ডিজিটেল ডেস্কঃ পুনৰ নতুন ৰূপত হোৱাটছ এপ৷ জনপ্ৰিয় মেছেজিং এপ হোৱাটছ এপে শেহতীয়াকৈ সংযোজন কৰিলে নতুন ফিচাৰ৷ এপটোৰ জৰিয়তে গ্ৰাহকে ‘লাইভ লোকেশ্যন’ চেয়াৰ কৰিব পাৰিব বন্ধুসকলৰ সৈতে৷ জনপ্ৰিয় মেচিজিং এপটোৱে সংযোজন কৰা নতুন ফিচাৰৰ জৰিয়তে আপুনি কোনো এজন লোকক নতুবা গ্ৰুপত আপোনাৰ লোকেশ্যন চেয়াৰ কৰিব পাৰিব৷

কিন্তু আপোনাৰ লোক্যশন কোনেও ট্ৰেক কৰিব নোৱাৰিব৷ ১৫ মিনিট, ১ ঘন্টাৰ পৰা ৮ ঘন্টালৈ লোকেশ্যন চেয়াৰ কৰিব পাৰিব৷ ২০১৭ চনৰ ফেব্ৰুৱাৰি মাহত ভাৰতত হোৱাটছএপ ব্যৱহাৰকাৰীৰ সংখ্যা ২০ কোটিৰো অধিক হৈছে৷ বিশ্বৰ ভিতৰত হোৱাটছএপ ব্যৱহাৰকাৰীৰ সংখ্যা ভাৰতত বেছি৷