Blue Whale। নীলা তিমি। পৃথিৱীৰ আটাইতকৈ ডাঙৰ স্তন্যপায়ী প্ৰাণী। বাস মহাসাগৰত। পানীৰ ৰজা নীলা তিমি। যেতিয়া নীলা তিমিবোৰ আঘাতপ্ৰাপ্ত হয় তেতিয়া সিহঁত পানীৰ পৰা পাৰলৈ উঠি আহে। কিয়নো পানীত থাকিলে কোবাল সোতে আঘাতপ্ৰাপ্ত অংশত খুন্দা মাৰে। এনেদৰে পাৰলৈ উঠি আহি নীলা তিমিবোৰে মৃত্যুক সাবটি লয়। কোনো কোনো মুহূৰ্তত আকৌ দল বান্ধি তিমিবোৰে পাৰলৈ উঠি আহি মৃত্যু মুখত পৰে। এনে হোৱাৰ বিভিন্ন কাৰণ আছে যদিও বহুতে ইয়াক নীলা তিমিৰ আত্মহত্যা বুলি দাবী কৰি আহিছে।

যোৱা দুই তিনিবছৰত নিউজীলেণ্ড, আমেৰিকা, ভাৰতকে আদি কৰি প্ৰশান্ত, আটলাণ্টিক আৰু ভাৰত মহাসাগৰৰ বহু তিমিয়ে উপকূললৈ উঠি আহি মৃত্যুক সাবটি লৈছিল। মুম্বাইত আৰৱ সাগৰৰ পাৰত উদ্ধাৰ হৈছিল কেবাটাও মৃত নীলা তিমি। সাগৰ-মহাসাগৰত মুক্তমনে ঘূৰি ফুৰি নীলা তিমিৰ বিষয়ে অনেক অজানা তথ্য উদ্ধাৰ কৰিবলৈ গৱেষকসকল ব্যস্ত হৈ থকাৰ সময়তে নীলা তিমিৰ ছবিয়ে এতিয়া বিশ্বৰ অধিকাংশ দেশকে শংকিত কৰি তুলিছে।

ৰাছিয়াত প্ৰথমে আৰম্ভ হোৱা এই শংকা এতিয়া সমগ্ৰ বিশ্বতে বিয়পি পৰিছে Blue Whale Challenge নামেৰে। কি এই Blue Whale Challenge? নিজেই বিলুপ্তপ্ৰায় হ’বলৈ ওলোৱা নীলা তিমিয়েনো মানৱ সমাজৰ সমুখত কি প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে? ওহো নীলা তিমিয়ে নহয়, মানুহে নিজেই নিজৰ সমুখত সৃষ্টি কৰিছে প্ৰত্যাহ্বান। সুখ বিচাৰি বলীয়া হোৱা মানুহৰ হা-হুমুনিয়াহ, হতাশা, আৰ্থিক দুৰৱস্থা আদিৰ সৈতে এনেয়ে সাঙোৰ খাই পৰিছে নীলা তিমি, Blue Whale।

Blue Whaleক লৈ চৰ্চা নচলা দিনবোৰলৈ মনত পেলাওকচোন। তেতিয়া আপুনি 'মৃত্যুৰ খেল’ খেলা মানুহ দেখিছিলনে? নিজেই নিজক উত্তৰ দিয়ক। নিশ্চয় আপোনাৰ মনলৈ আহিছে মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ সময়ত ফলাফল আশানুৰূপ নোহোৱাত আপোনঘাতী হোৱা ছাত্ৰ-ছাত্ৰীবোৰৰ কথা। মনলৈ আহিছে বাতৰিত প্ৰকাশ পোৱা প্ৰেমত প্ৰতাৰিত হৈ বন্ধ কোঠাত চিপ লোৱা যুৱক-যুৱতীসকলৰ কথা। মনত পৰিছেনে ধাৰৰ বোজা বৱ নোৱাৰি এটা পৰিয়ালৰ ৪জনকৈ সদস্যই লজত আত্মহত্যা কৰাৰ বাতৰি। মনত পৰিছেনে শিক্ষকৰ চৰ খাই আপোনঘাতী হোৱা ছোৱালীজনীৰ বাতৰিটোলৈ। মনত পৰিছেনে আপোনঘাতী হোৱা অসমৰ অভিনেত্ৰীগৰাকীৰ কথা। এনেধৰণৰ অলেখ ঘটনাই আমাৰ দেশত, আমাৰ ৰাজ্যত বছৰ বছৰ ধৰি প্ৰতিনিয়ত সংঘটিত হৈ আহিছে।

