নতুন দিল্লী/গুৱাহাটীঃ বিশ্বৰ প্ৰায় প্ৰতিখন দেশতে ভয়াৱহভাৱে সংক্ৰমিত হোৱা কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ সমগ্ৰ দেশতেই ২১ দিনীয়া ‘লকডাউন’ চলিছে৷ ফলত দেশখনৰ সকলোবোৰ কাম-কাজেই একপ্ৰকাৰ বন্ধ হৈ পৰাৰ লগতে মন্থৰ হৈ পৰিছে দেশৰ অৰ্থনীতিৰ গতি৷ এনে বিপৰ্যয়ৰ সময়তে বিৰোধী দল ভাৰতীয় জাতীয় কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি ছোনিয়া গান্ধীয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সিদ্ধান্তসমূহক সম্পূৰ্ণৰূপে সমৰ্থন জনাই এক পত্ৰযোগে বহুকেইটা প্ৰস্তাৱ আগবঢ়াইছে৷ 

ছোনিয়া গান্ধীয়ে প্ৰধানমন্ত্ৰীলৈ লিখা পত্ৰখনত বেংক তথা বিত্তীয় প্ৰতিষ্ঠানসমূহে গ্ৰাহকক প্ৰদান কৰা ঋণৰ বিপৰীতে আদায় লোৱা মাহিলি কিস্তি (EMI) পৰৱৰ্তী ৬ মাহলৈ ৰেহাই দিবলৈ পৰামৰ্শ আগবঢ়াইছে৷ ইয়াৰ লগতে এই ঋণসমূহৰ সুতো অহা ৬ মাহলৈ ৰেহাই দিবলৈ পৰামৰ্শ দিছে গান্ধীয়ে। কংগ্ৰেছ নেত্ৰীগৰাকীৰ লগতে বিজেপি নেতা কিৰিট ছোমাইয়ায়ো ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰলৈ চিঠি লিখি জনসাধাৰণক তেওঁলোকৰ ঋণসমূহৰ মাহিলি কিস্তি (EMI) পৰিশোধৰ ক্ষেত্ৰত কমেও তিনি মাহৰ সময় দিবলৈ আহ্বান জনাইছে বুলি জানিব পৰা গৈছে৷ 

উল্লেখ্য যে, মহামাৰীৰ ৰূপ ধাৰণ কৰা কৰ’নাৰ বিৰুদ্ধে যুঁজ আৰম্ভ কৰাৰ পৰিপ্ৰেক্ষিতত দেশৰ অধিকাংশ লোকেই সম্প্ৰতি অৰ্থনৈতিকভাৱে জুৰুলা হৈ পৰিছে। এনেদৰে অৰ্থনৈতিকভাৱে জুৰুলা হৈ পৰা সৰ্বসাধাৰণ ৰাইজৰ পক্ষে এতিয়া মাহিলি কিস্তি (EMI) পৰিশোধ কৰাতো একপ্ৰকাৰ অসম্ভৱ যেন হৈ পৰা দেখা গৈছে। বিশেষকৈ একাধিক ব্যক্তিগত প্ৰতিষ্ঠানেই কৰ্মচাৰীসকলক বেতন অবিহনেই ছুটি দিবলৈ বাধ্য হৈছে৷ কিছুমান প্ৰতিস্থানে এই বন্ধৰ সময়চোৱাত কৰ্মচাৰী সকলৰ দৰমহা কটাৰ কথাও ঘোষণা কৰিছে৷ সেয়ে এনে কঠিন পৰিস্থিতিৰ সময়ত অধিকাংশ লোকেই চৰকাৰক বেংক তথা বিত্তীয় প্ৰতিষ্ঠানসমূহৰ ঋণৰ ক্ষেত্ৰত অস্থায়ীভাৱে মাহিলী কিস্তি (EMI)ৰ পৰা ৰেহাই দিবলৈ ছ’চিয়েল মিডিয়াযোগে দাবী জনোৱা দেখা গৈছে।

