একাংশ লোকে৷