Image Source: India Samvad
Image Source: India Samvad

ডিজিটেল ডেস্কঃ চলন্ত বাছৰ ভিতৰত বলপূৰ্বক এগৰাকী মহিলাক চুম্বন কৰিছে এজন লোকে। ছ’চিয়েল মিডিয়াত ইতিমধ্যে ভাইৰেল হৈ পৰিছে এই ভিডিঅ’।

ভাইৰেল হৈ পৰা ভিডিঅ’টোৰ মহিলাগৰাকীয়ে উক্ত লোকজনৰ বিৰুদ্ধে উত্থাপন কৰিছে ধৰ্ষণৰ অভিযোগ। জানিব পৰা মতে চলন্ত বাছত মহিলাক বলপূৰ্বক চুম্বন কৰিবলৈ চেষ্টা চলোৱা উক্ত লোকজন হৈছে মহাৰাষ্ট্ৰৰ এজন বিজেপি নেতা। 

আৰক্ষী সূত্ৰই জনোৱা মতে, মহিলাগৰাকীয়ে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰা উক্ত বিজেপি নেতাজন হৈছে ৰবীন্দ্ৰ বাওয়ানথাড়। আৰক্ষী থানাত এজাহাৰ দাখিলৰ পিছতে নেতাজনে ঘৰৰ পৰা পলায়ন কৰা বুলিও আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে।

ইফালে বাছখনৰ পৰা আৰক্ষীয়ে সংগ্ৰহ কৰা চিচিটিভি ফুটেজত স্পষ্ট ৰূপত দেখা গৈছে যে ৰবীন্দ্ৰ নামৰ বিজেপি নেতাজনে বলপূৰ্বকভাৱে মহিলাগৰাকীক বাছৰ ভিতৰত চুম্বনৰ চেষ্টা চলাইছে। লোকজনৰ এনে কাৰ্যত হতভম্ব হৈ মহিলাগৰাকীয়ে প্ৰাণপণে বাধা দিয়াৰো চেষ্টা কৰিছে।

বাছখনত সেই সময়ত অান যাত্ৰী আছিল যদিও বাধা দিয়াৰ পৰিৱৰ্তে সকলোৱে নিৰ্লিপ্তভাৱে সেয়া উপভোগহে কৰিছিল। আচৰিত ধৰণে কেবাজনো যাত্ৰীয়ে সেই ঘটনাৰ ভিডিঅ’ ৰেকৰ্ডিং কৰি হোৱাটছএপযোগে ভাইৰেলহে কৰি দিয়ে।

মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰ নামৰ ঠাইখনত সংঘটিত উক্ত ঘটনাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে বিজেপি নেতাজনৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপে মহিলাগৰাকী। এজাহাৰত উল্লেখ কৰা মতে, দীৰ্ঘদিন ধৰি লোকজনে মহিলাগৰাকীক হাৰাশাস্তি কৰি আহিছিল।

বিবাহৰ প্ৰলোভন দি তেওঁক কেবাবাৰো ধৰ্ষণ কৰিছিল বুলিও এজাহাৰত উল্লেখ কৰিছে মহিলাগৰাকীয়ে। বিয়াত বহিবলৈ মান্তি নোহোৱা বাবেই সকলোৰে সমুখত অপমানিত কৰিবলৈকে সেইদিনা তেনে কাৰ্য সংঘটিত কৰিছিল বুলিও অভিযোগ কৰিছে মহিলাগৰাকীয়ে।

• Source: Times of India •