গুৱাহাটীঃ কোঠাটোৰ দুৱাৰখন খোলা আছে৷ বাঁহৰ খুটিত লগাই থোৱা কেইখনমান পোষ্টাৰ কোঠাটোৰ ভিতৰৰ এখন দেৱালত আওজাই থোৱা আছে৷ পোষ্টাৰ কেইখনত আছে কেইটামান শ্ল’গান৷ দেৱালত আওজাই থোৱা পোষ্টাৰত টেট শিক্ষয়িত্ৰীক কৰা হাৰাশাস্তিৰ বন্ধ হওঁক, বজৰং দল জিন্দাবাদ, নাৰীৰ ওপৰত অত্যাচাৰ বন্ধ কৰক আদি শ্ল’গান লিখা আছে৷

আনহাতে কোঠাটোৰ দুৱাৰৰ ওপৰ ফালে লিখা আছে ‘কাৰ্যালয়, জাগীৰোড আঞ্চলিক ছাত্ৰ সন্থা’ বুলি৷ আমি বৰ্ণণা কৰা এই দৃশ্য এখন আলোকচিত্ৰৰ৷ এই আলোকচিত্ৰখন যোৱা দুদিন ধৰি ভাইৰেল হৈ পৰিছে ৰাজ্যত৷

 

হঠাৎ একাংশ লোকে ফেচবুকৰ নিজৰ নিজৰ টাইমলাইনত আপলোড কৰাত চৰ্চালৈ আহিছে আলোকচিত্ৰখন৷ একাংশ লোকে ফেচবুকত ফটো খন আপলোড কৰি ৰাজ্যৰ অন্যতম শক্তিশালি জাতীয়তাবাদী সংগঠন সদৌ অসম ছাত্ৰ সন্থাক লৈ বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰে৷ একাংশ লোকে আছুক বিভিন্ন ধৰণে প্ৰশ্ন কৰে৷ জাতীয়তাবাদী সংগঠন এটাৰ কাৰ্যালয়ত কট্টৰ হিন্দুত্ববাদী সংগঠনৰ পোষ্টাৰ কেনেকৈ আহিল বুলিও প্ৰশ্ন কৰে৷ 

নিউজ নেক্সট ৱানৰ হাতত পৰা তথ্য মতে জাগীৰোডৰ এগৰাকী টেট শিক্ষয়িত্ৰীয়ে কৰ্মৰত বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে গোমাংস খাবলৈ দিয়াৰ লগতে বিভিন্ন ধৰণে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰে৷ তাৰ পাছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ তাৰ পাছতে দুদিন পুৰ্বে বজৰং দলে জাগীৰোডত নাৰী নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ বজৰং দলে প্ৰতিবাদ কৰিব যোৱাৰ পূৰ্বে জাগীৰোড টাউনস্থিত আছুৰ কাৰ্যালয়ৰ দাঁতিত থকা এটি হলত পোষ্টাৰ সমূহ মজুত কৰি ৰাখিছিল৷

 বজৰং দলে প্ৰতিবাদ সাব্যস্ত কৰাৰ অন্তত উক্ত হলটোত পোষ্টাৰ সমূহ থৈছিল যদিও আছুৰ কাৰ্যালয়লৈ কেনেকৈ আহিল এই কথা এতিয়াও স্পষ্ট হোৱা নাই৷ ফটো সমূহ কোনে তুলিলে সেইকথাও এতিয়ালৈ স্পষ্ট হোৱা নাই৷ ফটো সমূহ একাংশ লোকে ফেচবুকত আপলোড কৰাৰ পাছতে ৰাজ্যত হৈ চৈ লাগে৷

অনুপম কুমাৰ চহৰীয়া নামৰ ফেচবুক ব্যৱহাৰকাৰীজনে এই ফটোখন আপলোড কৰি এনেদৰে কয় "হিন্দীত এষাৰ কথা আছে, चोर की दाढ़ी में तिनका। যি কি নহওঁক দুটা তিনিটা সংগঠন একেলগে চলাই থকাটো কম কথা নহয়। বোলো চান্দা মাষ্টৰ দাড়িয়া বাবা কি জয়৷ হিন্দী Government চলি আছে যেতিয়া মাজে মাজে হিন্দী ব্যৱহাৰ কৰাটো ভাল অভ্যাস" বুলি কয়৷

 

মাধুৰ্য্য ঢেকীয়াল ফুকন নামৰ ফেচবুক ব্যৱহাৰকাৰীজনে আছু বিক্ৰি গ’ল নেকি বুলি ফেচবুকৰ মজিয়াত প্ৰশ্ন উত্থাপন কৰে৷ চাইদুল আলম চৌধুৰী নামৰ ফেচবুক ব্যৱহাৰকাৰীজনে কয় "সদৌ অসম ছাত্ৰ সন্থাই যোৱাকালি হিন্দু বাংলাদেশী সংস্থাপনৰ বিৰোধিতাত ৰাজ্যজুৰি জোঁৰ সমদল উলিয়াই আকৌ আনহাতে বজৰং দলৰ সৈতে গোপন মিতিৰালি কৰি হিন্দু বাংলাদেশী সংস্থাপনৰ বাবে দাবী জনাবলৈ জাগীৰোড আছু কাৰ্যালয়ত হিন্দু বাংলাদেশী পৰ নহয়, বজৰং দল জিন্দাবাদ ইত্যাদি বেনাৰ পোষ্টাৰ মজুত ৰাখে। ৰাইজৰ বুজিব একো বাকী নাথাকিল। আছু নেতৃবৃন্দ লৈ বিনম্ৰ অনুৰোধ সহজ সৰল অসমীয়া মানুহখিনিৰ আবেগ অনুভুতিৰ লগত নেখেলিব" বুলি আছুক সমালোচনা কৰে। 

চৈয়দ ইস্কন্দৰ মজিব নামৰ ফেচবুক ব্যৱহাৰকাৰীজনে ফটোখন নিজৰ একাউন্টত আপলোড কৰি "AASU জাগীৰোড শাখাৰ কাৰ্যালয়ত বজৰং দলৰ playcard, আছু আৰু বজৰং দল একেলগ হল নেকি" বুলি প্ৰশ্ন কৰে৷

সাৱধান জাগীৰোড নামৰ ফেচবুক পেজটোৰ জৰীয়তে ফটো খন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি "জাগীৰোড আছু নেতাৰ ঘৃনণীয় কাণ্ড৷ চান্দা সংস্কৃতিয়ে জাগীৰোড আছু নেতাৰ(?) অধঃপতনৰ মূল কাৰণ" বুলি উল্লেখ কৰে৷

জ্ঞানেন চক্ৰৱৰ্ত্তীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি "সমুজ্বল ভট্টাচাৰ্য, দীপাংক নাথ, লুৰিণজ্যোতি গগৈ আৰু জাগীৰোড সমষ্টিৰ বিধায়ক পিযুষ হাজৰিকা আদি ডাঙৰীয়া সকলৰ শ্ৰীচৰণত ফটো দুখন আৰু ভিডিঅ@ দুটা নিবেদিলো। আমি অসমৰ ৰাইজ বৰ বুৰ্বক হৈ আছো নেকি হে? সিদ্ধান্ত অসমৰ ৰাইজলৈ এৰিলো" বুলি নিজৰ ফেচবুক একাউন্ট যোগে৷

একাংশ লোকে ফেচবুক যোগে এতিয়া আছুক এনেদৰে সমালোচনা কৰা পৰিলক্ষিত হৈছে৷ আছু কৰ্তৃপক্ষই এতিয়ালৈ ফটো খন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই বুলি জানিব পৰা গৈছে৷