লালুকঃ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা পশ্চিম লালুক হৈ কাছজুলি আৰু ঢেকিয়াজুলিৰ বহু অঞ্চল সংযোগ কৰা পথটোৰ দুৰবস্থাই ৰাইজক জীয়াতু ভূগাই আহিছে৷ উত্তৰ লালুকৰ অধিকাংশ অঞ্চলক সামৰি লোৱা এই পথটোৰ লালুক হাস্পতাল চাৰিআলি সংযোগী স্থানত প্ৰায় ২০০ মিটাৰ অংশৰ অৱস্থা তেনেই তথবৈচ৷

এই পথছোৱাত বোকা পানীৰে ওপচি থকাত যান বাহন দূৰৈৰ কথা সাধাৰণ পথচাৰীসকলো দুৰ্ঘটনাত পতিত হৈছে৷ এজাক বৰষুণ দিলেই পানীৰে ওপচি পৰাৰ লগতে যাতায়তত ব্যাপক সমস্যা সৃষ্টি হয়৷

পথটোত জমা হোৱা পানী ওলাই যোৱাৰ কোনো ব্যৱস্থা নথকাত জমা হোৱা বোকা পানী গচকিয়েই ৰাইজ তথা বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে যাতায়ত কৰিব লগা হৈছে৷ মূলত গড়কাপ্টানি বিভাগৰ অধীনস্থ পথটোৰ উন্নয়নত কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তুলিছে ৰাইজে৷

পূৰ্বতে পানী ওলাই যোৱা নলা বিলাক একাংশ ব্যৱসায়ী তথা মালিকে বন্ধ কৰি দিয়াৰ ফলত পথটোৰ এনে অৱস্থালৈ গতি কৰিছে বুলি উল্লেখ কৰি উক্ত লোক সকলৰ বিৰুদ্ধে ব্যৱস্থা লবলৈও দাৱী জনাইছে৷ পথটোত হোৱা প্ৰকাণ্ড গাঁতৰ ফলত চাইকেল আৰোহী, মটৰ চাইকেল আৰোহী বিভিন্ন সময়ত দুৰ্ঘটনাত পতিত হৈ অঙ্গ ক্ষত হব লগীয়া হৈছে৷

এনে হোৱাৰ পাছতো গড়কাপ্টানি বিভাগে কোনো বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাত লালুক আঞ্চলিক ছাত্ৰ সন্থাই বিভাগ তথা জিলা প্ৰশাসনক ৫ দিনৰ সময় সীমা বান্ধি দি তৎকালীন ভাৱে পথছোৱা মেৰামতি কৰিবলৈ দাবী জনাইছিল৷ স্থানীয় বিধায়কেও পথছোৱাৰ উন্নয়নত গুৰুত্ব নিদিয়াত ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে৷

ইফালে আজি আকস্মিক ভাৱে গড়কাপ্টানি বিভাগে গাঁত আৰু বোকাৰে ওপচি পৰা পথছোৱাত অলপ শিল-বালি পেলাই যাতায়ত সূচল কৰাৰ চেষ্টা চলাই যদিও হিতে বিপৰীত হোৱাহে দেখা গৈছে।