কেৱল আমাৰ দেশতে নহয়, বিশ্বৰ কেবাখনো উন্নত ৰাষ্ট্ৰতো এনে ঘটনা কোনো নতুন কথা নহয়। অৰ্থাৎ Blue Whale গেমৰ প্ৰসংগ নাহোতেই আমাৰ চৌপাশে বহুতেই খেলি গৈছিল 'মৃত্যুৰ খেল’। এতিয়া Blue Whale গেমক লৈ চৰ্চা হোৱাৰ পিছতে সকলোৱে ভাবিবলৈ লৈছে যে মোবাইল বা কম্পিউটাৰত সকলো কৰিব পৰা হোৱাৰ দৰেকৈ 'মৃত্যুৰ খেল’ খেলিব পৰা হৈছে। পিছে কথাতো তেনে নহয়। কথাটোনো কেনে হয় সেই সম্পৰ্কে ধাৰণা কৰিবলৈ হ’লে আমি প্ৰথমে জানি ল’ব লাগিব Blue Whale Challenge নো প্ৰকৃততে কি?

আমি ধাৰণা কৰাৰ দৰে Blue Whale Challenge আচলতে Delta Force, Call of Duty সদৃশ কোনো কম্পিউটাৰ বা অনলাইন গেম নহয়। কোনো লিংকত ক্লিক কৰি আপুনি এই গেম খেলিব নোৱাৰে। মোবাইলত ডাউনলোড কৰিবলৈ নাই কোনো এপ। আনকি এই গেম খেলিবলৈ নাই কোনো সুকীয়া ৱেবছাইট। 

CLICK► Blue Whale গেম খেলাৰ মন... ইয়াত Click কৰক!

আপুনি, মই বা আমি সকলোৱে ভবাৰ দৰে এই গেমৰ কোনো নিৰ্দিষ্ট এপ বা বেৱছাইট থকা হ’লে ই সমগ্ৰ বিশ্বত বিয়পি পৰিবই নোৱাৰিলেহেতেন। তথ্য প্ৰযুক্তিৰ চৰম উন্নতিৰ যুগত তেনে এপ বা ৱেবছাইটক প্ৰথমটো আত্মহত্যাৰ ঘটনা সংঘটিত হোৱাৰ কথা পোহৰলৈ অহাৰ পিছতে সমগ্ৰ বিশ্বতে বন্ধ কৰি দিব পৰা গ’লহেতেনে। গুগলে সমগ্ৰ বিশ্বতে ছাৰ্ছ ইঞ্জিনত ব্লক কৰিব পাৰিলেহেতেন তেনে ৱেবছাইট বা তেনে লিংক। প্লে ষ্টৰৰ পৰা গুগলে আতৰাব পাৰিলেহেতেন তেনে এপ। পিছে বাস্তৱত তেনে কোনো ৱেবছাইট আৰু এপ নাই বাবেই গুগলকে আদি কৰি তথ্য-প্ৰযুক্তিৰ কোনো জায়েণ্টেই Blue Whale Challenge বন্ধ কৰিব পৰা নাই।

