newsnextone.com | ওদালগুৰিঃ ওদালগুৰি জিলাৰ শৈক্ষিক পৰিবেশক লৈ বিভিন্ন লোকে চিন্তাৰ জাহিৰ কৰিছে৷ শুকুৰবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শোচনীয় ফলাফলেৰে ৰাজ্যৰ ভিতৰতে সৰ্বনিম্ন স্থান লাভ কৰা ওদালগুৰি জিলাখনত উত্তীৰ্ণৰ হাৰ আছিল ৩৬.৯৭ শতাংশ। জিলাখনত মুঠ অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ ১০,০২৬ জনৰ ভিতৰত উত্তীৰ্ণ হয় মাথো ৩,৭০৭ গৰাকী। সচেতন মহলে সকলো পক্ষক শিক্ষাৰ প্ৰতি নজৰ ৰাখিবলৈ আহ্বান জনাইছে৷

ওদালগুৰিৰ দুটা মূখ্য পৰীক্ষা কেন্দ্ৰ ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৪২.৬৪ শতাংশ আৰু ওদালগুৰি ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰত ৩৭.১৫ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হয়। এইবাৰৰ ফলাফলত ওদালগুৰি সদৰত চৰকাৰী বিদ্যালয়ৰ তুলনাত ব্যক্তিগতখণ্ডৰ বিদ্যালয়ে আধিপত্য বিস্তাৰ কৰা দেখা গ'ল। চহৰখনৰ মূল চৰকাৰী বিদ্যালয়সমূহৰ ভিতৰত বাহিনীগাঁও হাইস্কুল সংযোগী ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুঠ অৱতীৰ্ণ ১৪৯ গৰাকীৰ বিপৰীতে উত্তীৰ্ণ হয় মাত্ৰ ৪৯ গৰাকী, ইয়াৰে ১১গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হয়।

শংকৰদেৱ মিচন হাইস্কুলৰ অৱতীৰ্ণ ৯২ গৰাকীৰ বিপৰীতে উত্তীৰ্ণ হয় মাথো ৩৪ গৰাকীয়ে ইয়াৰে ৩গৰাকীয়ে ষ্টাৰ মাৰ্কসহ ১৪ গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হয়। একেদৰে গোলমাগাওঁ হাইস্কুলৰ ৬৭গৰাকী অৱতীৰ্ণ হোৱাৰ বিপৰীতে ৩৪ গৰাকী উত্তীৰ্ণ হয়। ইয়াৰ ভিতৰত ৩গৰাকীয়ে ষ্টাৰমাৰ্কসহ ১১ গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হয়। ইয়াৰ বিপৰীতে ওদালগুৰি সদৰৰ ব্যক্তিগত বিদ্যালয়সমূহে কিছু উন্নত ফলাফল দেখুৱাবলৈ সক্ষম হয়। ইয়াৰ ভিতৰত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ১২ গৰাকী অৱতীৰ্ণ হৈ ১০ গৰাকী উত্তীৰ্ণ হবলৈ সক্ষম হয়। 

ইয়াৰ ভিতৰত ৩ গৰাকীয় ড্ৰীষ্টিংচন নম্বৰ, এগৰাকীয়ে ষ্টাৰমাৰ্কসহ ৬ গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হয়। একেদৰে ৰামস্বৰূপ আগৰৱালা মেমোৰিয়েল ইংলিচ স্কুলৰ ৭৫ গৰাকী অৱতীৰ্ণ হোৱাৰ বিপৰীতে ৪৯ গৰাকীয়ে উত্তীৰ্ণ হয়। ইয়াৰ ভিতৰত ৩ গৰাকীয়ে ড্ৰিষ্টিংচন নম্বৰ, ৪ গৰাকীয়ে ষ্টাৰমাৰ্কসহ ২৭ গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হয়। উক্ত বিদ্যালয়খনৰ ধৃতিস্মান ভূঞাঁই ৰাজ্যৰ ভিতৰতে ষষ্ঠ স্থান দখল কৰিছিল। আনহাতে চহৰখনৰ আন এখন ব্যক্তিগত বিদ্যালয় চিক্ৰেট হাৰ্ট ইংলিচ স্কুলৰ ৯৫ গৰাকী অৱতীৰ্ণ হোৱাৰ বিপৰীতে ৯০ গৰাকীয়ে উত্তীৰ্ণ হয়। 

ইয়াৰে ১৭ জনে ষ্টাৰমাৰ্ক, ১০ জনে ড্ৰিষ্টিংচন নম্বৰসহ ৭০ গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হয়। আকৌ ওদালগুৰি ডাইমণ্ড ইংলিচ স্কুলৰ ৬৫ গৰাকীয়ে উত্তীৰ্ণ হোৱাৰ বিপৰীতে ৪৭ গৰাকীয়ে উত্তীৰ্ণ হয়। ইয়াৰ ভিতৰত এগৰাকীয়ে ড্ৰিষ্টিংচন নম্বৰসহ ১৯ গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হয়। অৰ্থাৎ দেখা যায় যে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ওদালগুৰি সদৰত ব্যক্তিগত বিদ্যালয়ৰ দপদপনি অব্যাহত থাকিল।