বিপদত অলা-উবেৰৰ চালকসকল

Deccan Chronicleত প্ৰকাশিত এটি বাতৰি মতে অলা-উবেৰৰ দৰে এপ বেছড টেক্সিসেৱাৰ সৈতে জড়িত চালকসকলে তেওঁলোকৰ বাহনসমূহৰ ঋণৰ সুত এই সময়ছোৱাৰ কাৰনে ৰেহাই দিয়াৰ দাবী তুলিছে৷ লকডাউন’ৰ সময়চোৱাত কেব সেৱা বন্ধ হৈ পৰাত উপাৰ্জনহীন হৈ পৰা এইসকল চালকে নিজৰ নিজৰ বাহনসমূহৰ মাহিলি কিস্তি (EMI) কেনেকৈ পৰিশোধ কৰিব সেয়া ভাবি উদ্বিগ্ন হৈ পৰা বুলিও বাতৰিটোত কোৱা হৈছে।

NNOৰ তৰফৰ পৰা অসমৰ কেবাগৰাকী অলা-উবেৰ চালকৰ সৈতে যোগাযোগ কৰাত তেওঁলোকেও এই লৈ যথেষ্ট চিন্তাত পৰিছে বুলি জনাইছে। 'আমাৰ ইনকাম এইকেইদিন একদম বন্ধ। গাড়ীলৈ পুৱাই ৰাস্তালৈ ওলাই আহো। ৰাতিলৈ গাড়ী চলাও। দিনটোত যি পইছা পাও সেইখিনিৰ আধাৰে আমাৰ সংসাৰ চলে আৰু আধাৰে EMI দিও। এদিন গাড়ী নচলালেই আমাৰ চৌকা নজ্বলে। এতিয়া উপায়তো নাই। কৰ’নাক আমি ৰোধ কৰিবই লাগিব। কিন্তু ২১ দিন ইনকাম নহলে আমি কৰপৰা EMI দিম? চৰকাৰে কিবা এটা কৰিলে ভাল। নহলে আমাৰ অৱস্থা বেয়াতকৈও বেয়া হৈ পৰিব। কৰ’নাই সব বৰবাদ কৰি দিলে।’-এইদৰে কয় মহানগৰীৰ এজন উবেৰ চালকে।

'ইণ্ডিয়া টুডে’ টিভিৰ এগৰাকী মাৰ্কেটিং এক্সিকিউটিভে ছ’চিয়েল মিডিয়া একাউণ্টযোগে প্ৰকাশ কৰা মতে তেওঁক এই সময়ছোৱাত মালিকপক্ষৰ ফালৰ পৰা বেতনবিহীন ছুটী ল’বলৈ কোৱা হৈছে৷ ৰিটেইলাৰ্চ এছ’ছিয়েচন অফ ইণ্ডিয়া(RAI) মুখ্য কাৰ্য্যবাহী কুমাৰ ৰাজগোপালনে ‘ৰয়টাৰ’ক জনোৱা মতে দেশজুৰি হোৱা এই বন্ধৰ ফলত দেশৰ খুচুৰা ক্ষেত্ৰত কাম কৰা প্ৰায় ৪০ শতাংশ লোকেই চাকৰি হেৰুৱাৰ সম্ভাৱনা আছে৷

আনহাতে, ইক’ন’মিক টাইমছৰ এক ৰিপ’ৰ্টত প্ৰকাশ পোৱা অনুসৰি দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ বিত্ত মন্ত্ৰণালয়েও ৰিজাৰ্ভ বেংকলৈ চিঠি লিখি ঋণৰ মাহিলি কিস্তি (EMI) পৰিশোধৰ ক্ষেত্ৰত জনসাধাৰনণক কেইমাহমানৰ সময় দিবলৈ পৰামৰ্শ আগবঢ়াইছে৷ অৰ্থনীতিবিদসকলেও ইতিমধ্যে ভাঙি পৰা অৰ্থনীতি আৰু ‘লকডাউন’ৰ ফলত চাকৰি হেৰুৱা আৰু বেতনৰ পৰা বঞ্চিত হোৱাসকলে নিশ্চিতভাৱেই তেওঁলোকৰ ঋণসমূহৰ কিস্তি (EMI) পৰিশোধ কৰিবলৈ সক্ষম নহ’ব বুলি মন্তব্য কৰিছে৷ বৃহস্পতিবাৰে কৃষক, শ্ৰমিক আৰু দৰিদ্ৰসকলৰ বাবে ১.৭০ লাখ কোটি টকাৰ সাহায্য পেকেজ ঘোষণা কৰাৰ পিছত অতি শীঘ্ৰেই চৰকাৰে এইক্ষেত্ৰতো বিশেষ ঘোষণা কৰিব বুলি এতিয়া আশাৰে বাট চাই ৰৈছে দেশৰ ঋণগ্ৰস্তসকলে।