ডিজিটেল ডেস্কঃ চীনৰ সহায়ত উত্তৰ কোৰিয়াক নিঃশেষ কৰিব আমেৰিকা যুক্তৰাষ্ট্ৰই৷ অবিশ্বাস্য হ’লেও এই মন্তব্য কৰিছে স্বয়ং মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে৷ ৰাষ্ট্ৰপতি কাৰ্যকালৰ প্ৰথম এশটা দিন উপলক্ষে তিনিজন সাংবাদিকক দিয়া এক বিশেষ সাক্ষাৎকাৰৰ সময়ত ট্ৰাম্পে এই মন্তব্য কৰি কয় যে  চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ পৰা উত্তৰ কোৰিয়া বিৰোধী যুঁজত ইতিবাচক সঁহাৰি লাভ কৰিব বুলি তেওঁৰ দৃঢ় বিশ্বাস আছে৷

লক্ষ্যণীয় যে ইতিমধ্য উত্তৰ কোৰিয়াৰ বিৰুদ্ধে যুদ্ধৰ প্ৰস্ততি তুংগত তুলি মাৰ্কিন প্ৰশাসনে প্ৰেৰণ কৰা যুঁজাৰু বিমান আৰু অস্ত্ৰ-শস্ত্ৰবাহী নৌ-বহে কোৰিয়াৰ জলভাগত প্ৰৱেশ কৰিছে৷ কিন্তু তালৈ মুঠেই ভ্ৰক্ষেপ নকৰি উত্তৰ কোৰিয়াই পুনৰ ক্ষেপণাস্ত্ৰ পৰীক্ষা কৰিছে৷

এইক্ষেত্ৰত কিম জং-আনক চীনে সমৰ্থন জনোৱা বুলি চৰ্চিত হৈ আছে৷ তেনে এক সময়তে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে কৰা এই মন্তব্য তাৎপৰ্যপূৰ্ণ হৈ পৰিছে৷ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সৈতে চীনৰ বৈৰীতা বহু বছৰ পুৰণি৷ ৰাষ্ট্ৰপতিত্বৰ অন্তিম সময়ত বাৰাক অ’বামাই জি-২০ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্য চীনলৈ যোৱাৰ সময়ত দেশখনৰ বিমানকোঠত অতি অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হয়৷

চীনৰ শীৰ্ষ চৰকাৰী বিষয়াই ‘এইখন আমাৰ দেশ’ বুলি চিঞৰি অতিথি ৰাষ্ট্ৰপতিজনৰ প্ৰতি চৰম অসৌজন্য প্ৰদৰ্শন কৰাই নহয়, অ’বামাক বিমানৰ পৰা নামিবলৈও চীনৰ বিমানকোঠৰ কৰ্মচাৰীয়ে চিৰিৰ ব্যৱস্থা কৰা নাছিল৷ গতিকে ট্ৰাম্পে উত্তৰ কোৰিয়াৰ বিৰুদ্ধে যুঁজত চীনৰ সহায় লাভৰ আশা কৰাতো অবান্তৰ বুলি আন্তঃজাতিক বিশ্লেষকে মন্তব্য কৰিবলৈ লৈছে৷