ডিজিটেল ডেস্কঃ যুগৰ পৰিৱৰ্তনৰ সমানে সলনি হৈছে জীৱকুলৰ ধৰ্ম। আত্মৰক্ষাৰ স্বাৰ্থত সম্প্ৰতি সকলো প্ৰাণীয়ে শিকিছে আক্ৰমণৰ কৌশল।

আনকি এতিয়া বিষাক্ত সৰ্পলৈয়ো ভয় নকৰা হৈছে নিমাখিত মৎস্যকুলেও। প্ৰকৃতিৰ পৌৰাণিক নিয়ম পাহৰি আক্ৰমণকাৰীক উভতি ধৰিবলৈ শিকিছে সামান্য মাছে।

সম্প্ৰতি সৰ্বত্ৰে ভাইৰেল হৈ পৰিছে মৎস্য-সৰ্প যুদ্ধৰ ভিডিঅ'। তথ্য অনুসৰি এই ভিডিঅ উত্তৰ ভাৰতৰ অজ্ঞাত গাঁৱৰ। ইউটিউবত দুদিনৰ ভিতৰত উক্ত ভিডিঅ' প্ৰত্যক্ষ কৰিছে ৩৫ হাজাৰ দৰ্শকে।

ভিডিঅ'ৰ দৃশ্যাৱলী অনুসৰি পুখুৰীৰ পাৰত পৰি থকা এটা মাছক খাবলৈ চেষ্টা কৰে ভোকাতুৰ সাপে। পিছে আচম্বিতে সৰ্পক প্ৰত্যাক্ৰমণ কৰে মাছটোৱে। দীঘলিয়া যুদ্ধৰ অন্তত প্ৰাণ হেৰুৱালে দুয়ো যুজাৰু প্ৰাণীয়ে।