Blue Whale Challengeক একপ্ৰকাৰৰ মিথো বুলিব পাৰি। প্ৰকৃততে ই হৈছে সংগঠিত 'ডেথ গ্ৰুপ’ বা 'মৃত্যু দল’। ফেচবুক সদৃশ ৰাছিয়াৰ জনপ্ৰিয় ছ’চিয়েল মিডিয়া VKৰ জৰিয়তে জীৱনক লৈ নেতিবাচক লোকসকলক লৈ মনো বিজ্ঞানৰ কেইজনমান অজ্ঞাত ছাত্ৰই প্ৰথমে এটি গ্ৰুপ ক্ৰিয়েট কৰিছিল।  "F57" নামৰ এই গ্ৰুপটোত আপলোড কৰা হৈছিল জীৱন সম্পৰ্কে নেতিবাচক মন্তব্য, ফটো, ভিডিঅ’ আৰু কাহিনী। সেই গ্ৰুপটোত ৰাছিয়াৰ ভিন্ন প্ৰদেশৰ বহু হতাশগ্ৰস্ত লোকে যোগ দিয়ে। গ্ৰুপটোত অহৰহ চলিছিল মৃত্যুৰ জয়গান। মনোবিজ্ঞানৰ ছাত্ৰ কেইজনে দেখে যে পৃথিৱীত মৰি মৰি জীয়াই থকা অসংখ্যা লোক আছে। সেই লোকসকলে কেৱল মৰিব বিচাৰে, কিন্তু মৰিবলৈ ভয় কৰে। তেতিয়া ছাত্ৰ কেইজনে মানুহৰ মানসিকতা সম্পৰ্কে অধিক জানিবলৈ এটা নিৰ্দেশনামূলক খেল আৰম্ভ কৰে।

নীলা তিমিৰ নাম লৈ তেওঁলোকে এইবাৰ কেতবোৰ সৰু সৰু গ্ৰুপ ক্ৰিয়েট কৰে। তাত তেওঁলোকে মৃত্যু কামনা কৰা লোকসকলক অন্তৰ্ভূক্ত কৰে। মৰিবলৈ যদি মনেই আছে তেন্তে তেনে লোকসকলক তেওঁলোকে সহায় কৰিব বুলি কৈ ঢাপে ঢাপে নিৰ্দেশনা দিবলৈ আৰম্ভ কৰে। এনেদৰে যেতিয়া দেখে যে খেলত অংশগ্ৰহণকাৰীজনৰ জীৱনলৈ মোহ প্ৰায় নাইকিয়া হৈ পৰিছে তেতিয়াই অন্তিত ঢাপটোত আত্মহত্যা কৰিবলৈ নিৰ্দেশনা দিয়া হয়। ঢাপে ঢাপে আগবাঢ়ি গৈ মৰণলৈ ভয় নাইকিয়া হৈ অৱশেষত অংশগ্ৰহণকাৰীজনে মৃত্যুক সাবটি লয়।

Organization for Economic Cooperation and Developmentৰ মস্কোস্থিত বিশেষজ্ঞৰ দল এটাই জনোৱা মতে, বৰ্তমান ৰাছিয়াত আত্মহত্যাৰ হাৰ হ্ৰাস পাইছে যদিও এতিয়াও যুৱ-প্ৰজন্মৰ মাজত এয়া উদ্বেগজনক অৱস্থাতে আছে। দেশখনৰ সামাজিক বিশৃংখলতাৰ বাবেই যুৱ-প্ৰজন্ম বিশেষকৈ কিশোৰ-কিশোৰীসকলৰ সহজে জীৱনৰ প্ৰতি মোহভংগ হৈ পৰে। Blue Whale সদৃশ ডেথ গ্ৰুপ আৰম্ভ হোৱাৰ পূৰ্বৰে পৰা দেশখনত কিশোৰ-কিশোৰীসকলে আত্মহত্যা সংঘটিত কৰি আহিছিল।

ইয়াৰ মাজতে মনোবিজ্ঞানৰ কেইজনমান ছাত্ৰই আত্মহত্যা সংঘটিত কৰা ঘটনাক লৈ ছ’চিয়েল মিডিয়াত আলোচনা কৰি বিষয়টোক লৈ বীতশ্ৰদ্ধ হৈ পৰে। তেওঁলোকৰ কেইজনমানে এনে লোকসকলক পৃথিৱীৰ পৰা সোনকালে বিদায় দিব লাগে বুলি যুক্তি প্ৰদৰ্শন কৰি অভিযানত নামি পৰে। এই সন্দৰ্ভত ৰুছ আৰক্ষীৰ হাতত ধৰা পৰা ফিলিপ বুডকিন নামৰ ২১ বৰ্ষীয় ছাত্ৰজনে Saint Petersburg Newsৰ সৈতে হোৱা সাক্ষাৎকাৰত কয় যে যিসকল লোকে মৰিব খোজে সেইসকল লোক হৈছে আৱৰ্জনা সদৃশ। মৰিব বিচৰা লোকসকলক মৰিবলৈ দিয়া উচিত বুলিও তেওঁ মন্তব্য কৰে।

CLICK► Blue Whale গেম খেলাৰ মন... ইয়াত Click কৰক!

