ইলেকট্ৰনিক চিগাৰেট বা ই-চিগাৰেট পান কৰাসকলৰ বাবে দুখবৰ। দেশত নিষিদ্ধ কৰা হৈছে ই-চিগাৰেট। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এক সংবাদ মেল সম্বোধন কৰি দেশত ই-চিগাৰেটৰ উৎপাদন, আমদানি–ৰপ্তানি, ট্ৰান্সপ’ৰ্ট, বিক্ৰী, বিজ্ঞাপন আৰু সৰবৰাহত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা জাৰি কৰা বুলি জানিবলৈ দিয়ে। ই-চিগাৰেট স্বাস্থ্যৰ পক্ষে অত্যন্ত হানিকাৰক হোৱা বাবেই এই সিদ্ধান্ত লোৱা হৈছে বুলিও সংবাদ মাধ্যমৰ সন্মুখত অৱগত কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীয়ে। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ পূৰ্বেই ই-চিগাৰেটৰ ওপৰত নিষেধাজ্ঞামূলক অধ্যাদেশ দাখিল কৰা হৈছিল।

 

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ নিৰ্দেশ অনুযায়ী এই বিশেষ অধ্যাদেশ দাখিল কৰা হৈছিল সদনৰ মজিয়াত। খচৰা অধ্যাদেশ অনুযায়ী ভাৰতত কোনোবাই যদি ই–চিগাৰেট  প্ৰস্তুত কৰে বা বিক্ৰী আদি কৰে আৰু ই-চিগাৰেট পান কৰিলে ১ বছৰ পৰ্যন্ত কাৰাবাস আৰু ১ লাখ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব পাৰে বা দুইটাই হ’ব পাৰে। আনহাতে কোনোবাই যদি এই ভুল আকৌ কৰে তেনেহ’লে ৩ লাখ টকাৰ জৰিমনা বা ৫ বছৰৰ কাৰাবাস বা দুইটাই হ’ব পাৰে। উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম ১০০ দিনীয়া কৰ্মসূচীৰ ভিতৰত এটা আছিল দেশত ই-চিগাৰেট নিষিদ্ধ কৰা। 

 

কি ই-চিগাৰেট?

 

চিগাৰেটৰ হানিকাৰক দিশলৈ চাই বিকল্প হিচাপে প্ৰস্তুত কৰা হৈছিল ই-চিগাৰেট। ই-চিগাৰেটত মজুত থকা তৰল নিক’টিন জ্বলোৱাৰ পিছত ই ভাপ হৈ যায় আৰু ব্যৱহাৰকাৰীয়ে ভাপৰ ৰূপত নিক’টিন গ্ৰহণ কৰে। কোনো লোকে চিগাৰেট ত্যাগ কৰাৰ অভ্যাস কৰিবলৈকে ই-চিগাৰেট ব্যৱহাৰ কৰি আহিছে। যি লোকে  হাজাৰ চেষ্টা কৰিও চিগাৰেট এৰিব নোৱাৰে বা চিগাৰেট পান নকৰালৈকে অস্থিৰ হৈ উঠে আৰু তেওঁ জানেও যে চিগাৰেটে দেহৰ কিমান ক্ষতি কৰে তেনে লোকে সাধাৰণতে ই-চিগাৰেট পান কৰি আহিছে। কাৰণ সাধাৰণ চিগাৰেটতকৈ ই-চিগাৰেট ৯৫ শতাংশতকৈও কম ক্ষতিকাৰক বুলি বিবেচনা কৰা হয়।  

 

ই চিগাৰেটক লৈ বিবাদ

 

ই-চিগাৰেটক লৈ দীৰ্ঘসময়ৰ পৰা বিবাদ চলি আছে। ই-চিগাৰেট সেৱনকাৰী সকলে ই-চিগাৰেটক সুৰক্ষিত বুলি কৈ থকাৰ বিপৰীতে চিকিৎসক সকলে ইয়াৰ ব্যৱহাৰ স্বাস্থ্যৰ পক্ষে অতি ক্ষতিকাৰক বুলি উল্লেখ কৰে। এই বিষয়ত স্বাস্থ্য বিশেষজ্ঞই কয় যদি নিক’টিনই ল’বলৈ হয় তেন্তে ই-চিগাৰেট পান কৰাৰ কি অৰ্থ আছে? এনে লোকো ওলোৱা নাই যিয়ে ই-চিগাৰেট পান কৰি ধূমপানৰ কবলৰ পৰা মুক্ত হ’ব পাৰিছে। 

 

তৰল নিক’টিন বাষ্পীভূত কৰি তৈয়াৰ কৰা এই ই-চিগাৰেটসমূহ ব্যৱহাৰৰ প্ৰৱণতা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অধিক ৰূপত বৃদ্ধি পাইছে। দেশৰ জনসাধাৰণৰ মাজতো ই-চিগাৰেটৰ ব্যৱহাৰ ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে। ই-চিগাৰেট সেৱন কৰিলে শৰীৰত ইয়াৰ কোনোধৰণৰ কু-প্ৰভাৱ নপৰে বুলি ই-চিগাৰেট ব্যৱহাৰকাৰীসকলে ধাৰণা কৰি আহিছিল যাৰ ফলশ্ৰুতিত ইয়াৰ প্ৰচলন বৃদ্ধি পাইছিল।

 

আনহাতে, শেহতীয়া পৰীক্ষাত ই-চিগাৰেটৰ ব্যৱহাৰে হৃদৰোগ বৃদ্ধি কৰাত অৰিহণা যোগোৱাৰ লগতে অন্য বেমাৰৰ সৃষ্টি কৰা বুলি প্ৰমাণ হোৱাৰ পাছতে দেশত ইয়াৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। উল্লেখযোগ্য যে, ভাৰতৰ পূৰ্বেই আমেৰিকাৰ ছানফ্ৰাঞ্চিছস্কো চহৰত ই-চিগাৰেট নিষিদ্ধ কৰা হৈছে।

 

ই-চিগাৰেটৰ ভয়াৱহতা

 

দীৰ্ঘ সময় ধৰি ই-চিগাৰেটৰ ব্যৱহাৰ কৰাতো অতি ভয়াবহ হিচাপে পৰিগণিত হৈছে। সাধাৰণ চিগাৰেট পান কৰা আৰু ই-চিগাৰেট পান কৰাৰ মাজত একো পাৰ্থক্য নাই।  সাধাৰণ চিগাৰেটত থকাৰ দৰে ই-চিগাৰেটত বহু পৰিমাণে নিক’টিন থাকে বুলি পৰীক্ষাত প্ৰমাণ হৈছে যিয়ে ৰক্ত চাপ বৃদ্ধিত সহায় কৰে। আনহাতে ই-চিগাৰেটৰ ব্যৱহাৰৰ ফলত তেজৰ কৰ্কট ৰোগৰ দৰে ভয়াবহ ৰোগ হোৱাৰো সম্পূৰ্ণ সম্ভাৱনা থাকে।