দিল্লীঃ নাৰী দিৱসৰ  এদিন পিছতেই প্ৰকাশ পাইছে এক উদ্বেগজনক তথ্য৷দেশত বৃদ্ধি পাইছে মহিলা উৎপীড়নৰ সৎখ্যা৷ ২০১৬ ত দেশৰ প্ৰায় ২০ হাজাৰ শিশু আৰু মহিলা  উৎপীড়নৰ বলি হৈছে৷ কেন্দ্ৰীয় মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই তথ্য৷

দেশৰ ভিতৰত পশ্চিমবংগত এই হাৰ সকলোতকৈ বেছি৷ পশ্চিমবংগৰ পিছত দ্বিতীয় স্থানত আছে ৰাজস্থান৷ ২০১৫ তকৈ বিগত বৰ্ষত  ২৫% হাৰ বাঢ়িছে নিৰ্যাতনৰ ৷ উল্লেখ্য যে সমগ্ৰ বিশ্বৰ ভিতৰতে নাৰী নিৰ্যাতন বৃদ্ধিত আগত আছে দক্ষিণ এছিয়া৷ দক্ষিণ এছিয়াৰ দেশসমুহৰ ভিতৰত ভাৰততো বৃদ্ধি পাইছে নাৰী নিৰ্যাতনৰ হাৰ৷