ডিজিটেল ডেস্কঃ সাম্প্ৰতিক প্ৰেক্ষাপটত ইংৰাজী ভাষাই হৈছে বিশ্বৰ ক্ষুদ্ৰ ভাষা সমূহৰ বাবে ঘাটকস্বৰূপ৷ যাৰ আগ্ৰাসনত দেশৰ ক্ষুদ্ৰভাষাসমূহ বিপদাপন্ন হৈ পৰিছে৷ অসমীয়া ভাষাটোও বৰ্তমান সংকটাপন্ন অৱস্থাত৷ বিশেষকৈ অসমীয়া ভাষালৈ দুৰ্যোগ কঢ়িয়াই আনিছে ব্যক্তিগত ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহে৷ বৰ্তমান ইংৰাজী ভাষাৰ শিক্ষাইহে ছাত্ৰ-ছাত্ৰীক ভৱিষ্যতে স্বাৱলম্বী হোৱাত সহায় কৰে৷ 

তেনে এক ভাৱধাৰাৰ ফলতেই বহুতে ক্ষুদ্ৰ ক্ষুদ্ৰ ভাষাৰ বিলুপ্তি ঘটিছে৷ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অধ্যয়ন কৰাৰ ফলত বহু সংখ্যক ছাত্ৰ-ছাত্ৰীৰ মাজত অসমীয়া ভাষাৰ চৰ্চ্চাৰ অভাৱে দেখা দিছে, যাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অসমীয়া ভাষা এলাগী হৈ পৰিছে৷ বিদ্যালয়ৰ পৰা ঘৰুৱা পৰিৱেশলৈকে সকলোতে ইংৰাজী ভাষাৰ ব্যৱহাৰ অসমীয়া ভাষাৰ অস্তিত্ব সংকটৰ আন এক কাৰণ বুলিব পাৰি৷ 

তেনে সময়তে দেশৰ ভাষা সমূহৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত চিন্তা ব্যক্ত কৰিছে দেশৰ উপ-ৰাষ্ট্ৰপতিয়ে৷ ভাৰতীয় ভাষাত এমবিবিএছ-ৰ শিক্ষাদান প্ৰক্ৰিয়া হোৱা উচিত৷ এই মন্তব্য আগবঢ়াইছে দেশৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে৷ হিন্দুস্তান গ্ৰুপ অফ এডুকেশ্বনেল প্ৰতিষ্ঠানৰ সোণালী জয়ন্তী কাৰ্যসূচীত অংশ লৈ নাইডুৱে কয়, মই সেইদিনটোলৈ অপেক্ষা কৰি আছোঁ, যাতে এমবিবিএছ-ৰ দৰে পেশাদাৰী পাঠ্যক্ৰম সমূহৰ শিক্ষাদান স্থানীয় ভাষাতেই হয়৷ 

তেওঁ লগতে কয়, মই সদায়েই এই বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবৰ বাবে হেঁচা দি আহিছোঁ ৷ যাৰ ফলত মেডিকেল পাঠ্যক্ৰমৰ শিক্ষাৰ্থীসকলে মাতৃভাষাতেই অধ্যয়ন কৰি নিজৰ ভাষাটোৰো মহত্ব উপলব্ধি কৰাত সহায়ক হ’ব৷ তদুপৰি উপ-ৰাষ্ট্ৰপতি গৰাকীয়ে দেশৰ শিক্ষা ব্যৱস্থাত নৈতিকতা, সদাচাৰ তথা মানৱীয় মূল্যবোধৰ শিক্ষাক অন্তৰ্ভুক্ত কৰিবৰ বাবে কয়৷