কাৰ্বি পাহাৰত এতিয়া উন্নয়নমূলক কামকাজৰ সলনি বিসম্বাদৰ ৰাজনীতি চলিছে..... বিসম্বাদৰ ৰাজনীতিয়ে সমষ্টিটোত এক অৰাজক অৱস্থাৰ সৃষ্টি কৰিছে....... কনক দেউৰীৰ বিশেষ প্ৰতিবেদন ২০২১ৰ বিধানসভা নিৰ্বাচন সমাগত। মাজত মাথো কেইটামান মাহহে বাকী নিৰ্বাচনলৈ। আৰু তেনে সময়তে পশ্চিম কাৰ্বি আংলঙৰ তথা কাৰ্বি পৰিষদৰ পৰিষদীয় কপিলী আৰু আমৰি সমষ্টিৰ পিছতেই এইবাৰ ৯ নম্বৰ আমৰেং সমষ্টিত ন-বিজেপি আৰু পুৰণি বিজেপিৰ মাজত ব্যাপক বেমেজালিৰ লগতে সংঘাত আৰম্ভ হৈছে। পশ্চিম কাৰ্বি আংলঙত পৰিষদীয় সমষ্টিসমূহত আৰম্ভ হোৱা বিদ্ৰোহে পৰিস্ফুটভাৱে বিজেপিলৈ আনিছে এক অশুভ-অশনি সংকেত। পাহাৰীয়া জিলাখনত বিজেপিৰ পতন অনিবাৰ্য নেকি!
পৰিয়ালকেন্দ্ৰীক ৰাজনীতিয়ে বিসম্বাদ আনিছে পশ্চিম কাৰ্বিআংলংলৈ।
গুৰুত্বপূৰ্ণ যে উক্ত সমষ্টিটোত উন্নয়নমূলক কামকাজ নিজৰ আপোন মানুহৰ লগতে নিজৰ পচন্দৰ মানুহক কৰিবলৈ দিয়াৰ লগতে বুথ কমিটি, যুৱ মৰ্চা, মহিলা মৰ্চা, বিজেপি মণ্ডল কমিটি আদি গঠন কৰাৰ ক্ষেত্ৰত নিজৰ পচন্দৰ ব্যক্তিক অগ্ৰাধিকাৰ দি পূৰণি বিজেপি নেতা-কৰ্মীক বঞ্চিত আৰু অৱহেলিত কৰি আহিছে বুলি এক গুৰুতৰ অভিযোগ উত্থাপন কৰে সভাপতি ৰদীপ ৰংহাং-জনপ্ৰতিনিধি ৰীণা টেৰাংপিৰ বিৰুদ্ধে একে বিজেপি দলৰ নেতা-কৰ্মীয়ে। মুঠতে একনায়কত্ববাদ, অৰাজকতা আৰু নিজৰ মইমতালিৰে আমৰেং সমষ্টিত ৰীণা টেৰাংপিয়ে শাসন চলোৱাৰ চেষ্টা কৰিছে।
Attachments area
|
|
|
আমাৰ লক্ষ্য 'News Next One’ক মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা। কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ। সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক। আমাৰ বেংক একাউণ্ট নম্বৰঃ NEWSNEXTONE.COM, A/C No: 50200046365374, IFSC: HDFC0000758, HDFC BANK, Noonmati Branch।