ইণ্ডোনেছিয়াত ভূমিকম্পৰ পাছত  প্ৰৱল ছুনামী, ১৬৮ লোক নিহত, আহত ৬০০ জন

ইণ্ডোনেছিয়াঃ যোৱা শুকুৰবাৰে আগ্নেয়গিৰীৰ উদ্গীৰণৰ ফলত ৭.৫  ৰিখটাৰ স্কেল প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি গৈছিল ইণ্ডোনেছিয়াৰ ছুলাৱেছী দ্বীপৰ নিকটৱৰ্তী অঞ্চলসমূহক। ইয়াৰ পাছতেই ভুতৰ ওপৰত দানহ পৰাদি যোৱা শনিবাৰে ৯.৩০ বজাত প্ৰায় ২০ ফুট উচ্চতাৰ ছুনামীৰ সৃষ্টি হোৱাত প্ৰায় ১৬৪ জন লোক নিহত হয় আৰু প্ৰায় ৬০০ জনতকৈও অধিক লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে৷

জানিব পৰা মতে ইণ্ডোনেছিয়াৰ পালু চহৰৰ ছুলাৱেছী দ্বীপত সৃ্ষ্টি হোৱা আগ্নেয়গিৰী উদ্গীৰণৰ পাছতেই সমুদ্ৰৰ গভীৰতাত ভূমিস্থখলন হোৱাত সমুদ্ৰৰ ঢৌৰ গতি সলনি হ’বলৈ ধৰে আৰু সাগৰৰ পানীয়ে অৱশেষত ছুনামীৰ সৃষ্টি কৰি ছুলাৱেছী দ্বীপৰ অঞ্চলসমূহৰ ঘৰ-বাৰী,পথ, বাহন নষ্ট কৰে৷

এই ঘটনাত মৃতকৰ সংখ্যা অধিক বৃদ্ধি হোৱাৰ আশংকাৰ লগতে কেইবাজনোলোক বৰ্তমানেও সন্ধানহীন বুলি ইণ্ডোনেছিয়াৰ দুৰ্যোগ প্ৰশমন বিভাগৰ প্ৰৱক্তা ছুতোপো পূৰ্বো নুগ্ৰোহোয়ে সংবাদ মাধ্যমত জানিবলৈ দিয়ে৷ আনহাতে, ইণ্ডোনেছিয়াৰ জিয়’লজিকেল এজেন্সীৰ দলে ছুনামী সৃষ্টি হোৱাৰ সন্দৰ্ভত অধ্যয়ন কৰাত ব্যস্ত হৈ হোৱাৰ লগতে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে৷