মুম্বাইঃ মহাৰাষ্ট্ৰত অব্যাহত আছে কৰ’না ভাইৰাছৰ সংহাৰ ৰূপ। ইয়াৰ মাজতে ৰাজ্যখনৰ চাংগলী অঞ্চলত এটা পৰিয়ালৰেই ১২জনকৈ সদস্য এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে৷ 

উল্লেখ্য যে ৰাজ্যখনৰ এই অঞ্চলটোত ইতিমধ্যে ১১ জনকৈ লোক এই মহামাৰীত আক্ৰান্ত হৈছে৷ নতুনকৈ আক্ৰান্ত হোৱা ১২ গৰাকীক লৈ বৰ্তমান ৰাজ্যখনৰ চাংগলীত মুঠ কৰ’না আক্ৰন্তৰ সংখ্যা ২৩জনলৈ বৃদ্ধি পালে৷ চাংগলী জিলাখনৰ উপায়ুক্ত ডাঃ অভিজিতে স্থানীয় সংবাদ মাধ্যমক জনোৱা মতে একেটা পৰিয়ালৰ লগত সম্পৰ্ক ৰক্ষা কৰা ৪৭ গৰাকী লোকক আগতেই কৰ’না পজিটিভ বুলি চিনাক্তকৰণ কৰি কোৱান্টাৰাইন প্ৰক্ৰিয়াত ৰখা হৈছে৷ 

কেন্দ্ৰীয় চৰকাৰৰ গাইডলাইন অনুসৰি পৰিয়ালটোৰ সদস্যসকলৰ স্বাস্থ্য পৰীক্ষা কৰোৱাত এই ১২ গৰাকী লোক কৰ’না পজিটিভ বুলি ধৰা পৰে। বৰ্তমান আটাইকেইগৰাকীকে চিকিৎসা প্ৰদান কৰি থকা হৈছে৷ 

জানিব পৰা মতে, চাংগলী জিলাৰ ইছলামপুৰ অঞ্চলৰ এই পৰিয়ালটোৰ কেইজনমান সদস্যই অলপতে হজযাত্ৰা কৰি উভতি আহিছিল৷ সেইসকলৰ ভিতৰত ৪ গৰাকী সদস্যৰ গাত কৰ’নাৰ সংক্ৰমণ ধৰা পৰিছিল আৰু বাকীসকলকো লগে লগে তৎপৰতাৰে বিচাৰি উলিয়াই কোৱাৰেন্টাইন কৰা হৈছিল৷

মনকৰিবলগীয়া যে দেশত কৰ’না ভাইৰাছ মহামাৰী অতি তীব্ৰ গতিত বাঢ়িবলৈ ধৰিছে৷ এই বাতৰি লিখাৰ সময়লৈকে ভাইৰাছবিধত আক্ৰান্তৰ সংখ্যাই ৮০০ৰ সীমা অতিক্ৰম কৰা বুলি জানিব পৰা গৈছে। ইয়াৰে ২০ জনৰেই ইতিমধ্যে মৃত্যু হৈছে আৰু ৬৭জন লোক আৰোগ্য হৈ ঘৰলৈ উভতিছে।