নতুন দিল্লীঃ ভুৱা শিক্ষানুষ্ঠানৰ ঘাটি হৈ পৰিছে দেশৰ ৰাজধানী৷ বিশ্ববিদ্যালয় অনুদান আয়োগে বাৰ্ষিক প্ৰতিবেদেনত প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি সমগ্ৰ দেশতে  ২৩ খন ভুৱা বিশ্ববিদ্যালয় থকাৰ উপৰিও ২৭৯ খন এনে ভুৱা কাৰিকৰী শিক্ষানুষ্ঠান আছে৷ সমগ্ৰ দেশৰ ভিতৰতে এই ক্ষেত্ৰত শীৰ্ষস্থানত আছে ৰাজধানী চহৰ দিল্লী৷ দিল্লীত ৬৬ খন এনে শিক্ষানুষ্ঠান আছে৷ দিল্লীৰ পিছতেই  এই তালিকাখনত তেলেংগানা, উত্তৰ প্ৰদেশ, পশ্চিমবংগ, মহাৰাষ্ট্ৰও আছে৷  বিশ্ববিদ্যালয় অনুদান আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি ডিগ্ৰী প্ৰদান কৰিবলৈ উক্ত শিক্ষানুষ্ঠানসমুহৰ কৰ্তৃপক্ষ নাই৷ নতুন শিক্ষাবৰ্ষ আৰম্ভ হ’বৰ হৈছে৷ ছাত্ৰ-ছাত্ৰীক এনে ভুৱা শিক্ষানুষ্ঠানৰ পৰা সতৰ্ক কৰিবলৈ এই তথ্য প্ৰকাশ কৰিছে ইউজিচিয়ে৷ বিশ্ববিদ্যালয় অনুদান আয়োগৰ ৱেবচাইটত এই ভুৱা বিশ্ববিদ্যালয়ৰ তালিকা প্ৰকাশ কৰা হৈছে৷ বিশ্ববিদ্যালয় অনুদান আয়োগে নাম প্ৰকাশ কৰা কেইখনমান এনে ভুৱা শিক্ষানুষ্ঠান হৈছেঃ 

১) দিল্লী

  • ইউনেটেড নেচনচ বিশ্ববিদ্যালয় 
  • ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স  এণ্ড  ইঞ্জিনীয়াৰিঙ
  • ভকেশ্যনেল বিশ্ববিদ্যালয়

 ২) কৰ্ণাটক

  • বাদাগানৱি চৰকাৰ ৱৰ্ল্ড অ’পেন ইউনিভাৰ্চিটী 

৩) কেৰেলা

  •  চেন্ট জন  ইউনিভাৰ্চিটী

 ৪)  উত্তৰ প্ৰদেশ

  • গান্ধী হিন্দী বিদ্যাপীঠ , এলাহবাদ
  • মহাৰাণা প্ৰতাপ শিক্ষা নিকেতন বিশ্ববিদ্যালয়

৫)উৰিষ্যা

  • নৱভাৰত শিক্ষা পৰিষদ 

 ৬) বিহাৰ

  • মৈথিলী বিশ্ববিদ্যালয় , দৰভাংগা