গুৱাহাটী/কোকৰাঝাৰ/গোৱালপাৰাঃ ৰাজ্যত মঙলবাৰৰ দিনটোত এদিনতে ধৰা পৰিল দুটা কৰ'না পজিটিভৰ ঘটনা। ইয়াৰ এটা গোৱলপাৰাৰ আৰু আনটো কোকৰাঝাৰৰ। আজিৰ এই নতুন পজটিভ দুটাৰ পিছত ৰাজ্যত বৰ্তমান কৰ'নাত আক্ৰান্তৰ সংখ্যা হ'লগৈ ৪৪ জন। কোকৰাঝাৰৰ আক্ৰান্তজন পশ্চিমবংগৰ কোচবিহাৰৰ পৰা অহা বুলি টুইটযোগে জনাইছে স্বাস্থ্যমন্ত্ৰীয়ে।

লকডাউন শিথিল হৈ পৰাৰ এদিন পিছতে এনেকৈ একেদিনাই দুজনকৈ লোকৰ দেহত পজিটিভ ধৰা পৰাত উদ্বিগ্ন হৈ পৰিছে ৩৩ খন জিলাৰ ৩০ খনেই গ্ৰীণ জ'নৰ অন্তৰ্গত হ'বলৈ সমৰ্থ হোৱা অসমৰ সৰ্বসাধাৰাণ। লকডাউনৰ শিথিলতাৰ ফলত সামাজিক দূৰত্বৰ কথা একপ্ৰকাৰ পাহৰি যোৱা লোকসকলেও ১৪ দিন কোৱাৰেণ্টাইনত থকাৰ পিছত আৰু ট্ৰেভেল হিষ্টৰী নথকা লোকৰ দেহত পজিটিভ ধৰা পৰাৰ খবৰ পাই ভিতৰি ভিতৰি আতংকিত হৈ পৰিছে।

ঘৰলৈ যাবলৈ উদ্বাউল হৈ থাকোতেই পালে সেই খবৰ...

কোকৰাঝাৰ জিলাৰ আমাৰ প্ৰতিনিধিয়ে জনোৱা মতে, আজি নিশাৰ ভাগত পজিটিভ ধৰা পৰা লোকজন হৈছে গোঁসাইগাঁও মহকুমাৰ কচুগাঁও থানাৰ অন্তৰ্গত পলাশগুৰী গাঁও নিৱাসী তথা বৰ্তমানে বল্লমগুৰী আইটি কেম্পাচত কোৱাৰেইণ্টাইনত থকা আছান আলি শ্বেখ (১৮)। কোকৰাঝাৰ জিলা স্বাস্থ্য বিভাগৰ সূত্ৰ অনুসৰি ক'ভিড-১৯ ত আক্ৰান্ত হোৱা আছান আলি শ্বেখ (১৮) পশ্চিমবংগত শ্ৰমিক হিচাপে নিয়োজিত হৈ আছিল আৰু লকডাউনৰ সময়তে ঘৰলৈ উভতি অহাত প্ৰশাসনে তেওঁক যোৱা ১৪ এপ্ৰিলৰ পৰা বল্লমগুৰী আইটি কেম্পাচৰ কোৱাৰেইণ্টাইনত ৰাখিছিল।

"স্ক্ৰিণিং টেষ্টত পজিটিভ বুলি ফলাফল বাহিৰ হোৱাৰ পিছতে কালি নিশা স্বাস্থ্য বিভাগৰ জৰুৰী নিৰ্দেশ মৰ্মে নিশাই আছান আলি শ্বেখৰ লগতে আন দুজনৰ চেম্পল সংগ্ৰহ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। আজি আছান আলি শ্বেখ কৰ'নাত আক্ৰান্ত বুলি ফলাফল বাহিৰ হোৱাৰ পিছতে কোৱাৰেইণ্টাইন চেণ্টাৰত একেলগে থকা আন ব্যাক্তিসকলৰ মাজত ভয়ৰ সঞ্চাৰ হোৱাৰ লগতে জিলাখনতো এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। বল্লমগুৰী কোৱাৰাইণ্টাইন চেণ্টাৰত বৰ্তমানে ১৭৭ জন ব্যাক্তি কোৱাৰেইণ্টাইনত আছে আৰু বহুতৰে ১৪ দিন উকলি গৈছে। আজি কৰ'নাত আক্ৰান্ত হোৱা যুৱকজনৰো ইতিমধ্যে ১৪ দিনৰ কোৱাৰেণ্টাইন উকলি গৈছে।"-আমাৰ কোকৰাঝাৰৰ প্ৰতিনিধিয়ে জনাইছে। 

উল্লেখ্যে যে, গোসাইগাঁও মহকুমাৰ শ্ৰীৰামপুৰ বন বিভাগৰ অতিথি শালাত ৯ গৰাকী, দাউলিগুৰিত  ১৬৭ গৰাকী, বল্লমগুৰী আই টি চেণ্টাৰত ১৭৭ গৰাকী, মাটিয়াজুৰি শ্বহীদ ভৱনত ১২ গৰাকী আৰু শ্ৰীৰামপুৰ বিক্ৰীকৰ বিভাগৰ অতিথি শালাত ১৮ গৰাকীকে ধৰি মুঠ ৩৭৩ গৰাকী লোকক বৰ্তমান কোৱাৰেণ্টাইন কৰি ৰখা হৈছে। কোৱাৰেণ্টাইনত থকা লোক সকলৰ মাজত ত্ৰিপুৰাৰ  ১২ গৰাকী  লোকৰ ইতিমধ্যে ৪২ দিন অতিক্ৰম কৰিছে আৰু আন একাংশ লোকৰ ১৪ দিন, ২০ দিন উকলি যোৱাৰ পিছত তেওঁলোক নিজ নিজ ঘৰলৈ যাবলৈ ব্যাকুল হৈ পৰিছিল যদিও বল্লমগুৰী কোৱাৰেইণ্টাইন চেণ্টাৰৰ পৰা এগৰাকী পজিটিভ ৰোগী বাহিৰ হোৱাত এতিয়া চৌদিশে কৰ'নাতংকই বিৰাজ কৰিছে।

