অসমত সাংবাদিকতাৰ ইতিহাস ডেৰশ বছৰৰো অধিক কাল জুৰি আছে। কিন্তু এই গৌৰৱোজ্জল ইতিহাসৰ পাতত সাংবাদিকৰ সুখ-দুখবোৰ ক’ৰবাতে হেৰাই গৈছে। অতন্দ্ৰ প্ৰহৰী, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আদি নামেৰে বিভূষিত সাংবাদিকৰ ভৱিষ্যৎ কিমান সুৰক্ষিত এয়া সম্প্ৰতি চিন্তাৰ বিষয়। আমাৰ দেশৰ আন প্ৰান্তৰ সাংবাদিকসকলৰ তূলনাত অসমৰ সাংবাদিকৰ ভৱিষ্যৎ কিমান সুৰক্ষিত ইয়াক লৈ চিন্তা-চৰ্চা কৰাৰ সময় সমাগত।

যোৱা চাৰি বছৰৰ ভিতৰত অসম মুলুকত কেইবাটাও বৈদ্যুতিন সংবাদ মাধ্যম, কেইবাখনো বাতৰি কাকত বন্ধ হৈ গৈছে। এই বৈদ্যুতিন মাধ্যম, বাতৰি কাকত কেইখনত অসমৰ একাংশ জ্যেষ্ঠ সাংবাদিক, যুৱক-যুৱতীয়ে নিজ নিজ প্ৰতিভাৰ গুণত আগুৱাই যাবলৈ সক্ষম হৈছিল। নিজৰ কৰ্মত হেলা নকৰি ৰ’দ-বৰষুণ কাতি কৰি নিজৰ সাংবাদিকতাকে সৰোগত কৰি দেহে-কেহে লাগি কাম কৰা এইসকল লোকে নিজৰ ভৱিষ্যৎ অন্ধকাৰৰ দিশে গতি কৰি আছিল বুলি নিশ্চয় ভবা নাছিল। বাতৰিৰ পিছত দিনৰ দিনটো ঘুৰি ফুৰাকেইজনেই যে নিজেই বাতৰি হৈ পৰিব, সেই কথা তেওঁলোকে ভবা নাছিল। পূজাই-বিহুৱে ছুটী নোলোৱাকৈ বাতৰিৰ সন্ধানত থকা এইচাম লোকে নিজৰ ভৱিষ্যতৰ কথা, আৰ্থিক সুৰক্ষাৰ কথা ভাবিবলৈ সময়ে নাপায়। নিজৰ কৰ্মৰত অনুষ্ঠানটোক আগবঢ়াই নিয়া আন প্ৰতিষ্ঠানৰ সৈতে একেটা শাৰীত নতুবা ৰাইজৰ আকাংক্ষাৰ অনুষ্ঠান হিচাপে গঢ় দিবলৈ অাপ্ৰাণ চেষ্টা কৰে।

সংবাদক্ষেত্ৰখনৰ লগত জড়িত থকা অধিকসংখ্যকেই গাঁৱৰপৰা অহা৷ গুৱাহাটী মহানগৰীত ভাড়া কোঠালীত থাকি, খোৱা পানী ক্ৰয় কৰি, নিত্য প্ৰয়োজনীয় সা-সামগ্ৰী দুগুণ দামত ক্ৰয় কৰি থাকিবলৈ মাহেকত বহু টকাৰ প্ৰয়োজন হয়। এইসমূহ খৰচ বহন কৰাৰ পিছত একোজন সাংবাদিকে নিজৰ পৰিয়াল, সতি-সন্ততিৰ ভৱিষ্যৎ সুৰক্ষিত কৰিব পাৰিছেনে এয়া চিন্তাৰ বিষয়। এন ই টিভি, প্ৰাইম নিউজ, ফ্ৰন্টিয়াৰ টিভি, এন ই হাই ফাই, নিউজ নেটৱৰ্ক আদি নিউজ চেনেল বন্ধ হোৱাৰ লগতে দৈনিক বাতৰি, জনসাধাৰণ, আজিৰ অসম, ছেভেন ছিষ্টাৰ্ছ পোষ্ট আদিকে ধৰি বহুকেইখন বাতৰি কাকতো মালিকপক্ষই নিজৰ স্বাৰ্থত বন্ধ কৰি পেলাইছে। 

