নতুন দিল্লীঃ সকলোৰে হাতে হাতে স্মাৰ্টফোন। বিশ্বৰ ভিতৰতে স্মাৰ্টফোন সৰ্বাধিক বিক্ৰী হোৱা দেশসমূহৰ অন্যতম হৈ পৰিছে ভাৰত। কিন্তু দুৰ্ভাগ্যজনকভাৱে এইখন ভাৰততে প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়াত পৰিছে মোবাইল নেটৱৰ্ক প্ৰদানকাৰী টেলিকম কোম্পানীসমূহ। মোদী চৰকাৰৰ প্ৰথমটো কাৰ্যকালত দেশৰ চৌদিশে জনপ্ৰিয় হৈ পৰা এয়াৰচেল আৰু ৰিলায়েন্স বন্ধ হৈ পৰাৰ পিছত দ্বিতীয়টো কাৰ্যকালত একে দিশেৰে গতি কৰিবলৈ লৈছে ভোডাফোন-আইডিয়া আৰু এয়াৰটেলে।

এডজাষ্টেড গ্ৰছ ৰেভিনিউ চমুকৈ এজিআৰ বিষয়ক নীতি-নিয়মৰ বাবেই এনেদৰে ভাৰতত সংকটৰ গৰাহত পৰিবলগীয়া হৈছে এটাৰ পিছত এটাকৈ টেলিকম কোম্পানী। সৰ্বোচ্চ ন্যায়ালয়ে এই সম্পৰ্কীয় এক গোচৰৰ ৰায়দান কৰি ভোডাফোন-আইডিয়া আৰু এয়াৰটেলক লাইচেন্স ফিজৰ লগতে সুতে-মূলে ৮৩,০০০ কোটি টকা ভাৰত চৰকাৰৰ টেলিকম বিভাগক আদায় দিয়াৰ নিৰ্দেশ প্ৰদান কৰিছে। উল্লেখ্য যে এই এজিআৰক লৈ ২০০৫ চনৰে টেলিকম বিভাগ আৰু টেলিকম কোম্পানীসমূহৰ মাজত মতানৈক্য চলি আহিছে।

নিয়ম অনুযায়ী টেলিকম কোম্পানীসমূহে উপাৰ্জন কৰা ধনৰ এটা অংশ চৰকাৰক জমা দিব লাগে। টেলিকম কোম্পানীয়ে চৰকাৰক জমা দিবলগীয়া উক্ত ধনখিনিয়েই হৈছে এডজাষ্টেড গ্ৰছ ৰেভিনিউ চমুকৈ এজিআৰ। কোম্পানীসমূহে দাবী কৰি আহিছে যে টেলিকম ব্যৱসায়ৰ জৰিয়তে উপাৰ্জন কৰা ধনৰাশিকহে এজিআৰৰ অন্তৰ্ভুক্ত কৰিব লাগে। বিপৰীতে চৰকাৰে কৈছে যে টেলিকম ব্যৱসায়ৰ লগতে উক্ত কোম্পানীসমূহে কৰা আন ব্যৱসায়সমূহৰ পৰা হোৱা উপাৰ্জন তথা জমা থোৱা ধনৰ বাবদ লাভ কৰা সুতো ইয়াৰ আওতালৈ আহিব।

২০১৯ চনৰ ২৪ অক্টোবৰত উচ্চতম ন্যায়ালয়ে ভাৰত চৰকাৰৰ টেলিকম বিভাগে নিৰ্ধাৰণ কৰা এজিআৰৰ সংজ্ঞা অপৰিৱৰ্তিত ৰাখি অনাদায় হৈ থকা ধন শীঘ্ৰে আদায় দিবলৈ নিৰ্দেশ দিয়াৰ পিছতে এতিয়া শলঠেকত পৰিছে টেলিকম কোম্পানীসমূহ। 

টেলিকম কোম্পানীসমূহৰ এতিয়া কেনে দশা চলিছে?