'মই সমাজখন নিকা কৰিব বিচাৰো। যিবোৰ মানুহে জীৱনক ভাল নাপায় তেনে মানুহক জোৰকৈ জীৱনক ভাল পাবলৈ বাধ্য কৰোৱা উচিত নহয়। তেনে লোকক স-সন্মানে বিদায় দিব লাগে। সেয়ে আমি ডেথ গ্ৰুপ ক্ৰিয়েট কৰিছিলো। আমি তেনে নকৰিলেও তেওঁলোকে এদিন নহয় এদিন আত্মহত্যা কৰিলেহেতেন। সেয়ে আমি তেওঁলোকক এই ক্ষেত্ৰত সহায় আগবঢ়াইছো। তেওঁলোকৰ মনোবাঞ্ছা পূৰণ কৰিছো। তেনে লোকসকল পৃথিৱীৰ পৰা, সমাজৰ পৰা নাইকিয়া হৈ গ’লে কাৰো একো ক্ষতি নহয়, বৰং লাভহে হ’ব।’-Saint Petersburg Newsক এইদৰে কয় ধৃত ফিলিপে।

উল্লেখ্য যে ফিলিপ হৈছে ডেথ গ্ৰুপ ক্ৰিয়েট কৰা অজ্ঞাত ছাত্ৰসকলৰ মাজৰ এজন। অনুসন্ধানৰ অন্তত আৰক্ষীয়ে ফিলিপেই প্ৰথমে এই ধাৰণাৰ জন্ম দিছিল বুলি ধাৰণা কৰি  তেওঁক গ্ৰেপ্তাৰ কৰে যদিও এই পৰ্যন্ত সেই সন্দৰ্ভত নিশ্চিত হ’ব পৰা নাই। যেতিয়া প্ৰথম এই ডেথ গ্ৰুপ আৰম্ভ হৈছিল তেতিয়া ফিলিপৰ বয়স আছিল ১৮ বছৰ। সেয়া আছিল ২০১৩ চনৰ কথা। যিহেতু ৰাছিয়াৰ ভিন্ন প্ৰান্তত কিশোৰ-কিশোৰীয়ে প্ৰায়ে আত্মহত্যা সংঘটিত কৰিয়েই থাকে সেয়ে কোনেও ইয়াৰ আঁৰত এনে ডেথ গ্ৰুপ যে থাকিব পাৰে সেয়া ভাবিবই পৰা নাছিল। কিন্তু Novaya Gazeta নামৰ ৰাছিয়াৰ জনপ্ৰিয় নিউজ পৰ্টেল এটাৰ মহিলা সাংবাদিক Galina Mursaliyeva-ই আত্মহত্যাৰ চিকাৰ হোৱা এগৰাকী ১২ বছৰীয়া ছোৱালীৰ মাতৃৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত ২০১৬ চনৰ মে’ মাহত এক প্ৰতিবেদন প্ৰস্তুত কৰে। উক্ত প্ৰতিবেদনতে তেওঁ এনে ছিক্ৰেট গ্ৰুপবোৰক 'ডেথ গ্ৰুপ’ হিচাপে অভিহিত কৰি দেশখনৰ নৱ-প্ৰজন্মৰ একাংশৰ মাজত ই এক culture হৈ পৰিছে বুলি দাবী কৰে। 

