কৰ’না ভাইৰাছে সমগ্ৰ বিশ্বতে মহামাৰী ৰূপ ধাৰণ কৰিছে। আমাৰ দেশ ভাৰততো ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে এই ভাইৰাছবিধ। ইতিমধ্যে আজিৰ তাৰিখত ভাৰতত প্ৰায় ৭০০ লোক আক্ৰান্ত হৈছে আৰু ১৪ জনকৈ লোক মৃত্যুমুখত পৰিছে। ভাইৰাছবিধ মাৰাত্মক হ’লেও ইয়াক লৈ এটা কথা কোৱা হৈছে যে এই ভাইৰাছবিধৰ আত্মসন্মান বোলা বস্তুতো বহুত আছে, সেয়ে ইয়াক আপুনি কৰবালৈ ওলাই গৈ নিজেই মাতি নানিলে কোনো কাৰণতে আপোনাৰ পদুলিলৈ নাহে।

ভাইৰাছবিধক মাতি অনাৰ কথা থাকিবই নোৱাৰে। সেয়ে দেশে দেশে কৰা হৈছে লকডাউনৰ ব্যৱস্থা। এই লকডাউনৰ সময়ত গৃহবন্দী হৈ পৰিছে সমগ্ৰ বিশ্বৰ কেবা কোটি লোক। গতিকে আপুনি-মই বাহিৰলৈ ওলাই যোৱাৰ কথা আহিবই নোৱাৰে। কিন্তু ঘৰৰ ভিতৰত ইমান দিন একেৰাহে সোমাই থকাতোও অসম্ভৱ যেন ভাৱ হয়। 

অসম্ভৱক সম্ভৱ কৰি তুলিব পৰা গুণৰ অধিকাৰী বাবেই মানুহ জীৱশ্ৰেষ্ঠ। ইতিমধ্যে বিশ্বৰ বিজ্ঞানীসকলে ৰোগবিধৰ ঔষধ আৰু ভেকচিন প্ৰস্তুতৰ বাবে গৱেষণা অব্যাহত ৰাখিছে। অৰ্থাৎ এই অসম্ভৱো শীঘ্ৰেই সম্ভৱ হৈ উঠিব। এনে পৰিপ্ৰেক্ষিতত ২১ দিন আমিনো কিয় নিজকে গৃহবন্দী কৰি ৰাখিব নোৱাৰো? আহকচোন ২১ দিনৰ লকডাউনৰ এই সময়ছোৱা আমি ২১ টা উপায়েৰে কেনেদৰে মধুৰ কৰি তুলিব পাৰো সেই বিষয়ে জানি লও। আপোনালোকৰ বাবে এই ২১ টা উপায় যুগুতাই দিছে ধনঞ্জয় নাথে। 

১) প্ৰতিদিনে সন্তানক যথেষ্ট সময় দিয়ক, সন্তানৰ পঢ়া-শুনাত যিখিনি দুৰ্বলতা আছে সেইখিনি আঁতৰ কৰাৰ লগতে সন্তানৰ প্ৰয়োজনীয়তা সন্দৰ্ভত বুজি উঠক।

২) ২১ দিনৰ প্ৰতিদিনে ডায়েৰী লিখক। পিছলৈ সেয়া অমূল্য সম্পদ হ’ব পাৰে। ঘৰতে বহি কৰিব পৰা আপোনাৰ প্ৰিয় হবিসমূহত মনোনিৱেশ কৰক।

৩) ২১ দিন সম্পূৰ্ণৰূপে নিৰামিষ আহাৰ গ্ৰহণ কৰক। তেল-মচলা বাদ দিয়ক। ইয়াৰ ফলত আপুনি এই ২১ দিনত পেটৰ সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰিব। পেটৰ সমস্যাৰ পৰা হাত সাৰি থাকিলে ফাৰ্মাচীলৈ যোৱাৰ প্ৰয়োজনীয়তা নাথাকিব।

৪) ভাললগা গীতবোৰ আগতকৈও গভীৰ মনোযোগেৰে শুনিবলৈ চেষ্টা কৰক আৰু নিজেও গুণগুণাওক। 

৫) পিতৃ-মাতৃৰ সৈতে অন্তৰংগতাৰে কথা পাতক। তেওঁলোকৰ জীৱনত ঘটি যোৱা তথা পাহৰিব নোৱাৰা ঘটনাসমূহৰ বিষয়ে জানক। শৈশৱৰ স্মৃতি ৰোমন্থন কৰক।

৬) জীৱনসংগীক সময় দিয়ক। পৰিয়ালৰ বাকী সদস্যসকলৰ কথাবোৰে মন দি শুনক। সমস্যাবোৰ টুকি ৰাখক। পৰিস্থিতি স্বাভাৱিক হৈ পৰিলে সমাধান কৰাৰ চেষ্টা কৰাত সহায়ক হ’ব।

৭) চৰাই-চিৰিকটিৰ সৈতে বন্ধুত্ব স্থাপন কৰক। চৰাই-চিৰিকটিৰ বাবে প্ৰতিদিনে নিৰ্দিষ্ট ঠাইত খাদ্যৰ যোগান ধৰক। সাৰমেয় প্ৰাণীবোৰক খাদ্যৰ যোগান ধৰক আৰু সিহঁতকো জীয়াই থকাৰ সুৱিধা প্ৰদান কৰক। ২১ দিনত নিশ্চিতভাৱে নতুন বন্ধু লাভ কৰিব।