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত টেলিকম কোম্পানীসমূহ ধন আদায় দিবলৈ যথাসম্ভৱ চেষ্টা অব্যাহত ৰখাৰ লগতে সময়সীমা যাতে আৰু বঢ়াই ল’ব পৰা যায় তাৰো প্ৰয়াস চলাই আছে। ইয়াৰ বাবে কেবাটাও টেলিকম কোম্পানীয়ে বিত্তমন্ত্ৰীকো সাক্ষাৎ কৰিছে। ভোডাফোন-আইডিয়া আৰু এয়াৰটেল কৰ্তৃপক্ষই স্পষ্টকৈ কৈছে যে তেওঁলোকৰ হাতত সমুদায় ফিজ আদায় দিব পৰাকৈ ধন নাই। 

ভোডাফোন-আইডিয়াৰ অধ্যক্ষ কুমাৰ মংগলমে এই বুলিও কৈছে যে যদিহে চৰকাৰে তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি নাহে তেন্তে তেওঁলোকে কোম্পানীত তলা লগাবলৈ বাধ্য হৈ পৰিব। আনহাতে ভাৰতী এয়াৰটেলৰ অধ্যক্ষ সুনীল ভাৰতীয়ে তথ্য সম্প্ৰচাৰ মন্ত্ৰীক সাক্ষাৎকাৰ কৰাৰ পিছত সাংবাদিকক জনাই যে এজিআৰৰ নামত দিবলগীয়া ধনে তেওঁলোকৰ কোম্পানীলৈ ভয়াৱহ সংকট নমাই আনিছে। অৱশ্যে তেওঁ দূৰসংযোগ বিভাগক আশ্বাস দিয়ে যে ১৭ মাৰ্চৰ ভিতৰত অনাদায় হৈ থকা ধন আদায় দিবলৈ চেষ্টা চলাব।

কোন কোম্পানীয়ে কিমান ধন দিবলৈ আছে?

চৰকাৰী তথ্য অনুযায়ী ভোডাফোন-আইডিয়াই লাইচেন্স ফিজৰ নামত ২৮৩০০ কোটি টকা দিবলৈ বাকী আছে। কোম্পানীটোৱে ১৭ ফেব্ৰুৱাৰী পৰ্যন্ত ৩৫০০ কোটি ইতিমধ্যে আদায় দিছে। বিনিয়োগ বিশেষজ্ঞসকলৰ মতে সুতসহ সমুদায় ধন আদায় দিবলৈ হ’লে একপ্ৰকাৰ বন্ধ হোৱাৰ উপক্ৰম হৈ পৰিব ভোডাফোন-আইডিয়া। ইতিমধ্যে ভোডাফোন-আইডিয়াৰ মূল কোম্পানী ভোডাফোন আৰু আদিত্য বিৰলা গ্ৰুপে ভাৰতত আৰু ধন বিনিয়োগ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। 

আনহাতে এয়াৰটেলে আদায় দিবলগীয়া ধনৰ পৰিমাণ হৈছে ২১৬০০ কোটি। ১৭ ফেব্ৰুৱাৰীত এয়াৰটেলেও কিছু অংশ আদায় দিছে আৰু বাকী থকাখিনি ১৭ মাৰ্চৰ ভিতৰত আদায় দিবলৈ পৰিকল্পনা গ্ৰহণ কৰাৰ কথা সদৰী কৰিছে। টেলিকম বিভাগক ধন আদায় দিবলৈ আছে টাটা টেলিছাৰ্ভিছেছ আৰু জিঅ’য়ো। কিন্তু টাটাৰ গ্ৰাহক তেনেই কম হোৱা বাবে আদায় দিবলগীয়া ধনৰ পৰিমাণো সামান্য। একেদৰে জিঅ’ই ব্যৱসায় আৰম্ভ কৰিবলৈ মাত্ৰ কেইটামান বছৰহে হোৱা বাবে উক্ত কোম্পানীটোৱেও আদায় দিবলগীয়া ধনৰ পৰিমাণ অধিক নহয়।

গ্ৰাহকৰ ওপৰত প্ৰভাৱ

এই মুহূৰ্তত উদ্বেগৰ প্ৰধান কাৰণ এয়াই যে অনাদায় হৈ থকা ধন আদায় দিয়াৰ নামত যাতে কোনো কোম্পানী বন্ধ হৈ নাযায়। এইক্ষেত্ৰত অধিক স্পৰ্শকাতৰ হৈ আছে ভোডাফোন-আইডিয়া। কোম্পনীটোৰ গ্ৰাহকৰ সংখ্যা হৈছে ৩৩ কোটি ৬০ লাখ। আনহাতে এয়াৰটেলৰ গ্ৰাহকৰ সংখ্যা ৩২ কোটি ৭০ লাখ আৰু জিঅ’ৰ গ্ৰাহকৰ সংখ্যা হৈছে ৩৬ কোটি ৯০ লাখ।

বিবিচিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত 'কেয়াৰ ৰেটিংছ’ৰ শীৰ্ষ বিষয়া গৌৰৱ দীক্ষিতে কয় যে কোম্পানী বন্ধ  হৈ পৰিলে গ্ৰাহকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হ’বলগীয়াত পৰিব। 'গ্ৰাহকসকলৰ সমুখত আন টেলিকম কোম্পানীলৈ পৰ্ট কৰাৰ বাদে আন কোনো বিকল্প নাথাকিব।  কিন্তু এইসকল গ্ৰাহকক যিটো কোম্পানীয়ে সেৱা আগবঢ়াব সেই কোম্পানীটোৰ ওপৰত অতিৰিক্ত বোজাই দেখা দিব। ফলত পৰিসেৱাৰ গুণগত মান নিম্নগামী হৈ পৰিব।’ 
 
টুইমবিটৰ টেলিকম বিশেষজ্ঞ মীনাক্ষিৰ মতে গ্ৰাহকসকলে শীঘ্ৰে মূল্যবৃদ্ধিৰ সন্মুখীন হোৱাৰো সম্ভাৱনা আছে। '২০১৯ৰ ডিচেম্বৰৰ পিছতে এয়াৰটেল, ভোডাফোন-আইডিয়া আৰু জিঅ’ই প্ৰিপেইড পেকৰ দাম ১৪-৩৩ শতাংশ পৰ্যন্ত বৃদ্ধি কৰিছে। এতিয়া ৰিচাৰ্ছ পেকসমূহৰ দাম আৰু বৃদ্ধি পালেও আচৰিত হ’বলগীয়া একো নাথাকিব।’-মীনাক্ষিয়ে কয়।

তেওঁ আৰু কয়, 'দাম বৃদ্ধিৰ এই কৌশল চেলুলাৰ অপাৰেটৰ্ছ এছ’চিয়েশ্যন অব ইণ্ডিয়া (COAI)ৰ পৰামৰ্শমতে কৰা হৈছে। COAIৰ মতে যদিহে কোম্পানীসমূহে বিত্তীয় অৱস্থা টনকিয়াল কৰিবলগীয়া হয় তেন্তে গ্ৰাহকৰ পৰা সেই ধন আদায় কৰাৰ বাদে আন উপায় নাই।’ 

বিষয়টোক লৈ COAIৰ মহানিৰ্দেশক ৰাজন মেথিউজে বিবিচিৰ আগত কৈছে, 'বহুসংখ্যক গ্ৰাহকে এতিয়াও ২জি ব্যৱহাৰ কৰি আছে। যদিহে ভোডাফোন বন্ধ হৈ পৰে তেন্তে সৰ্বাধিক ক্ষতিগ্ৰস্ত হ’ব এইসকল গ্ৰাহক। তেওঁলোকে ২জি বাদ দি ৪জি ব্যৱহাৰ কৰিবলৈ বাধ্য হৈ পৰিব। কাৰণ ভোডাফোন  বন্ধ হ’লে বাকী থাকিব মাত্ৰ দুটা কোম্পানী এয়াৰটেল আৰু জিঅ’। এয়াৰটেলে ইমান গ্ৰাহকক সেৱা আগবঢ়োৱাৰ ক্ষমতা নাই। জিঅ’ৰ আকৌ ২জি সেৱা নাই। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ’ল ২জি ব্যৱহাৰ কৰা গ্ৰাহকসকলে স্মাৰ্টফোনৰ পৰিৱৰ্তে বাজেট ফোন চলোৱাতহে অভ্যস্ত।’ 