তাৰ পিছতে এনে এটা ডেথ গ্ৰুপৰ কিউৰেটৰে এগৰাকী অংশগ্ৰহণকাৰীক আত্মহত্যা সংঘটিত কৰাৰ পূৰ্বে হাতত বেজীৰে ফুটা কৰি এটা Blue Whale অংকন কৰিবলৈ কয়।  কিশোৰী অংশগ্ৰহণকাৰীৰ মৃত্যুৰ পিছত হাতত অংকিত সেই Blue Whaleক লৈ সমগ্ৰ ৰাছিয়াতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হয়। এনেকৈয়ে এই সমগ্ৰ 'ডেথ গ্ৰুপ’ৰ কাৰবাৰটো Blue Whale Challenge নামেৰে পৰিচিত হৈ পৰে। ৰাছিয়াৰ সংবাদ মাধ্যমৰ লগতে পৰৱৰ্তী সময়ত ৰাছিয়াৰ চুবুৰীয়া দেশবোৰৰ সংবাদ মাধ্যমেও ইয়াক একেটা নামেৰে নামাকৰণ কৰাত পৰৱৰ্তী সময়ত সমগ্ৰ বিশ্বতে ই হৈ পৰে Blue Whale গেম।

ৰাছিয়াৰ সংসদতো এই লৈ ব্যাপক চৰ্চা হয়। দেশখনৰ সংসদৰ ডেপুটী স্পিকাৰ আইৰিণা য়াৰোভয়াই যোৱা ফেব্ৰুৱাৰী মাহত সংসদত এই সন্দৰ্ভত এক উদ্বেগজনক তথ্য দাঙি ধৰে। তেওঁ এক পৰিসংখ্যালৈ আঙুলিয়াই কয় যে ২০১৫ চনৰ তুলনাত ২০১৬ চনত দেশখনত টিনেজৰ আত্মহত্যাৰ সংখ্যা ৪৬১গৰাকীৰ পৰা বৃদ্ধি পাই ৭২০ গৰাকী হৈছে। কাৰো নাম নোলোৱাকৈ ইয়াক শিশু তথা কিশোৰ-কিশোৰীৰ ওপৰত এক জাপি দিয়া যুদ্ধ সদৃশ আখ্যা  দি তেনেধৰণৰ 'ডেথ গ্ৰুপ’ৰ এডমিনৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ ব্যৱস্থা কৰি এখন বিধেয়ক উত্থাপন কৰে। এই বিধেয়কখন সৰ্বসন্মতিক্ৰমে যোৱা এপ্ৰিল মাহত আইন হিচাপে গৃহীত হয়।

CLICK► Blue Whale গেম খেলাৰ মন... ইয়াত Click কৰক!

গুৰুত্বপূৰ্ণ কথা এয়ে যে ই অনলাইন গেম নহ’লেও ইয়াৰ বাহক কিন্তু ছ’চিয়েল মিডিয়া। ভাৰতলৈ ফেচবুক আৰু হোৱাটছএপৰ জৰিয়তেই ইয়াৰ আগমন ঘটা বুলি অনুমান কৰা হৈছে। ভাৰতত এই গেমৰ প্ৰথমটো ঘটনা পোহৰলৈ আহে চলিত বৰ্ষৰ জুলাই মাহত কেৰালাত। এটি ১৬ বৰ্ষীয় কিশোৰে আত্মহত্যা কৰাৰ পিছত মাকে সংবাদ মাধ্যমক কম্পিউটাৰ আৰু মোবাইলত গেম খেলি থকাৰ কথা জানিবলৈ দিয়ে। লগে লগে সংবাদ মাধ্যমে এই ঘটনাক Blue Whaleৰ সৈতে কানেক্ট কৰাই দিয়ে। ইয়াৰ পিছত মুম্বাইৰ আন্ধেৰীত এটি কিশোৰে অট্টালিকাৰ পৰা জপিয়াই আত্মহত্যা কৰে। এই আত্মহত্যাৰ ঘটনাক মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফড়নবিছে Blue Whaleৰ সৈতে সম্পৰ্কিত থকা বুলি দাবী কৰে। অৱশ্যে মুম্বাই আৰক্ষীয়ে সেয়া অস্বীকাৰ কৰে। কিন্তু তেতিয়ালৈ সংবাদ মাধ্যমৰ লগতে ছ’চিয়েল মিডিয়াৰ জৰিয়তে ই নিত্য নতুন ৰূপ লৈ সমগ্ৰ দেশতে ব্যাপক চৰ্চা লাভ কৰে। আগতে বিভিন্ন কাৰণত কিশোৰ-কিশোৰীয়ে আত্মহত্যাৰ চেষ্টা চলোৱাৰ দৰে এতিয়াও চলালে সংবাদ মাধ্যমৰ লগতে অভিভাৱক তথা ওচৰ-চুবুৰীয়া আৰু বন্ধু-বান্ধৱেও Blue Whaleৰ প্ৰসংগ টানি অনাত ই মানুহক অধিক ভীতিগ্ৰস্ত কৰি তোলা দেখা গৈছে।

