পেৰিছঃ ফ্ৰান্সৰ আৰ্ক ডি ট্ৰিয়ম্ফত আয়োজিত এক আন্তৰ্জাতিক আনুষ্ঠানত আমেৰিকা-ৰাছিয়াকে ধৰি কেইবাখনো দেশৰ মুৰব্বীসকল আহি উপস্থিত হৈছিল। সমগ্ৰ অঞ্চলটোত নিৰাপত্তাৰক্ষীৰ গিজগিজনি। তাৰ মাজতে ঘটিল অঘটনটো।

অভ্যাগত শীৰ্ষ মুৰব্বীসকলক অভিনন্দন জনোৱাৰ পৰ্ব চলি থকাৰ সময়তে যোৱা দেওবাৰে অৰ্ধনগ্ন এগৰাকী মহিলাই নিৰাপত্তাৰক্ষীৰ বেহু ভেদ কৰি মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নিচেই কাষ পালেগৈ। শৰীৰৰ নিম্নাংশত জিনছ পৰিহিত কিন্তু উৰ্ধাংশ সম্পূৰ্ণ উন্মোক্ত মহিলাগৰাকীয়ে হাতৰ আঙুলিৰে 'ভিকট্ৰি’ চিন দেখুৱাই চিঞৰিছে 'ভুৱা শান্তি আনোতা’ (Fake Peacemaker)৷

পেৰিছৰ বৰ্ষাসিক্ত পথেৰে দৌৰি অহা প্ৰতিবাদকাৰীগৰাকীৰ খোলা চুলি পিঠিত পৰি ৰৈছিল আৰু শৰীৰত লিখি লৈছিল প্ৰতিবাদী শ্ল’গান৷

এই প্ৰতিবাদৰ দায়িত্ব স্বীকাৰ কৰি ফেমিনিষ্ট গোট ‘ফেমেন’-এ কয় যে বিশ্বত সংঘটিত হোৱা যুদ্ধসমূহৰ বাবে দায়ী বিশ্ব নেতাসকলৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ কৰি যাব৷

অৰ্ধউলংগ প্ৰতিবাদকাৰীগৰাকীক নিৰাপত্তাৰক্ষীয়ে কৰায়ত্ত কৰি সেই স্থানৰপৰা আঁতৰাই নিয়ে৷ অৱশ্যে এনে কৰোতে তেওঁলোকে জোতা-পুতা খাই পৰি যোৱাও দেখা যায়৷