♦ ২০২০ চনত বিটিচি চৰকাৰ গঠন কৰিব ইউপিপিএলে

অঞ্জনজ্যোতি শৰ্মা, ওদালগুৰিঃ দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ ভোটগণনালৈ কেইটামান ঘণ্টা বাকী থকাৰ পূৰ্ৱে সাংবাদিকৰ সন্মুখত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ৮ নম্বৰ মংগলদৈ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰদীপ কুমাৰ দৈমাৰীয়ে। 

নিজৰ জয় নিশ্চিত বুলি দাবী কৰি ফলাফলৰ পূৰ্বে তেওঁৰ মনলৈ কোনো ধৰণৰ নেতিবাচক চিন্তা অহা নাই বুলি প্ৰাৰ্থীগৰাকীয়ে সাংবাদিকৰ আগত উল্লেখ কৰে। মংগলদৈ লোকসভা সমষ্টিত নিজৰ জয় নিশ্চিত বুলি উল্লেখ কৰি দৈমাৰীয়ে কয় যে যি দলেই চৰকাৰ গঠন কৰিব সেই দলকে ইউপিপিএলে সমৰ্থন জনাব।

ইফালে এগজিত প'লক ভুৱা আখ্যা দি তেওঁ এগজিত প'লৰ ফলাফল আৰু প্ৰকৃত ফলাফলৰ মাজত বহু পাৰ্থক্য থাকে বুলিও উল্লেখ কৰে। সমষ্টিটোত জয় নিশ্চিত বুলি দাবী কৰি অনাগত দিনত সমষ্টিটোৰ ৰাইজৰ লগত কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। 

ইফালে প্ৰাৰ্থী দৈমাৰীয়ে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক কটাক্ষ কৰি কয় যে বিটিচিত হাগ্ৰামাৰ বেছি দিন নাই। আগন্তুক ২০২০ চনত হ’বলগীয়া বিটিচি নিৰ্বাচনত বিটিচিৱাসীয়ে হাগ্ৰামাক বিদায় দি ইউপিপিএল দলক চৰকাৰ গঠন কৰাত সুবিধা কৰি দিব। লগতে আগন্তুক বিধানসভা নিৰ্বাচনতো দলটোৱে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব বুলিও দাবী কৰে। এতিয়া লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ পাছতহে মংগলদৈ লোকসভা সমষ্টি কাৰ দখললৈ যায় সেয়া পোহৰলৈ আহিব।