ইয়াৰে গইনা লৈ একাংশ দুষ্ট বুদ্ধিৰ লোকে নিজৰ পৰিচয় গোপনে ৰাখি ইচ্ছাকৃতভাৱেই হওক বা উৎসুকতাৰ বাবেই ৰাছিয়া তথা পূৰ্বৰ ছোভিয়েট ৰাষ্ট্ৰসমূহৰ দৰে ভাৰততো হোৱাটছএপ, ফেচবুক গ্ৰুপ আনকি জি-মেইলৰ জৰিয়তেও ডেথ গ্ৰুপ ক্ৰিয়েট কৰিবলৈ আৰম্ভ কৰা দেখা গৈছে। বিশেষকৈ ৩০ আগষ্টত মাদুৰাইত ১৯ বৰ্ষীয়া কলেজীয়া ছাত্ৰ এজনে আত্মহত্যা সংঘটিত কৰা ঘটনাৰ সৈতে এনে ডেথ গ্ৰুপৰ সংযোগ থকা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। অসমতো গুজৱ হিচাপে ছ’চিয়েল মিডিয়া আৰু সংবাদ মাধ্যমৰ অতি উৎসাহৰ ফলত একাংশ যুৱ-প্ৰজন্মৰ মাজত এনে প্ৰৱণতা গঢ়ি উঠাৰ বাতৰি পোৱা গৈছে। অৱশ্যে এনে ঘটনাবোৰক Blue Whale গেম বুলি কোৱাতকৈ Blue Whale গেমক একাংশ লোক তথা সংবাদ মাধ্যমে জোৰকৈ টানি অনা বুলি ক’লেহে অধিক শুদ্ধ হ’ব।

সি যি নহওক আমি সজাগ হ’বই লাগিব। কিন্তু সজাগ কেনেকৈ হোৱা যায় বা সজাগতা সৃষ্টি কৰা যায় সেয়া এই মুহূৰ্তত এক লাখটকীয়া প্ৰশ্ন। কিয়নো আমাৰ দেশত, আমাৰ ৰাজ্যত আমি অধিকাংশ লোকে নিজৰ অজ্ঞাতেই খেলি আহিছো এই মাৰাত্মক Blue Whale গেম। কেৱল নিজে খেলাই নহয় কোনো কোনো মুহূৰ্তত এডমিনৰ ভূমিকা লৈ আনকো খেলিবলৈ বাধ্য কৰাইছো।

CLICK► Blue Whale গেম খেলাৰ মন... ইয়াত Click কৰক!

এই যে আমাৰ অভিভাৱকসকলে সন্তানক কেৱল নম্বৰৰ পিছত দৌৰিবলৈ বাধ্য কৰে আৰু দৌৰি দৌৰি ভাগৰি সন্তানটিয়ে পলায়ন কৰিব বিচাৰে, এই যে আমাৰ অভিভাৱকসকলে বয়ঃসন্ধিত ভৰি দিয়া সন্তানসকলে বিপৰীত লিংগৰ প্ৰতি আকৰ্ষিত হ’লে আগ-পিছ নুগুণি গালি-গালাজ কৰে আৰু সন্তানটিয়ে একো ভাবিব নোৱৰা হৈ পৰে সেইবোৰো হৈছে একো একোটা Blue Whale গেম।