সংবাদক্ষেত্ৰখনৰ লগত জড়িত থকা অধিকসংখ্যকেই গাঁৱৰপৰা অহা৷ গুৱাহাটী মহানগৰীত ভাৰা ঘৰত থাকি, খোৱা পানী ক্ৰয় কৰি, নিত্য প্ৰয়োজনীয় সা-সামগ্ৰী দুগুণ দামত ক্ৰয় কৰি থাকিবলৈ মাহেকত বহু টকাৰ প্ৰয়োজন হয়। এইসমূহ খৰছ বহন কৰাৰ পিছত একোজন সাংবাদিকে নিজৰ পৰিয়াল, সতি-সন্ততিৰ ভৱিষ্যৎ সুৰক্ষিত কৰিব পাৰিছেনে এয়া চিন্তাৰ বিষয়। এন ই টিভি, প্ৰাইম নিউজ, ফ্ৰন্টিয়াৰ টিভি, এন ই হাই-ফাই, নিউজ নেটৱৰ্ক আদি নিউজ চেনেল বন্ধ হোৱাৰ লগতে আজিৰ দৈনিক বাতৰি, জনসাধাৰণ, আজিৰ অসম, ছেভেন ছিষ্টাৰ্ছ পোষ্ট আদিকে ধৰি বহুকেইখন বাতৰি কাকতো মালিকপক্ষই নিজৰ স্বাৰ্থত বন্ধ কৰি পেলাইছে।

মাজিথিয়া আয়োগৰ নিয়মাৱলী, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশটো বাদেই, সংবাদ প্ৰতিষ্ঠানটোৰ পৰা পাই থকা নগণ্য ধনেৰে পৰিয়াল চলাই থকাৰ পিছত চেনেল নতুবা কাকত হঠাতে যথোপযুক্ত ক্ষতিপূৰণ নিদিয়াকৈ বন্ধ কৰি দিয়াত কৰ্মৰত লোকসকলৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হয়। সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত লোকসকলে হঠাৎ কাম হেৰুৱাই আন কৰ্মত জড়িত হ’বলৈ টান পায়। কিয়নো সাংবাদিকতাৰ লগত জড়িত লোকসকলৰ সমাজত এক সুকীয়া পৰিচয়, মৰ্যাদা থাকে। পুঁজিপতি, ৰাজনৈতিক দলৰ নেতাৰ পৃষ্ঠেপোষকতাত নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে গঢ়া অনুষ্ঠান হঠাৎ বন্ধ কৰাৰ পিছত তাত কৰ্মৰত লোকসকৰ অৱস্থা কি হয় ইয়াক বৰ্ণনা কৰিব নোৱাৰি। ভুক্তভোগীসকলৰ মৰ্মবেদনা কোনেও বুজি নাপাব। 

কাকত নতুবা চেনেলৰ গুৱাহাটীৰ কাৰ্যালয়ত কৰ্মৰত লোকসকলৰ লগতে গ্ৰামাঞ্চলৰ পৰা সংবাদ প্ৰেৰণ কৰা লোকসকলৰো একেই পৰিস্থিতিৰ সৃষ্টি হয়। গ্ৰামাঞ্চলৰ সংবাদদাতাসকলক কোনোকালেই মাননি দিয়া নহয়। তাৰ মাজতে হঠাৎ কাকতখন নতুবা চেনেলটো কোনে আগজাননী নিদিয়াকৈ বন্ধ কৰিলে তেওঁলোকে পৰিচয় হেৰুৱাই পেলোৱাৰ দৰে হয়। গ্ৰামাঞ্চলৰ পৰা সাংবাদিকতা কৰা লোকসকলে যথেষ্ট কষ্টৰে বাতৰি সংগ্ৰহ কৰি প্ৰেৰণ কৰে। এওঁলোকে মটৰ চাইকেলত তেল ভৰোৱা, ফেক্স-ইণ্টাৰনেটৰ বাবে নিজৰ পকেটৰপৰা ধন খৰচ কৰাৰো উদাহৰণ আছে।

দিনৰ দিনটো খবৰ সংগ্ৰহ কৰাত ব্যস্ত গ্ৰামাঞ্চলৰ বহু সাংবাদিকৰ গধূলি ঘৰলৈ যাবৰ সময়ত জেপত এটকাও নাথাকে। সংবাদ প্ৰতিষ্ঠানৰ গুৱাহাটী কাৰ্যালয়ত কৰ্মৰত আৰু গ্ৰামাঞ্চলৰ পৰা সংবাদ প্ৰেৰণ কৰা লোককেইজনৰ বিপৰ্যয়ৰ সময়ত কোনো দল-সংগঠনে মাত এষাৰ দিয়াৰ আহৰি নাপায়। এনে সন্ধিক্ষণত সাংবাদিকৰ ভৱিষ্যৎ সুৰক্ষিত হ’বনে এয়া চিন্তা কৰাৰ সময় সমাগত।

(বিঃদ্ৰঃ লেখাটোৰ প্ৰতিটো কথা, প্ৰতিটো বাক্য লেখকৰ নিজা মন্তব্য। ইয়াৰ সৈতে newsnextone.comৰ কোনোধৰণৰ সম্পৰ্ক নাই।)