Error message

Deprecated function: Unparenthesized `a ? b : c ? d : e` is deprecated. Use either `(a ? b : c) ? d : e` or `a ? b : (c ? d : e)` in require_once() (line 17 of /home/nno/web/newsnextone.com/public_html/sites/all/modules/moneysuite/ms_core/ms_core.module).

ডিব্ৰুগড়ঃ মাথো ২৪ ঘন্টা পূৰ্বে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পাৰ্কত থকা সুধাকন্ঠ ভূপেন হাজৰিকাৰ আৱক্ষ প্ৰতিমূৰ্তিত জোতা, লংপেন্ট, চাৰ্ট পিন্ধি ফটো উঠি দুই যুৱকে ক্ষমা বিছাৰিব লগা হৈছিল৷ তাৰ পিছতে আন এখন ফটোৱে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰাজ্যজুৰি৷ পুণৰ একেটা আৱক্ষ প্ৰতিমূৰ্তিতে এগৰাকী যুৱকীয়ে বহি উঠা ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে৷

ৰাজ্যত বহু লোকে ফেচবুকত ফটো খন চেয়াৰ কৰি যুৱতীগৰাকীক কাণ্ডজ্ঞানহীন বুলি সমালোচনা কৰা দেখা গৈছে৷ প্ৰতিমূৰ্তিটোৰ মধ্যম অংশত বহি ফটোৰ বাবে পজ দিয়ে যুৱতীগৰাকীয়ে৷ যোৱা ২৪ ঘন্টাত ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এখন ফটোৱে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ ছচিয়েল মিডিয়াত বিতৰ্কৰ সৃষ্টি কৰা ফটো খনত যুৱতীগৰাকীয়ে হাঁহি মুখে ফটো উঠা দেখা গৈছে৷

প্ৰতিমূৰ্তিটো হৈছে অসমৰ মান, অভিমান, আৱেগ অনুভূতি অসম ৰত্ন সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ৷ যুৱতীৰ ফটো খন কম সময়ৰ ভিতৰতে ভাইৰেল হৈ পৰে৷ যিগৰাকী শিল্পীক শ্ৰদ্ধা জনাই অসমীয়া জাতিৰ প্ৰতিগৰাকী লোকৰ মূৰ দো খাই তেনে লোকক ঘোৰ অপমান কৰি প্ৰতিমূৰ্তিত বহি ফটো উঠিবৰ বাবে পজ দিয়াৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

ফটো খন যোৱা ২৪ ঘন্টাত ভাইৰেল হৈ পৰে৷ ৰাজ্য খনত একাংশ লোকে ছচিয়েল নেটৱৰ্কিং ছাইট যেনে ফেচবুক আৰু মেচেজিং এপ যেনে ৱাটছএপক অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে এই ফটো খনে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বিভিন্ন সময়ত বিদ্বেষজনক মন্তব্য, আপত্তিজনক ফটো-ভিডিঅ’ৰ বাবে বহু লোক জেল হাজোতত যাব লগা হোৱাৰ সময়তে এই ফটোখন ভাইৰেল হৈ পৰে৷ ফটো খনৰ আপলোড কৰা ফেচবুকৰ একাউন্টৰ তথ্য এতিয়ালৈ জানিব পৰা হোৱা নাই৷