আনহে নালাগে আমি নিজেই হেলমেট নিপিন্ধাকৈ বাইক চলাও, চলন্ত বাছত জাপ মাৰি উঠো, জাপ মাৰি নামো, চলন্ত ৰেলতো জাপ মাৰি উঠো, জাপ মাৰি নামো, ট্ৰেকাৰত ওলমি যাত্ৰা কৰো। অৰ্থাৎ আমি আমাৰ অজ্ঞাতেই জীৱনটোক Blue Whale গেমৰ দৰেকৈ মৃত্যুৰ দিশে আগুৱাই লৈ যাও। 

আৰু এই যে চৰকাৰে দৰমহা নিদি শিক্ষকক আত্মহত্যা কৰিবলৈ বাধ্য কৰিছে, ঋণৰ বোজা জাপি দি কৃষকক আত্মহত্যা কৰিবলৈ প্ৰৰোচিত কৰিছে, বান-খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত চৰকাৰৰ যি দায়ৱদ্ধতা আছিল সেয়া পালন নকৰি ৰাইজক মৃত্যুৰ দিশে ঠেলি দিছে, মূল্য বৃদ্ধি ৰোধৰ ব্যৱস্থা নকৰি অত্যাৱশ্যাকীয় সামগ্ৰীৰ মূল্য ক্ৰমাৎ বৃদ্ধি কৰি সৰ্ব-সাধাৰণক মৰি মৰি জীয়াই থাকিবলৈ বাধ্য কৰিছে, নিবনুৱাক সংস্থাপনৰ ক্ষেত্ৰত কোনো গুৰুত্ব নাই, এইবোৰো হৈছে এক প্ৰকাৰৰ Blue Whale গেম। আশ্চৰ্যজনকভাৱে এই Blue Whale গেমৰ এডমিন বা কিউৰেটৰ কোনো উদভ্ৰান্ত কলেজীয়া যুৱক-যুৱতী নহয়, ইয়াৰ এডমিন, কিউৰেটৰ হৈছে বহু গুণী-জ্ঞানী লোকেৰে ভৰি থকা চৰকাৰ আৰু প্ৰশাসন।

এক কথাত ক’বলৈ গ’লে চৰকাৰ-প্ৰশাসনৰ ভুল নীতি, বিফলতাৰ বাবেই সমাজত এক বিৰূপ প্ৰভাৱ পৰে। সেই বিৰূপ প্ৰভাৱে নৱ-প্ৰজন্মক ভৱিষ্যতৰ প্ৰতি উদ্বিগ্ন কৰি তোলে। তেতিয়াই নতুনৰ সন্ধানৰ পৰিৱৰ্তে নৱ-প্ৰজন্মই জীৱনক লৈ উদাসীন হৈ পৰিবলৈ বাধ্য হৈ পৰে। আনহাতে সমাজ ব্যৱস্থাৰো এই ক্ষেত্ৰত আছে এক গুৰুত্বপূৰ্ণ ভূমিকা। উদাহৰণ হিচাপে ৰাছিয়াৰ লগতে পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ দেশসমূহৰ কথাকে ক’ব পাৰি। ৰাছিয়া এখন আগবঢ়া দেশ হ’লেও ক্ৰুটি পূৰ্ণ সমাজ ব্যৱস্থাৰ বাবে তাত বহু পৰিয়ালৰ সন্তানে নিজৰ পিতৃ-মাতৃৰ মৰমৰ পৰা বঞ্চিত হয়। বহুতেই এলক'হলৰ আশ্ৰয় লয়। অৰ্থৰ অভাৱত জুৰুলা হৈ পৰা মধ্যবিত্ত ৰাছিয়ান পৰিয়ালৰ কিশোৰীসকলে যৌনতা কি বুজি পোৱা নৌহওতেই আত্মীয়-স্বজনৰ যৌন লালসাৰ চিকাৰ হৈ পৰে। ফলত তেওঁলোকে জীৱনটোক নেতিবাচক হিচাপে ল’বলৈ বাধ্য হৈ পৰে।

CLICK► Blue Whale গেম খেলাৰ মন... ইয়াত Click কৰক!

