গুৱাহাটীঃ এটা কবিতা যাৰ শিৰোনাম "সিহঁত উলংগ  হ'ল'।, আজি পুৱা ব্যৱসায়ী, চলচিত্ৰ প্ৰযোজক লুইত কুমাৰ বৰ্মনৰ ফেচবুক একাউন্টত দিয়াৰ মুহূৰ্ততে কবিতাটো ফেচবুক, হোৱাটছআপত ভাইৰেল হ'ল ৷ নাগৰিকত্ব সংশোধনী বিলৰ প্ৰতিবাদত  কিছুমান অসমীয়া লোক উলংগ হব লগা কাৰ্যত পৰম ক্ষোভিত হয় অসমীয়া যুৱক কেইজনমান ! কি কৰিম কি নকৰিম বুলি ভাবি থাকোতে তাৰ প্ৰতিবাদত বিজ্ঞানী বাপুকন চৌধুৰীয়ে এটা কবিতা লিখে " সিহঁত উলংগ হ'ল " ৷ কবিতাটো আবৃত্তি কৰে চিকিৎসক ৰিদিপ বৰাই আৰু তাত সংগীত/ শব্দ দিয়ে ৰাহুল দাধৰাই ৷ 

কবিতাটো আজি সাংঘাতিকভাৱে ছ'চিয়েল মিডিয়াত ভাইৰেল হয় ৷ আমাৰ সংবাদদাতাই লুইত বৰ্মনৰ লগত যোগাযোগ কৰাত তেওঁ কয় যে "আমি আন্দোলনৰ নামত পথত নামিব পৰা নাই, কিন্তু তাৰমানে এনে নহয় যে আমি নাগৰিকত্ব বিল সমৰ্থন কৰিছোঁ ৷ আন্দোলনত নমা ব্যক্তিসকলৰ প্ৰতি যে আমাৰ তীব্ৰ সমৰ্থন আছে বা তেওঁলোকক মানসিক শক্তি আগবঢ়োৱাৰ বাবে আমি এনে পদক্ষেপ লৈছো ৷ কোনো কাৰণত যাতে এই বিলখন গৃহীত নহয় তাৰ বাবে আমি সজাগ থাকিব লাগিব ৷ 

আনহাতে ডাঃ ৰিদিপ বৰাই কয় যে " সুদীৰ্ঘ ১৮ বছৰৰ মুৰত মই আবৃত্তি কৰিছোঁ ৷ সকলোৰে প্ৰতিবাদৰ ভাষা বেলেগ ৷ মোৰ প্ৰতিবাদ কবিতাৰ আবৃতিৰ দ্বাৰাই কৰিছোঁ " ৷ আনহাতে বাপুকন চৌধুৰীয়ে কয় যে " মই কবিতাটো সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত লিখিছিলোঁ, ভবা নাছিলো যে এইটো এনেকৈ ভাইৰেল হ'ব ৷ মই বৰ্মন আৰু বৰাক বিশেষভাবে ধন্যবাদ জনাইছো যে তেওঁলোকে  এই বিলখনৰ বিৰোধিতা কৰিছে ৷ " সংগীত পৰিচালক ৰাহুল দাধৰাই এই কবিতাত সংগীত/ শব্দ দিবলৈ পাই খুবেই সুখী ৷ তেওঁ কয় যে "জাতিধ্বংসী কোনো কাৰ্যকে আমি সমৰ্থন নকৰোঁ ৷ যাৰ যেনেকৈ সামৰ্থ আছে,  সকলোৱে তেনেকৈ প্ৰতিবাদ কৰা উচিত ৷ কোনোবাই আন্দোলন কৰি, কোনোবাই সংগীতৰ দ্বাৰা বা কোনোবাই আইনৰ দ্বাৰা ৷ মুঠতে এই বিল কোনোপধ্যে গৃহীত হ'ব নালাগে "

তলত আজিৰ এই ভাইৰেল কবিতাটো আমাৰ দৰ্শকৰ বাবে আগবঢ়োৱা হ’লঃ