newsnextone.com |  গুৱাহাটীঃ এখন চাৰিকোনিয়া ডাঙৰ টেবুলৰ চৌদিশে কেইগৰাকীমান পুৰষ-মহিলা বহি আছে৷ দুগৰাকী লোক সমীপত থিয় দি আছে৷ পুৰুষৰ ভিতৰত এগৰাকী অগপৰ বিধায়ক আনগৰাকী বিজেপি দলৰ বিধায়ক৷ টেবুলত লাগি থকা চকীত দুগৰাকী মহিলা বহি আছে ইয়াৰে এগৰাকী বিজেপি দলৰ বৰ্তমানৰ বিধায়িকা বুলি চিনিব পাৰি যদিও আন মহিলাগৰাকীৰ পৰিচয় জানিব পৰা নাযায়৷ পুৰুষ-মহিলা সকলোৰে সন্মুখত পানীৰ গিলাচ আৰু প্লেটত খোৱা বস্তু আছে৷

আনহাতে বিধায়ক দুগৰাকীৰ সন্মুখত থকা ডাঙৰ গিলাচ দুটাও ভৰ্তি হৈ আছে৷ আটাইকেইজন পুৰষ মহিলাই কথা পতাত ব্যস্ত৷ এয়া এখন ফটোৰ দৃশ্য৷ যিখন ফটো যোৱা ৩০ ঘণ্টা ধৰি ভাইৰেল হৈ পৰিছে অসমত৷ একাংশ লোকে বিধায়ক দুজনৰ সন্মুখত থকা গিলাচ দুটাত মদ ভৰ্তি হৈ থকা বুলি সন্দেহ কৰে৷ 

ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ফটোখনত অগপৰ আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকা, দিছপুৰৰ বিধায়ক অতুল বৰা আৰু হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াক দেখা গৈছে৷ খুব সম্ভৱতঃ এই ফটো কেইখন গ্ৰাম্য অঞ্চলৰ কোনো কাৰ্যালয়ত কোনো লোকে গোপনে তুলিছে৷ 

বহু লোকে বিধায়ক দুগৰাকীৰ গিলাচত মদ থকা বুলি সন্দেহ কৰিছে৷ ইয়াৰ লগে লগে মহিলাৰ সন্মুখত মদ্যপান কৰা বুলি বিভিন্ন ধৰণে সমালোচনা কৰে৷ কিন্তু গিলাচত যে প্ৰকৃততে মদ আছে বা বিধায়কদুগৰাকীয়ে মদ্যপান কৰি আছে সেই কথা এতিয়ালৈ পোহৰলৈ অহা নাই৷ কিন্তু ছচিয়েল মিডিয়াত আন বহু বিষয়ৰ লগতে এই ফটোখন চৰ্চা লাভ কৰিছে৷ এই ফটোখন কোন ঠাইৰ সেই কথা এতিয়ালৈ পোহৰলৈ অহা নাই৷ 

ফেচবুকত এই ফটো আপলোড কৰি জ্যেষ্ঠ সাংবাদিক মণজিত কুমাৰ মহন্তই কয় ‘‘আমাৰ জনপ্ৰতিনিধিসকলে পৰ্যালোচনা বৈঠকত মিলিত হৈছে কোনোবা একাংশ বিষয়াৰ সৈতে৷ মুখবোৰ সকলোৰে চিনাকী৷ বিজেপিৰ বিধায়কো আছে, অগপৰ বিধায়কো আছে৷ সন্মুখত গিলাচভৰ্তি Beer আৰু বাতিত সম্ভৱতঃ মঙহ বা ভজা মাছ৷ অৱশ্যে মহিলা বিধায়িকাগৰাকীৰ সন্মুখত Beer ৰ গিলাচ নাই৷ কিনো কৰিব, ইমান গৰম, কেৱল ৰাইজৰ কথা ভাবিলেই হ’বনে! এনেকৈয়ে জাতি-মাটি-ভেটিৰ চিন্তন চলিছে এতিয়াৰ অসমত৷ ফটোকেইখন তাত উপস্থিত থকা এগৰাকীয়েই তুলি বন্ধুমহললৈ প্ৰেৰণ কৰিছিল৷ মই পাই আপোনালোকলৈ দিলোঁ৷’’

অঞ্জন দেউৰীয়ে কয় ‘‘বিজেপি বিধায়কৰ সংস্কাৰ, মহিলা বিধায়িকা, কৰ্মচাৰীৰ সন্মুখতেই "কামটো"। দাদাক মাতি সুধিব দিব লাগিব, কামটো দিনতেই কৰিছে নে ৰাতি কৰিছে।’’