newsnextone.com| ওদালগুৰিঃ ওদালগুৰি জিলাৰ মাজেৰে পাৰ হোৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতি সমূহত হাবি জংঘল সমূহ চাফা নকৰাৰ ফলত ব্যাপক সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে পথচাৰী সকল। ৰাষ্ট্ৰীয় ঘাইপথটিত নিতৌ সহস্ৰাধিক যানবাহনৰ চলাচল হোৱাৰ ফলত পথচাৰী সকলে বিপদসংকুল ভাবে চাইকেল, ৰিক্সা আদিৰ সৈতে পথৰ মাজেৰে অহা যোৱা কৰিব লগীয়া হৈছে৷

ফলত বহু কেইটা দুৰ্ঘটনা সংঘটিত হৈ বহু লোক আহত হব লগা হৈছে। ওৰাঙৰ সচেতন মহলে বিভাগীয় বিষয়া কৰ্মচাৰী সকলক ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে থকা হাবি বন সমূহ পৰিস্কাৰ কৰিবলৈ আহ্বান জনায়।