৮) ঘৰৰ চৌপাশে থকা গছ-গছনি পৰ্যবেক্ষণ কৰক। ঔষধি গছ-গছনিসমূহ চিনাক্ত কৰক, যত্ন লওঁক গছ-গছনিৰ, অপতৃণসমূহ ধ্বংস কৰক। এপাৰ্টমেণ্টত থকাসকলে টাবত থকা ফুল আদিৰ আপডাল কৰক।

৯) ৰুচি অনুযায়ী কিতাপ পঢ়ক, চিনেমা চাওঁক, ছবি আঁকক। মনৰ ভাববোৰ লিখিবলৈ চেষ্টা কৰক। ইউটিউবত বিভিন্ন জ্ঞানবৰ্ধক ভিডিঅ’ চাওক। অৱশ্যে মনত ৰাখিব, যিকোনো ইউটিউব চেনেলৰ ভিডিঅ’ চোৱাৰ পৰিৱৰ্তে প্ৰতিষ্ঠিত সংস্থা তথা বিশেষজ্ঞসকলৰ চেনেলসমূহহে চাওক। একেদৰে বিভিন্ন ৱেবছাইট চাওতে প্ৰতিষ্ঠিত ৱেবছাইটবোৰহে চাব। নহ’লে ভুল তথ্যই আপোনাক বিপদত পেলাব পাৰে।

১০) ২১ দিনত কমেও দুজোপা হলেও গছপুলি ৰোপণ কৰক, যত্ন লওঁক।

১১) ঘৰ-দুৱাৰ, বাথৰুম চাফা কৰক। আলমাৰী খোলক, চাফা কৰক। কাপোৰবোৰ নতুনকৈ জাপি থওক। অপ্ৰয়োজনীয় বয়-বস্তুবোৰ বাহিৰ কৰক। পুৰণি চিঠি-পত্ৰ আছে যদি পুনৰাই পঢ়ক, অনাবিল আনন্দ লাভ কৰক।

১২) ছ’চিয়েল মিডিয়াত মনৰ ভাৱ ব্যক্ত কৰক। যিহেতু শাৰীৰিকভাৱে সামাজিক দূৰত্ব বৰ্তাই চলিবলগীয়া হৈছে সেয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে আপোনাৰ বন্ধুমহল আৰু পৰিচিতসকলৰ সৈতে সামাজিক সম্পৰ্ক সুদৃঢ় কৰি তোলক।

১৩) আপোনাৰ বেংক পাছবুকৰ পৰা আৰম্ভ কৰি এলআইচিৰ অৰিজিনেল পলিচিলৈকে সকলো দৰকাৰী বস্তুসমূহ ফাইলিং কৰক।

১৪) আপুনি নিপিন্ধা কাপোৰ-কানিসমূহ একগোট কৰি টোপোলা বান্ধি ৰাখক বা নষ্ট কৰক।

১৫) বিদ্যালয় জীৱনৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে আপোনাৰ ঢেৰ কিতাপ-পত্ৰ জমা হৈছে। কিতাপৰ মাজত সৰস্বতী পূজাৰ বেলপাতো কৰবাত ওলাব পাৰে। শুকান গোলাপ, ৰঙা ফিটা, পেপাৰ কাটিং, ডায়েৰী, কিমান যে কি ওলাব। অতীতলৈ এপাক ঘূৰি গৈ বস্তুখিনি চিজিল কৰক আৰু অপ্ৰয়োজনীয় বয়-বস্তুসমূহ বাহিৰ কৰক।

১৬) বিছনাৰ মেট্ৰেছ, তুলি-গাৰু প্ৰতিদিনে ৰ'দত দিয়ক আৰু লাঠীৰে কোবাই কোবাই ধূলি বাহিৰ কৰি দিয়ক। 

১৭) পানী টেংকী, কুৱা-দমকলৰ প্লেটফৰ্ম চাফা কৰক। মহ উৎপন্ন হ’ব পৰা ঠাইসমূহ চিনাক্ত কৰক আৰু মহৰ আৱাসস্থল ধ্বংস কৰক।

১৮) পাকঘৰ চাফা কৰক। যদিহে আপোনাৰ ঘৰত পইতাচোৰা আছে তেন্তে পইতাচোৰাৰ বাসস্থান ধ্বংস কৰক। 

১৯) আত্মীয়-কুটুম্বৰ ফোনযোগে খবৰ লওঁক, সাৱধানতা অৱলম্বন কৰিবলৈ কওঁক। নিৰ্দিষ্ট দূৰত্ব বৰ্তাই ৰাখি প্ৰয়োজনত ওচৰ-চুবুৰীয়াসকলক সহায় কৰক।

২০) ধূম্ৰপান আৰু সুৰাপানৰ অভ্যাস ত্যাগ কৰিম বুলি যদি ভাবি আছে তেন্তে সেয়া এইবাৰ নিশ্চিতভাৱে কৰিবই বুলি সংকল্প লৈ হাতে-কামে লাগক।

২১) চৰকাৰৰ নিৰ্দেশ আখৰে আখৰে পালন কৰক আৰু আগতকৈ সঘনাই চাবোন বা ছেনিটাইজাৰেৰে হাত ধোৱক।

এই কামসমূহৰ লগতে লকডাউনৰ সময়ছোৱাত কৰিব পৰা আৰু একাধিক কাম থাকিল সেয়াও আপুনি আমাক মেইলযোগে জনাব পাৰে। আমাৰ মেইল আইডি হৈছে newsnextne@gmail.com। আপুনি প্ৰেৰণ কৰা উপায়সমূহো আমি ভিউৱাৰ্ছসকলৰ বাবে প্ৰকাশৰ ব্যৱস্থা কৰিম। লগতে এইকেইদিন আপোনালোকে কি কি কৰি কটাইছে সেয়াও কমেণ্টত জনাবলৈ নাপাহৰিব।