newsnextone.com | গুৱাহাটীঃ অসমীয়া জাতিৰ আবেগ, স্বাভিমানে বহু পলমকৈ হলেও স্বীকৃতি লাভ কৰিব বুলি ভবা হৈছিল যদিও আশা কৰা ধৰণে ফলাফল নাপালে অসমীয়াই৷ অসমীয়া লিপিয়ে বহু বিতৰ্ক আৰু চৰ্চাৰ অন্তত বহু পলমকৈ হলেও ইউনিক’ডত অসমীয়া লিপি হিচাপে স্বীকৃতি লাভ কৰিব বুলি আশা কৰা হৈছিল৷ শুকুৰবাৰে অসমীয়াই অধীৰ আগ্ৰহেৰে লণ্ডনৰ পৰা সেই ভাল খবৰটো আহিব বুলি আশাৰে বাট চাই আছিল যদিও আশা কৰা মতে ফলাফল নাহিল৷

কিন্তু তাৰ মাজতে কেইটামান ভাল খবৰ আহিছে অসমীয়াৰ বাবে৷ এতিয়াৰ পৰাই সকলো অসমীয়া বৰ্ণই অন্তৰ্ভুক্ত হ’ব ইউনিকোডত। অসমীয়া বৰ্ণ থকা বেংগলী লিপি সমূহ সলনি কৰি অসমীয়া লিপি ব্যৱহাৰ কৰা হ’ব৷ নতুনকৈ নামকৰণ কৰি বেংগলী আসামিচ হিচাপে কোড চাৰ্ট কৰা হয়৷ ইউনিক’ডত নথকা অসমীয়া বৰ্ণসমূহৰ বাবে নতুনকৈ কোড দিয়াৰো সিদ্ধান্ত গ্ৰহণ কৰে ইণ্টাৰনেচনেল অৰ্গেনাইজেচন ফৰ ষ্টেণ্ডাৰাইজেচনৰ বিশেষ বৈঠকত৷

শুকুৰবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰখনত অসমীয়া লিপিয়ে এই বিলৰ সন্মানৰ অধিকাৰী হয়৷ অসম আৰু অসমীয়াৰ স্বাভিমানৰ সৈতে জড়িত অসমীয়া লিপিক ইউনিক’ডত বাংলা লিপিৰ বাবে অন্তৰ্ভুক্ত কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰি থকাৰ মাজতে শুকুৰবাৰে অসমীয়া লিপিক কিছু স্বকীয়তা প্ৰদান কৰা হয়৷ দীৰ্ঘ দিনে অসমীয়াই কৈ অহা তথা ২০০৮ বৰ্ষৰ পৰাই ইউনিক’ডত অসমীয়া লিপিৰ সুকীয়া মৰ্যদাৰ বাবে যুঁজ দি আহিছে ড০ শিখৰ কুমাৰ শৰ্মাই৷ কেইবাগৰাকী অসমীয়াই যুঁজ দি বহু পৰিমাণে জয়ী হ’বলৈ সক্ষম হয় এই যুঁজ৷

লণ্ডনত অনুষ্ঠিত হৈ থকা আন্তঃৰাষ্ট্ৰীয় মানক ব্য’ৰৰ বিশেষ বৈঠকত তীব্ৰ বাক বিতণ্ডাৰ অন্তত অসমীয়া লিপিক সম্পূৰ্ণ স্বতন্ত্ৰ লিপি হিচাপে স্বীকৃতি দিয়াৰ দাবী উত্থাপন হৈছিল৷ সেই স্বীকৃতি নাপালেও সকলো অসমীয়া বৰ্ণ আৰু ভাষা চিহ্নক ইউনিক’ড আৰু আন্তঃৰাষ্ট্ৰীয় মানক ব্য’ৰত সুকীয়া নাম প্ৰদানত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে৷ 

পুৰ্বে অসমীয়া লিপিক বাংলা অসমীয়া লিপি হিচাপে নামকৰণ কৰা হৈছিল যদিও পূৰ্বৰ সিদ্ধান্তৰ বিপৰীতে যোৱা ২১ জুনত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰে মানক ব্য’ৰুৱে৷ লণ্ডনত অনুষ্ঠিত মানক ব্যৰ’ৰ কাৰ্যকৰী বৈঠকত অসমীয়া লিপিৰ স্বতন্ত্ৰতাৰ বাবে যুঁজ দি অহা গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগৰ অধ্যাপক ড০ শিখৰ কুমাৰ শৰ্মাই বৈঠকত মানক ব্যৰ’য়ে অসমীয়া লিপি সন্দৰ্ভত তিনিটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে৷

অৱশেষত চূড়ান্ত খচৰাত অসমীয়া লিপিয়ে কিছু ঐতিহাসিক স্বীকৃতি লাভ কৰে৷ ড০ শৰ্মাই অসমীয়া লিপি সন্দৰ্ভত তিনিটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি কয়৷ চূড়ান্ত খচৰাৰ প্ৰথম সিদ্ধান্তটো হ’ল আন্তঃৰাষ্ট্ৰীয় মানক ব্য’ৰৰ ইউনিক’ডত সকলো অসমীয়া বৰ্ণ সুকীয়াকৈ নাম লাভ কৰিব৷ দ্বিতীয় সিদ্ধান্ত মতে অসমীয়া লিপিক বাংলা লিপি হিচাপে নহয় অসমীয়া লিপি হিচাপে ইউনিক’ডত সুকীয়া মৰ্যদা দিয়া হ’ব৷ তৃতীয়তে ইউনিক’ডত স্থান লাভ নকৰা অসমীয়া ভাষা চিহ্ন সমূহ নতুনকৈ অন্তৰ্ভুক্ত কৰা হ’ব৷ 

জানিব পৰা মতে, অসমৰ পৰা যোৱা দলটোৰ সৈতে অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি পৰমানন্দ ৰাজবংশী, প্ৰাক্তন সভাপতি ধ্ৰৱজ্যোতি বৰা আদি উপস্থিত থাকে৷ বৈঠকত সদস্যসকলে এই স্বীকৃতি লাভৰ বাবে যথেষ্ট বাক বিতণ্ডাৰ কৰিব লগা হয়৷ শুকুৰবাৰে আন্তঃৰাষ্ট্ৰীয় মানক ব্য’ৰুৱে অসমবাসীক দিয়ে ইউনিক’ডত অসমীয়া লিপিৰ ঐতিহাসিক কিছু স্বীকৃতি৷