ট্ৰেভেল হিষ্টৰী নথকা ইমামো আক্ৰান্ত হ'ল কৰ'নাত

গোৱালপাৰাত মঙলবাৰে সন্ধিয়াৰ ভাগত কৰ'না পজিটিভ ধৰা পৰা লোক জন হৈছে জালাল উদ্দিন (৪৭)। লোকজনৰ ঘৰ কনটেইনমেন্ট জ'নত থকা গোৱালপাৰা চহৰৰ ভাটিপাৰাত যদিও তেওঁ চহৰৰে দোস্তি নগৰ মছজিদৰ ইমাম আছিল। কোনো ট্ৰেভেল হিষ্টৰী নথকা লোকজন কৰ'নাত আক্ৰান্ত হোৱাত এতিয়া উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ।

গোৱালপাৰাৰ আমাৰ জিলা প্ৰতিনিধি নজৰুল হকে জনোৱা মতে পূৰ্বে আক্ৰান্ত  নয়াপাৰাৰ শ্বাহজাহান আলী  আৰু কিছমতপুৰৰ খবিৰ উদ্দিন সুস্থ হোৱাৰ পিছত স্বাস্থ্য বিভাগে তেওঁলোকক চিকিৎসালয়ৰ পৰা মুকলি কৰি গোৱালপাৰা চহৰৰ ট্ৰাক মালিক সন্থাৰ ভৱনত ১৪ দিনৰ নিৰীক্ষণত ৰখা সময়তে শ্বাহজাহান আলীয়ে গোপনে গৈ দোস্তি নগৰ মছজিদত নামাজ পঢ়িছিল। এই লৈ স্থানীয় লোকসকলে আৰক্ষীকো অভিযোগ দাখিল কৰিছিল বুলি জানিব পৰা গৈছে।

অৱশ্যে শ্বাহজাহান আলীৰ লগতে আন আন যিসকল কৰ'না ভাইৰাছৰ পৰা আৰোগ্য লাভ কৰিছে তেওঁলোকৰ পৰা আন কোনো লোক আক্ৰান্ত নহয় বুলি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছিল। তেনে ক্ষেত্ৰত দোস্তি নগৰ মছজিদৰ ইমাম জালাল উদ্দিন কেনেদৰে আক্ৰান্ত হ'ল সেই লৈ চহৰখনত বিৰাজ কৰিছে এক আতংকময় পৰিৱেশ।

কোৱাৰেণ্টাইন চেণ্টাৰত নাই সামাজিক দূৰত্ব!

কোকৰাঝাৰৰ কোৱাৰেণ্টাইন চেণ্টাৰত ১৪ দিন থকা যুৱকৰ দেহত পজিটিভ ধৰা পৰাত জিলাখনৰ লগতে ৰাজ্যৰ বাকী প্ৰান্ততো ৰাইজ শংকিত হৈ পৰিছে। লকডাউন শিথিল হৈ পৰাৰ এদিন পিছতে মঙলবাৰৰ দিনটোত দুজনকৈ লোকৰ দেহত কৰ'না পজিটিভ ধৰা পৰাত ৰোগবিধক গুৰুত্ব দিবলৈ এৰি দিয়া লোকসকলৰ মাজতো এতিয়া জাগি উঠিছে শংকাৰ ভাৱ। একেদৰে চেণ্টাৰটোত থকা বাকীসকলো আক্ৰান্ত হোৱাৰ সম্ভাৱনা পূৰ্বৰ তুলনাত অধিক হৈ পৰিছে।

কোকৰাঝাৰৰ কোৱাৰেণ্টাইন চেণ্টাৰ(ওপৰৰ কভাৰত থকা ফটোখন)ৰ দৃশ্য সংবাদ মাধ্যমত দেখিবলৈ পোৱাৰ পিছতেই উক্ত চেণ্টাৰসমূহত সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ ব্যৱস্থা গ্ৰহণ নকৰাক লৈ স্তম্ভিত হৈ পৰিছে সচেতন মহল। কোৱাৰেণ্টাইন চেণ্টাৰত থকা লোকসকলে সকলো অৱগত হৈয়ো কিয় চেণ্টাৰৰ ভিতৰত সামাজিক দূৰত্ব বৰ্তাই ৰখা নাই সেয়া জানিব বিচৰাত কোকৰাঝাৰ জিলাৰ আমাৰ প্ৰতিনিধিয়ে জনাই  যে একোটা কোৱাৰেণ্টাইন চেণ্টাৰত বহু লোকক একেলগে ৰখাৰ পিছত সেয়া বৰ্তাই ৰখাতো সকলোৰে পক্ষে একপ্ৰকাৰ অসম্ভৱ হৈ পৰে।