হেমন্ত কলিতা, নলবাৰী

নলবাৰীঃ বৰক্ষেত্ৰী সমষ্টিৰ মুকালমুৱাৰ লাৰকুছিৰ এগৰাকী কাঠমিস্ত্ৰিয়ে পেলনীয়া প্লাষ্টিকৰপৰা উদ্ভাৱন কৰিছে ইন্ধন। লাৰকুছি গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ খুৰছেদ আহমেদ নামৰ কাঠমিস্ত্ৰি গৰাকীয়ে কোনো প্ৰযুক্তি বিদ্যা নোহোৱাকৈ পেলনীয়া প্লাষ্টিকৰপৰা ইন্ধন প্ৰস্তুত কৰি নিজৰ বুদ্ধিৰ পৰিচয় দাঙি ধৰে।

এটা বন্ধ ড্ৰামত প্লাষ্টিক সমূহ ভৰাই তপতাই লৈ তেওঁ সাজি উলিওৱা পদ্ধতিৰে ক্ৰমে পেট্ৰল, ডিজেল, কেৰাচিন, কাৰ্বন গেছ আদি প্ৰস্তুত কৰে।খুৰছেদৰ প্ৰচেষ্টাত প্ৰস্তুত হোৱা এই পেট্ৰল, ডিজেল পৰীক্ষামুলকভাৱে স্থানীয় যুৱক সকলে বাইক, টেম্প’ আদিত ব্যৱহাৰ কৰি পৰীক্ষা কৰিছে।

উল্লেখযোগ্য যে, কাঠমিস্ত্ৰি খুৰছেদে নেপালত এনেদৰে প্লাষ্টিকৰপৰা ইন্ধন প্ৰস্তুত কৰা দেখিছিল আৰু তাৰ পৰাই কিছু জ্ঞান আহৰণ কৰি অশেষ কষ্টৰে প্ৰচেষ্টা কৰি ইন্ধন প্ৰস্তুত কৰিবলৈ সক্ষম হৈছিল বুলি উল্লেখ কৰে খুৰছেদে। খুৰছেদৰ এই প্ৰচেষ্টা এতিয়া সমগ্ৰ বৰক্ষেত্ৰীতে ব্যাপক চৰ্চা লাভ কৰিছে। খুৰছেদে ঘৰতে কেনেদৰে ইন্ধন প্ৰস্তুত কৰিছে সেই দৃশ্য চাবলৈ খুৰছেদৰ ঘৰত অসংখ্য লোকে ভিৰ কৰিছেহি।

২ নং লাৰকুছিৰ ৰহমত আলীৰ পুত্ৰ খুৰছেদ অতি দৰিদ্ৰ পৰিয়ালৰ এগৰাকী সাধাৰণ কাঠমিস্ত্ৰি। সেয়েহে তেওঁ অসম চৰকাৰৰপৰা কিছু সহায় সহযোগ বিছাৰিছে। চৰকাৰে সহায় কৰিলে আৰু অধিক উন্নত পদ্ধতিৰে ইন্ধন প্ৰস্তুত কৰি ৰাইজক কম মূল্যতে ইন্ধন যোগান ধৰিব খুৰছেদে।