ৱাশ্চিংটনঃ চিৰিয়াৰ ৰাসায়নিক আক্ৰমণৰপৰাই যেন তৃতীয় বিশ্বৰ কুছকাৱাজ আৰম্ভ হৈছে৷ ছিৰিয়াৰ ৰাসায়নিক আক্ৰমণৰ প্ৰত্যুত্তৰত বৃহস্পতিবাৰে বাছৰ আল আছাদৰ চৰকাৰী বিমানঘাটীত মিছাইলেৰে আঘাত কৰাৰ পিছতেই উত্তৰ কোৰিয়ালৈ ৰাওনা হৈছে আমেৰিকাৰ এক সেনাৰ দল৷ ছিৰিয়াৰ মিছাইল আক্ৰমণৰ পিছতেই আমেৰিকাই উত্তৰ কোৰিয়া আৰু চীনক আক্ৰমণৰ লক্ষ্য কৰিব পাৰে বুলি উল্লেখ কৰিছিল ওবামা প্ৰশাসনৰ এক জেষ্ঠ বিষয়াই৷

আনহাতে উত্তৰ কোৰিয়াৰ একাধিকবাৰ  মিছাইল পৰীক্ষণৰ পিছতেই দেশখনৰ ওপৰত ক্ষুণ্ন হৈ পৰিছিল আমেৰিকা৷ বিগত দিনসমুহত আমেৰিকা আৰু দক্ষিণ কোৰিয়াৰ বাবে মুৰৰ কামোৰণি স্বৰূপ হৈ পৰিছে উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি কিম জোং উন৷  কিম জং ৰাষ্ট্ৰপতি হোৱাৰ পিছতেই দেশখনে পাৰামাণৱিক মাৰাণাস্ত্ৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে৷ 

বিগত দিনসমুহত দেশখনে কেইবাবাৰো মিছাইল পৰীক্ষা কৰিছিল যাবোৰ অধিকাংশই অসফল হৈছে৷ আনহাতে চীনে উত্তৰ কোৰিয়াক সামৰিক আৰু অৰ্থনৈতিকভাৱে সহায় কৰি আহিছে৷ মুলতঃ বাণিজ্য আৰু শক্তি সম্পৰ্কীয় প্ৰয়োজনৰ বাবে দেশখন চীনৰ ওপৰতেই নিৰ্ভৰশীল৷  

আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে চীনক কৈছিল যে যদিহে চীনে উত্তৰ কোৰিয়া সন্দৰ্ভত সমাধান নকৰে তেন্তে আমেৰিকাই নিজেই সমাধান উলিয়াব৷ ট্ৰাম্পৰ এই কথাই সংকেত কঢ়িয়াব পাৰে উত্তৰ কোৰিয়ালৈ৷ আনহাতে চিৰিয়াক আক্ৰমণৰ সময়তে ট্ৰাম্প চীনৰ ৰাষ্ট্ৰপতিৰ লগত বৈঠকত মিলিত হৈছিল৷