গতিকে এনে এক উদ্বেগজনক মুহূৰ্তত সকলোৱে বিশেষকৈ তৃতীয় বিশ্বৰ দেশসমূহে অধিক সতৰ্ক হোৱা উচিত। Blue Whale গেমক দোষ দিয়াতকৈ কি কি কাৰণত কিশোৰ-কিশোৰীৰ মনত জীৱনৰ প্ৰতি অনীহা জন্মিব পাৰে সেইবোৰ বিষয়তহে গুৰুত্ব দিয়া উচিত। কিয়নো পূৰ্বতেই উল্লেখ কৰা হৈছে যে Blue Whale গেম কোনো কম্পিউটাৰ বা মোবাইল গেম নহয়। এই গেম ইণ্টাৰনেটত বা প্লে ষ্ট’ৰ, এপল ষ্ট’ৰত পোৱা নাযায়। এই গেমৰ সৃষ্টি হয় মন-মগজুত। সেয়ে সাৱধান, Blue Whale গেমৰ পৰা আপোনাৰ মৰমৰ সন্তানটোক বচাবলৈ মোবাইল, কম্পিউটাৰ আদিৰ পৰা বলপূৰ্বক বা দাবী-ধমকি দি আতৰাই ৰখাতকৈ জীৱনৰ প্ৰেমিক হ’বলৈ শিকাওক। নহ’লে এইটো নকৰিবি, সেইটো নকৰিবি বুলি বাৰম্বাৰ কৈ থাকোতে এদিন সন্তানটো আপোনঘাতী হ’লে আপুনি নিজেই হৈ পৰিব প্ৰাণঘাতী Blue Whale গেমৰ এজন ছাইলেণ্ট এডমিন। নতুবা আপোনাৰ সন্তানটিয়েও লগ-বন্ধুক তেনে কৰিবলৈ প্ৰৰোচিত কৰি হৈ পৰিব পাৰে Blue Whale এডমিন বা কিউৰেটৰ।

এইখিনিতে এটা কথা উল্লেখনীয় যে, দিনদিয়েক পূৰ্বে ৰাছিয়াত Blue Whale গেমৰ এগৰাকী কিশোৰী এডমিন গ্ৰেপ্তাৰ হোৱা বুলি বাতৰি প্ৰকাশ পাইছিল। পিছে তাৰ অৰ্থ এইটো নহয় যে এডমিন জালত পৰাৰ পিছত এই গেম বন্ধ হৈ পৰিব। কিয়নো এই গেমৰ কোনো নিৰ্দিষ্ট এডমিন বা কিউৰেটৰ নাথাকে। আনক আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰা প্ৰতিজন লোকেই হৈছে এই প্ৰাণঘাতী গেমৰ এডমিন। আপোনাৰ ঘৰৰ কাষৰ চিনাকি কোনো এজনো এই গেমৰ এডমিন হ’ব পাৰে। সেয়ে আহক পুৱাৰ পৰা গধূলিলৈ আমি জীৱনৰ গান গাবলৈ আৰম্ভ কৰো। মৃত্যু এদিন আহিবই, গতিকে সেই মৃত্যুক আগতীয়াকৈ হাত বাউল দি মতাৰ প্ৰয়োজনেইবা ক’ত। তাতকৈ কোনো চিনাকি লোক যদি সমস্যাত পৰিছে, কম বয়সীয়া ল'ৰা-ছোৱালীক যদি অধিক ভাবুক হৈ পৰা দেখিছে তেন্তে যিমানদূৰ সম্ভৱ সাধ্যানুযায়ী আপুনি সহায় কৰক, হাঁহি-মাতি কথা পাতক, কি সমস্যা হৈছে জানি লৈ সমাধানৰ বাট দেখুৱাই দিয়ক। তেতিয়া দেখিব মহাসাগৰৰ নীলা তিমি বা Blue Whale পুনৰ মানৱ সমাজৰ পৰা একাষৰীয়া হৈ মহাসাগৰৰ ঢৌবোৰত বিলীন হৈ পৰিব।

লেখক newsnextone.comৰ কাৰ্যবাহী সম্পাদক