কৰ্মসংস্থাপনৰ ক্ষেত্ৰত প্ৰভাৱ

প্ৰাপ্ত তথ্য অনুযায়ী ভোডাফোন-আইডিয়াত কৰ্মৰত স্থায়ী কৰ্মচাৰীৰ সংখ্যা হৈছে প্ৰায় ১৪ হাজাৰ। কিন্তু ভোডাফোন-আইডিয়াৰ ওপৰত নিৰ্ভৰ কৰি জীৱিকা নিৰ্বাহ কৰা বা পৰোক্ষ সংস্থাপন লাভ কৰা লোকৰ সংখ্যা হৈছে অতিকমেও ১ লাখ।  যদিহে ভোডাফোন-আইডিয়া আশংকা কৰা ধৰণে বন্ধ হৈ পৰে তেন্তে সমগ্ৰ দেশতে এটা মুহূৰ্ততে নিৱনুৱা হৈ পৰিব ১ লাখৰো অধিক লোক। বিগত সময়ছোৱাত নিৱনুৱা সমস্যাই ৪৫ বছৰৰ ভিতৰত ভয়াৱহ ৰূপ ধাৰণ কৰালৈ চাই এনে পৰিস্থিতিয়ে দেশৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পেলোৱাৰ পূৰ্ণ মাত্ৰাই সম্ভাৱনা আছে।

আনহাতে টেলিকম কোম্পানীসমূহৰ মাত্ৰ এটাও যদি বন্ধ হৈ পৰে তেন্তে বেংকি খণ্ডতো দেখা যাব ইয়াৰ স্পষ্ট প্ৰভাৱ। কিয়নো বেংকৰ পৰা উক্ত কোম্পানীসমূহে ইতিমধ্যে বৃহৎ পৰিমাণৰ ঋণ গ্ৰহণ কৰি থৈছে। 'যদিহে কোনো এটা টেলিকম কোম্পানী বন্ধ হৈ পৰে তেন্তে দেশৰ অৰ্থনীতিত ইয়াৰ স্পষ্ট প্ৰভাৱ পৰিব। আৰু ইয়াৰ প্ৰভাৱ বেংকসমূহতো দেখা যাব।’-এইদৰে কয় এছবিআইৰ অধ্যক্ষ ৰজনীশ কুমাৰে।

চৰকাৰৰ ওচৰত বিকল্প কি আছে?

বিশেষজ্ঞসকলৰ মতে, অৰ্থনীতিৰ এই সংকটকালত টেলিকম কোম্পানীসমূহক বন্ধ হোৱাৰ পৰা ৰক্ষা কৰিবলৈ এতিয়াও কেবাটাও বিকল্প পথ খোলা আছে। ইয়াৰে অন্যতম হৈছে 'টাৰ্ম ডেট’। COAIৰ মহানিৰ্দেশক ৰাজন মেথিউজে 'বিবিচি’ আৰু 'বিজিনেছ টুডে’ক জনোৱা মতে কোম্পানীসমূহ বন্ধ হৈ যোৱাৰ পৰা ধৰি ৰখাতো হৈছে চৰকাৰৰ অন্যতম দায়িত্ব।

'কোম্পানীসমূহ অনাদায় হৈ থকা ধন পৰিশোধৰ বাবে সুতসহ এক সুবিধাজনক সময়সীমা ধৰি দিব লাগে যাতে কোনো অসুবিধাত পৰিবলগীয়া নহয়। ইয়াৰ পিছত টেলিকম কোম্পানীসমূহৰ সৈতে টেলিকম বিভাগে বৈঠকত মিলিত হৈ এজিআৰক লৈ চলি থকা দীৰ্ঘদিনীয়া মতানৈক্য দূৰ কৰি সহমতত উপনীত হোৱা উচিত। লাইচেন্স ফিজ হ্ৰাস কৰিব লাগে আৰু স্পেকট্ৰাম চাৰ্জো কম কৰিব লাগে যাতে কোম্পানীবোৰে কিছু ধন ৰাহি কৰিব পাৰে।’-COAIৰ মহানিৰ্দেশক ৰাজন মেথিউজৰ পৰামৰ্শ।

আন এগৰাকী টেলিকম বিশেষজ্ঞ মহেশ উপ্পলৰো একেই মন্তব্য। তেওঁ কয়, 'চৰকাৰে টেলিকম খণ্ডক নিজৰ লাভালাভৰ বাবে ব্যৱহাৰ কৰিছে। কিন্তু চৰকাৰে এয়া উপলব্ধি কৰা উচিত যে দেশৰ অৰ্থব্যৱস্থাৰ লগতে বিকাশ আৰু উন্নয়নৰ ক্ষেত্ৰতো টেলিকম খণ্ডৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে।’

