নতুন দিল্লীঃ ২০১৯ বৰ্ষৰ লোকসভা নিৰ্বাচনত বলীউডৰ তাৰকাসকলে ৰাজনীতিৰ পথাৰত ইতিমধ্যে নামি অংশগ্ৰহণ কৰিছে। এইবাৰ নিৰ্বাচনত কোনো কোনোৱে পাইছে সফলতা আন কোনোবাই হ’বলগীয়া হৈছে পৰাজয়। ইয়াৰ মাজতে বলিউডৰ জনপ্ৰিয় অভিনেতা ছানি দেউলে ৰাজনীতিত প্ৰথম খোজ দিয়ে৷

নিৰ্বাচনত বলীউডৰ অভিনেতা ছানি দেউলে ভাৰতীয় জনতা পাৰ্টীৰ হৈ গুৰদাছপুৰৰ আসনৰ বাবে নিৰ্বাচনীত থিয় দিয়ে৷ টিকট লাভ কৰি জনসাধাৰণৰ বহুমত ভোট লাভ কৰি প্ৰথমবাৰৰ বাবে সফলতা অৰ্জন কৰে ছানিয়ে দেউলে৷

আনফালে, বলিউডৰ এসময়ৰ মোহময়ী অভিনেত্ৰী ছানিৰ মাহীমাক হেমামালিনীও বিজেপিৰ হৈ মথুৰাৰপৰা নিৰ্বাচনীত থিয় দি জয়যুক্ত হয়৷ 
 
মিডিয়াত তেওঁলোকৰ সম্পৰ্কৰ বিষয়ক লৈ কিছু বিতৰ্ক সৃষ্টি হোৱা দেখা যায়৷ তেনেদৰে মোডীৰ মন্ত্ৰীসভাত দুয়ো একেলগে বহাক লৈ এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে৷ দৰাচলতে এয়া সত্য নহয়৷ যিহেতু হেমামালিনী এগৰাকী জ্যেষ্ঠ সাংসদ আৰু ছানি দেউলে প্ৰথম ভৰি দিছে ৰাজনীতিত৷ সংসদৰ নিয়মানুযায়ী জ্যেষ্ঠ সাংসদৰ আসন আগত দিয়া হ’ব আৰু ছানি দেউলক পাছৰ আসনত বহিবলৈ দিয়া হয়৷

২০০৮ বৰ্ষত ছানিৰ দেউতাক অভিনেতা ধৰ্মেন্দ্ৰই পঞ্জাৱৰ বিকানেৰপৰা নিৰ্বাচনী খেলিছিল৷ তাৰপৰাই জয় লাভ কৰি তেওঁ সাংসদ হৈছিল৷ আনহাতে, গুৰদাছপুৰৰ বিপৰীত কংগ্ৰেছ দলৰ অধ্যক্ষ সুনীল জাখড়ক পৰাস্ত কৰি ৫.৫৮ লাখ ভোটত জয়লাভ কৰে ছানি দেউলে৷