তিনিচুকীয়াঃ শিক্ষাৰ অধিকাৰ আইন ২০০৯ ফলপ্ৰসূ কৰাৰ লগতে বিদ্যালয়ৰ সমূহ ছাত্ৰ-ছাত্ৰীক গুণগত মানদণ্ডৰ শিক্ষা প্ৰদানৰ লগতে সমাজত শিক্ষকৰ হেৰাই যোৱা গৰিমা উদ্ধাৰৰ লক্ষ্য আগত ৰাখি ৰাজ্যৰ তদানীন্তন শিক্ষামন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই ২০১২ চনত সহস্ৰাধিক নিৱনুৱা যুৱক-যুৱতীক টেটৰ জৰিয়তে নিযুক্তি প্ৰদান কৰিছিল৷

স্বাভাৱিকতে ৰাজ্যৰ নিবনুৱাসকলৰ লগতে এচাম দৰিদ্ৰ পৰিয়ালৰ লোকক ভাতমুঠি যোগাৰ কৰিবলৈ সুযোগ দিয়াত শিক্ষামন্ত্ৰীজনক হিয়া উজাৰি আশীৰ্বাদ কৰিছিল ৷ নিজৰ আপোন ঘৰ, পৰিয়াল-পৰিজনৰ মৰমৰ বাধাকো নেওচি বিগত পাঁচটা বছৰে অসমৰ ধুবুৰীৰ পৰা শদিয়াৰ বিভিন্ন প্ৰান্তৰত জ্ঞানৰ পোহৰ বিলাই কণ-কণ শিশুসকলৰ মাজত নিজকে বিলীন কৰি দিলে ৷

তদুপৰি ৰাজ্যৰ চৰকাৰী পঢ়াশালিৰ প্ৰতি বিতৃষ্ণা জন্মা সৰ্বসাধাৰণ ৰাইজৰ মন জয় কৰাৰ উপৰিও প্ৰাথমিক পৰ্যায়ত বহুতো বিদ্যালয়ৰ প্ৰায় নুমাবলৈ ধৰা বন্তিগছি অক্ষত ৰখাত টেট শিক্ষকৰ ভূমিকা অসমৰ ইতিহাসত সদায়ে চিৰ স্মৰণীয় হৈ ৰ'ব৷ সম্প্ৰতি সৰ্বশিক্ষা অভিযান মিছন, অসমৰ সঞ্চালিকা অৰুণা ৰাজৰিয়াৰ অসমৰ সমূহ জিলা কৰ্তৃপক্ষলৈ প্ৰেৰিত এক অধিসূচনা পত্ৰ নং SSA/Estt/Agreement Extension/464/ 2016/483 ক লৈ শংকিত হৈ পৰিছে ৰাজ্যৰ বিভিন্ন জিলাত সৰ্বশিক্ষাৰ দ্বাৰা নিয়োজিত টেট উত্তীৰ্ণ শিক্ষকসকল ৷

পত্ৰখনত উল্লেখ কৰা অনুসৰি অহা ৩১ মে'ত সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত সকলো শিক্ষকৰে নিযুক্তিৰ পত্ৰত উল্লেখ থকা পাঁচবছৰীয়া চুক্তিৰ ম্যাদ উকলিব আৰু পৰৱৰ্তী পৰ্যায়ত এই শিক্ষকসকলক কেৱল ১১ মাহৰ বাবে আন এক চুক্তি পত্ৰত স্বাক্ষৰ কৰিব লাগিব বুলি উল্লেখ আছে ৷ অসমৰ শিক্ষা জগতৰ ইতিহাসত নজিৰবিহীন এনে ঘটনাই স্বাভাৱিকতে হতাশ কৰি তুলিছে ৰাজ্যৰ নৱপ্ৰজন্মৰ শিক্ষকসকলক৷

অহা ছেপ্টেম্বৰ মাহত ৰাজ্যৰ কেইবাখনো জিলাত দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া গুণোৎসৱৰ প্ৰাকক্ষণত সৰ্বশিক্ষাৰ মূৰব্বীজনৰ দ্বাৰা প্ৰেৰিত এনে বাৰ্তাই টেট উত্তীৰ্ণ শিক্ষকসকলে বিদ্যালয়ৰ শ্ৰেণীকক্ষত নিজৰ শ্ৰেষ্ঠত্ব উজাৰি দিব পাৰিবনে সেয়া বৰ্তমানে কোটিটকীয়া প্ৰশ্ন৷ ইপিনে সপ্তম দৰমহা আয়োগৰ দ্বাৰা সংশোধিত হাৰৰ দৰমহাৰ লগতে অতদিনে আশাপালি ৰৈ থকা প্ৰাপ্য বকেয়াৰ পৰাও বঞ্চিত হ'ব লাগিব বুলি জানি টেট উত্তীৰ্ণ শিক্ষকসকল উদ্বিগ্ন হৈ পৰিছে।

এই সকলো সমস্যাৰ ওপৰত আলোকপাত কৰাৰ উদ্দেশ্যে আজি কাকপথাৰ হিন্দী হাইস্কুল প্ৰাংগনত কাকপথাৰ মিচন সমন্বয়কৰ অন্তৰ্গত কেউখন বিদ্যালয়ৰ টেট উত্তীৰ্ণ শিক্ষকসকলে এখনি মুকলি সভাৰ আহ্বান কৰে ৷ কেউটা সমল কেন্দ্ৰৰ প্ৰায় দুই শতাধিক টেট উত্তীৰ্ণ শিক্ষকে অংশগ্ৰহণ কৰা উপৰোক্ত সমস্যাটোৰ সমাধান বিচাৰি কেতবোৰ প্ৰস্তাৱ যুগুতাই উলিয়াই আৰু সেইমৰ্মে অনাগত দিনত কাৰ্যপন্থা হাতত ল'ব বুলি জানিবলৈ দিয়ে ৷