ডিজিটেল ডেস্কঃ ছচিয়েল মিডয়াত যোৱ ০৯ ফেব্ৰুৱাৰীৰ পৰা ব্যাপক চৰ্চা আৰম্ভ হৈছে এটি বিশেষ ভিডিঅ’ৰ৷ সকলোৱে এতিয়া ভিডিঅ’টো শ্বেয়াৰ কৰা পৰিলক্ষিত হৈছে৷ এই ভিডিঅ’টো শ্বেয়াৰ কৰি ভেলেন্টাইন ডে’ৰ সন্দৰ্ভত বিভিন্ন প্ৰশ্ন কৰা পৰিলক্ষিত হৈছে৷ ভেলেন্টাইন ডে'লৈ মাজত মাথো কেইটামান ঘন্টা৷ যুৱক-যুৱতীৰ বাবে এই দিনটো বিশেষ দিন বুলি কোৱা হয়৷

পৰস্পৰে-পৰস্পৰক বুজিবৰ বাবে নতুন চিন্তা কৰে এই দিনটোত৷ কিন্তু এই দিনটোক এইবাৰ বিশেষ মাত্ৰা প্ৰদান কৰিছে এটা ভিডিঅ’ই৷ ভেলেন্টাইন ডে’ৰ প্ৰাকমুহূৰ্তত জুইৰ গতিত ভাইৰেল হৈ পৰিছে ভিডিঅ’টো৷ মালয়ালম বোলছবি ‘Oru Adaar Love’ৰ এটি গীতৰ এটি দৃশ্যই খলকনি লগাই ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ আদিত৷ মেনেক্যা মালাৰীয় পুভি শীৰ্ষক গীতটো ভাইৰেল হৈ পৰে৷ গীতটোত স্কুলীয়া সময়ৰ ভালপোৱাক প্ৰতিফলিত কৰিছে৷

ভিডিঅ’টোত যুৱক-যুৱতীয়ে ভিৰৰ মাজত দুয়োৰে চকুৰ মিলন হয়৷ এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সাংস্কৃতিক অনুষ্ঠানত চকুৰ মিলনৰ পিছতেই চকুৰ অংগী-ভংগীৰ দৃশ্য দেখুওৱা হৈছে৷ এই দৃশ্যত যুৱতীগৰাকীয়ে চকু টিপ মাৰি যুৱকগৰাকীক ধৰাশায়ী কৰে৷ মূলত যুৱতীগৰাকী আৰু যুৱকগৰাকীৰ অংগী-ভংগী চাব লগীয়া বুলি চৰ্চা হৈছে৷

এটা ভিডিঅ’ৰ জৰিয়তে অভিনেত্ৰী প্ৰিয়া প্ৰকাশ ভাৰেৰ যেনেকৈ নিশাটোৰ ভিতৰতে হাজাৰ হাজাৰ যুৱকৰ হৃদয়ত থিতাপি ল’বলৈ সক্ষম হৈছে, ঠিক তেনেকৈ ভিডিঅ’টোত দেখা পোৱা অভিনেতাজনো যুৱতীসকলৰ মাজত জনপ্ৰিয় হৈ পৰিছে৷ নৱাগত অভিনেতাজন হ’ল ৰোশন আব্দুল ৰৌফ৷ ১৮ বছৰীয়া এই অভিনেতাজনে ভিডিঅ’টোত অভিনেত্ৰীগৰাকীৰ চকুৰ ইংগিতিত ধৰাশায়ী হোৱা দেখা গৈছে৷ ভিডিঅ’টোত দেখা পোৱা অভিনেত্ৰী প্ৰিয়াৰ বিষয়ে সকলোৱে জ্ঞাত হৈছে৷

কিন্তু ৰোশন কোন?

#ৰোশন বৰ্তমানেও এজন কলেজীয়া ছাত্ৰ৷ কেৰালাৰ ত্ৰিশূৰৰ বাসিন্দা আইচিএৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰ৷ তেও থিয়েটাৰ আৰু মঞ্চৰ অভিনেতা৷ সৰুৰে পৰা অভিনয়ৰ সৈতে জৰিত৷ তেও ইউটিউবত নিজে অভিনয় কৰা ভিডিঅ’ আপলোড কৰিও জনপ্ৰিয়তা লাভ কৰিছে৷ তেও এজন ভাল গায়কো৷ চছিয়েল মিডিয়াত প্ৰায়ে তেওৰ গান প্ৰকাশ পায়৷ ৰোশন কেৱল অভিনেতাই নহয়, এগৰাকী ভাল নৃত্যশিল্পীও৷ এওঁ মাছবিল মনোৰমাৰ দ্বাৰা আয়োজিত ৰিয়েলিটী ডান্স প্ৰতিযোগিতাৰ ছিজন-৪ত অংশলৈ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল৷

এইখন ৰোশনৰ প্ৰথম চিনেমা৷ চিনেমাখনৰ গানটো চৰ্চালৈ অহাৰ পিছত ৰোশনে কয়, এইখন মোৰ প্ৰথম চিনেমা৷ কিন্তু মই এনেকৈ সমাদৰ লাভ কৰিম বুলি ভৱাই নাছিলোঁ৷ চিনেমাখনত পাঁচগৰাকীকৈ নায়ক আৰু নায়িকা আছে৷ ইয়াৰ ভিতৰতে প্ৰিয়া আৰু মই এটা যুটি৷ ৰোশনক পৰিয়ালৰ প্ৰতিক্ৰিয়া সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত কয়, পৰিয়ালৰ সকলো লোকেই সুখী হোৱাৰ লগতে উৎসাহিত হৈ পৰিছে৷ জানিব পৰা মতে, নতুন চিনেমাখনৰ বাদে আৰু কোনো চিনেমাতে অভিনয়ৰ অফাৰ অহা নাই৷ কিন্তু ৰোশনে জনপ্ৰিয়তা লাভ কৰাৰ পাছতেই পুনৰ চিনেমাত অভিনয় কৰাৰ সুবিধা লাভ কৰিব আশা প্ৰকাশ কৰে৷