গুৱাহাটীঃ যোৱা ২৪ ঘন্টাত ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এখন ফটোৱে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ ছচিয়েল মিডিয়াত বিতৰ্কৰ সৃষ্টি কৰা ফটো খনত এজন যুৱক আৰু এটা আৱক্ষ প্ৰতিমূৰ্তি দেখা যায়৷ 

প্ৰতিমূৰ্তিটো হৈছে অসমৰ মান, অভিমান, আৱেগ অনুভূতি অসম ৰত্ন সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ৷ যুৱকজনে জোতা, লংপেন্ট, চাৰ্ট পিন্ধি প্ৰতিমূৰ্তিটোৰ ওপৰত উঠি ফটোৰ বাবে পজ দিছে৷

জোতা পিন্ধি প্ৰতিমূৰ্তিৰ ওপৰত উঠি তোলা ফটো খন কম সময়ৰ ভিতৰতে ভাইৰেল হৈ পৰে৷ যিগৰাকী শিল্পীক শ্ৰদ্ধা জনাই অসমীয়া জাতিৰ প্ৰতিগৰাকী লোকৰ মূৰ দো খাই তেনে লোকক ঘোৰ অপমান কৰি প্ৰতিমূৰ্তিৰ ওপৰত উঠাই নহয় জোতা পিন্ধি ফটো উঠিবৰ বাবে পজ দিয়াৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ফটো খন যোৱা ২৪ ঘন্টাত ভাইৰেল হৈ পৰে৷ একাংশ লোকে ফটো খন নিজৰ নিজৰ টাইম লাইনত আপলোড কৰি যুৱকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷

ৰাজ্য খনত একাংশ লোকে ছচিয়েল নেটৱৰ্কিং ছাইট যেনে ফেচবুক আৰু মেচেজিং এপ যেনে ৱাটছএপক অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে এই ফটো খনে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বিভিন্ন সময়ত বিদ্বেষজনক মন্তব্য, আপত্তিজনক ফটো-ভিডিঅ’ৰ বাবে বহু লোক জেল হাজোতত যাব লগা হোৱাৰ সময়তে এই ফটোখন ভাইৰেল হৈ পৰে৷

উৰাবাতৰি, অথবা বহু বিষয়ত অপবাখ্যা আগবঢ়োৱা পোষ্ট দি বহু লোকে ফেচবুকক অপব্যৱহাৰ কৰি আহিছে৷ আনহাতে xet kartik raj jack নামৰ একাউন্টৰ পৰা এই ফটো খন আপলোড কৰা বুলি কয় একাংশ লোকে৷

একাউন্টটোত তিনিচুকীয়াৰ ঠিকনা উল্লেখ আছে৷ আনহাতে একাংশ লোকে যুৱকজনক সুধাকন্ঠৰ অনুৰাগী বুলি কৈ অজানিতে ভুল কৰা বুলিও কয়৷ আনহাতে ফটো খন কোন ঠাইৰ আৰু কেতি ফেচবুকত আপলোড কৰিছিল সেই কথা জানিব পৰা হোৱা নাই।