‘‘যুধিষ্ঠিৰৰূপী অৰুণ টেৰাং আৰু বিষ্ণুৰূপী তুলিৰাম ৰংহাং বিজেপিত আছে , গতিকে আমাৰ জয় নিশ্চিত’’- হৰেনছিং বে

কনক দেউৰী,খেৰণিঃ ডিফু সংসদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী হৰেনছিং বে’ক আজি উষ্ম আদৰণি জনায় পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ’ বিধানসভা সমষ্টিত৷ উৎফুল্লিত জনতাই উৎসাহ-উদ্দীপনাৰে সাংস্কৃতিক নৃত্য গীতেৰে প্ৰথমে খেৰণি ফৰেষ্ট বজাৰত প্ৰাৰ্থীগৰাকীক আদৰণি জনোৱাৰ পিছতে বিশাল মটৰ চাইকেল, বাহন আদিৰ ৰেলীৰে খেৰণি ফৰেষ্ট বজাৰৰ পৰা বৈঠালাংছলৈ আদৰি অনা হৰেনছিং বে’ক খেৰণি, জেংখা, কলঙা, ডংকামোকাম, বৰথল আদি স্থানত উষ্ম আদৰণি জনাই সমষ্টিবাসীয়ে। 

আদৰণি অনুষ্ঠানত উপস্থিত থাকে কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, বিধায়ক ডঃ মানছিং ৰংপি, কাৰ্যবাহী সদস্যসকল আৰু পৰিষদীয় সদস্যসকল ৷ সহস্ৰাধিক সমৰ্থকৰ আদৰণি গ্ৰহন কৰি বে’য়ে এইদৰে কয়, তেওঁ ৰাইজৰ সহায় সহযোগিতাৰে যদি সাংসদ হ’ব পাৰে তেনেহলে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক পুনৰ দেশৰ প্ৰধানমন্ত্ৰী কৰাত সহায় কৰিব, লগতে Article (244)A স্বায়ত্ত শাসিত ৰাজ্য দাবীৰ কাৰ্যসূচী, MOS আৰু MOU সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাৰ বাবে কাম কৰিব বুলি উল্লেখ কৰে হৰেনছিঙে।

উল্লেখযোগ্য যে ইপিনে বিজেপিৰ প্ৰাৰ্থী হৰেনছিং বে’ৰ বিৰুদ্ধে মুকলি বিৰোধিতা কৰা অৰুণ টেৰাঙেও আজি ফৰেষ্ট বজাৰত উপস্থিত হৈ শেহতীয়াকৈ আদৰণি জনাই বিজেপিৰ প্ৰাৰ্থীগৰাকীক। পশ্চিম কাৰ্বি আংলঙৰ ৰাজপথৰ বিভিন্ন স্থানত এনেদৰে আদৰণি জনোৱাৰ পাছতেই পশ্চিম কাৰ্বি আংলঙৰ ডালিমবাৰীৰ বৰককত আৰু তুমপ্ৰেঙত আয়োজন কৰা বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভা তথা জনসভাত অংশগ্ৰহণ কৰে উক্ত উল্লেখিত সজাতি দলটোয়ে।

সভাত বিজেপিৰ প্ৰাৰ্থী হৰেনছিং বে’য়ে উপস্থিত সহস্ৰাধিক জনতাক সম্বোধন কৰি কয় যে ‘‘যুধিষ্ঠিৰৰূপী অৰুণ টেৰাং আৰু বিষ্ণুৰূপী তুলিৰাম ৰংহাং বিজেপিত আছে , গতিকে আমাৰ জয় নিশ্চিত’’। এনে তুলনাৰ পাছতেই তেওঁ উল্লেখ কৰে যে সভাপতি অৰুণ টেৰাঙে প্ৰাৰ্থীত্বক লৈ কৰা বিৰোধিতা প্ৰকৃততে এক ৰাজনৈতিক ৰণকৌশল আছিল।

কংগ্ৰেছ দলৰ নেতাকৰ্মীৰ মাজত বিভ্ৰান্তি আৰু মনত এক সন্দেহ আৰু ভুল বাৰ্তা প্ৰেৰণ কৰাৰ লক্ষ্যৰে অৰুণ টেৰাঙৰ জৰিয়তে এনেধৰণৰ বীজ সিঁচা হৈছিল বুলিও মন্তব্য কৰে প্ৰাৰ্থীগৰাকীয়ে। 

সমান্তৰালকৈ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙেও বিজেপি চৰকাৰৰ শলাগ লৈ বিজেপিয়ে পাৰ্বত্য জিলা তিনিখনৰ বাবে কৰা উন্নয়ন আৰু বিকাশৰ খতিয়ান দাঙি ধৰি অনাগত দিনৰ চিন্তা কৰি ৰাইজক বিজেপিৰ প্ৰাৰ্থী হৰেনছিং বে'ক ভোট দান কৰি বিপুল ভোটেৰে জয়যুক্ত কৰিবলৈ আহ্বান জনায়। 

তেনে ফল পালে ৰংহাঙে পুনৰ অনাগত দিনত পাহাৰীয়া জিলাখনত উন্নয়ন আৰু বিকাশ সাধন কৰাত শক্তি লাভ কৰিব আৰু ৰাইজৰো কল্যান হ’ব বুলি উল্লেখ কৰে ৰংহাঙে।