চৰকাৰে স্পেকট্ৰাম আৱণ্টনৰ সময়ত লোৱা বেংক গেৰাণ্টী জব্দ কৰিও সমস্যাৰ সমাধান কৰিব পাৰে বুলি মন্তব্য কৰিছে কেয়াৰ ৰেটিংছৰ টেলিকম বিশেষজ্ঞ গৌৰৱ দীক্ষিতে। 'টেলিকম বিভাগে স্পেকট্ৰাম আৱণ্টন দিয়াৰ সময়ত কোম্পানীসমূহৰ সৈতে পাৰফৰ্মেন্স এগ্ৰিমেণ্ট কৰিছিল। যদিহে সেই এগ্ৰিমেণ্ট ভংগ কৰিছে তেন্তে বেংক গেৰাণ্টী জব্দ কৰাৰ দৰে পদক্ষেপো চৰকাৰে গ্ৰহণ কৰিব পাৰে।’-বিশেষজ্ঞগৰাকীয়ে কয়। টেলিকম লাইচেন্স বাতিল কৰি উক্ত কোম্পানীৰ সমূহ সম্পত্তি অইন কোম্পানীৰ সৈতে একত্ৰিকৰণৰ ব্যৱস্থাও চৰকাৰে কৰিব পাৰে বুলিও উল্লেখ কৰে বিশেষজ্ঞ দীক্ষিতে।

অৱশ্যে এনে পদক্ষেপে দেশৰ টেলিকম উদ্যোগক একেবাৰে দুৰ্বল কৰি তোলাৰ আংশকা ব্যক্ত কৰিছে আন বিশেষজ্ঞসকলে। তেঁওলোকৰ মতে ভোডাফোন-আইডিয়াৰ লাইচেন্স বাতিল কৰিলে দেশত মাত্ৰ দুটা টেলিকম কোম্পানীহে থাকিব আৰু তাৰ ফলত গ্ৰাহকসকলে নিম্নমানদণ্ডৰ সেৱা লাভ কৰিবলগীয়াত পৰিব।

'অচিৰেই ৪জি গুচি ৫জিৰ যুগৰ আৰম্ভ হ’ব। এনে পৰিপ্ৰেক্ষিতত শক্তিশালী নেটৱৰ্ক প্ৰদানৰ জৰিয়তে ব্যৱসায়ত তিষ্ঠি থাকিবলৈ কোম্পানীসমূহ স্থিতিশীল হ’ব লাগিব। কিন্তু যদিহে ভাৰতৰ দৰে জনবহুল দেশ এখনত মাত্ৰ দুটা কোম্পানীহে থাকে তেন্তে উদ্ভাৱন আৰু প্ৰগতিৰ ক্ষেত্ৰত সেয়া এক অন্তৰায় হৈ পৰিব। কাৰণ দুটা কোম্পানীয়ে যি সিদ্ধান্ত গ্ৰহণ কৰে গ্ৰাহকে সেয়াই বিনাদ্বিধাই মানি ল’বলৈ বাধ্য হ’ব। গ্ৰাহকৰ হাতত বিকল্প নাথাকিব।’-এইদৰে কয় আন এগৰাকী টেলিকম বিশেষজ্ঞ মীনাক্ষিয়ে। 

তেওঁ আৰু কয় যে টেলিকম কোম্পানীসমূহৰ এই দুৰৱস্থা কেৱল টেলিকম খণ্ডৰ বাবেই নহয়, বাকী ব্যৱসায় আৰু খণ্ডৰ বাবে চিন্তাৰ কাৰণ। সমগ্ৰ পৰিস্থিতিলৈ চাই যেতিয়ালৈ চৰকাৰ আৰু কোম্পানীসমূহৰ মাজত বৃহৎ পৰিমাণৰ কৰ আৰু মাচুলক লৈ সৃষ্টি হোৱা গতিৰোধক আলোচনাৰ জৰিয়তে নাইকিয়া কৰিব পৰা নাযায় তেতিয়ালৈকে দেশৰ অৰ্থব্যৱস্থা, কৰ্মসংস্থাপন আৰু গ্ৰাহকসকলৰ ওপৰত যিকোনো মুহূৰ্ততে আকাশ খহি পৰাৰ দুৰ্ভাৱনা থাকিবই বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে দেশৰ প্ৰায় সংখ্যাক আগশাৰীৰ টেলিকম বিশেষজ্ঞসকলে।