বিশেষ প্ৰতিবেদনঃ পলিঅ'ৰ ভেকচিনৰ দৰেকৈ শীঘ্ৰেই আশাকৰ্মীৰ হাতত উঠি আপোনাৰ পদূলি পাব নেকি কৰ'নাৰ ৰাছিয়ান ভেকচিন? বাতৰি অনুযায়ী নিৰাশাৰ মাজতো আশাৰ সঞ্চাৰ কঢ়িয়াইছে ৰাছিয়াৰ এখন বিশ্ববিদ্যালয়ৰ গৱেষকৰ এটি দলে। সমগ্ৰ বিশ্বতে ১ কোটি ২৮ লাখৰো অধিক লোক কৰ’নাত আক্ৰান্ত হোৱাৰ লগতে ৫ লাখ ৫৫ হাজাৰ লোক মৃত্যুমুখত পৰাৰ সময়তে ৰাছিয়াৰ ছেচেন’ফ বিশ্ববিদ্যালয়ৰ গৱেষক দল এটাই কৰ’না ভাইৰাছৰ প্ৰথম ভেকচিন প্ৰস্তুত কৰি উলিওৱা বুলি দাবী কৰিছে।

ৰাছিয়ান সংবাদ সংস্থা স্পুটনিকত প্ৰকাশিত এটি বাতৰিত কোৱা হৈছে যে ইনষ্টিটিউট ফৰ ট্ৰানেশ্যনেল মেডিচিন এণ্ড বায়’টেকনল’জিৰ সঞ্চালক বাডিম টৰাছেভে বিশ্বৰ প্ৰথমটো কৰ’না ভেকচিনৰ ক্লিনিকেল ট্ৰায়েল সফলতাৰে সম্পূৰ্ণ কৰিছে বুলি ঘোষণা কৰিছে।

'মস্কোস্থিত চৰকাৰী মেডিকেল ইউনিভাৰ্ছিটি ছেচেন’ফৰ গৱেষকৰ দলে এই ট্ৰায়েল সম্পন্ন কৰিছে আৰু ট্ৰায়েলৰ ফলাফলত ভেকচিনবিধ মানৱ দেহৰ বাবে সুৰক্ষিত বুলি প্ৰমাণিত হৈছে। যিসকল ৰোগীৰ দেহত এয়া প্ৰয়োগ কৰা হৈছিল তেওঁলোকৰ এটা গোটক অহা ১৫ জুলাইত আৰু আনটো গোটক অহা ২০ জুলাইত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হ’ব।’-স্পুটনিকৰ আগত এইদৰে কয় টৰাছেভে।

জানিব পৰা মতে, যোৱা ১৮ জুনত ছেচেন’ফ বিশ্ববিদ্যালয়ে ৰাছিয়াৰ গেমলি ইনষ্টিটিউট অব এপিডেম’লজি এণ্ড মাইক্ৰ’বায়’লজিয়ে প্ৰস্তুত কৰি উলিওৱা উক্ত ভেকচিনৰ ক্লিনিকেল ট্ৰায়েল আৰম্ভ কৰিছিল। প্ৰায় ৭ মাহৰ চেষ্টাৰ অন্তত এই ভেকচিনবিধ প্ৰস্তুত কৰি ক্লিনিকেল ট্ৰায়েলৰ পূৰ্বে বাকী ট্ৰায়েলসমূহ সফলতাৰে সম্পন্ন কৰা হৈছিল।

বিশ্ববিদ্যালয়খনৰ এগৰাকী শীৰ্ষ পদবীত থকা ব্যক্তি আলেকজেণ্ডাৰ লুকাছেভে এই সন্দৰ্ভত কৈছে, 'ভেকচিনবিধৰ ট্ৰায়েলৰ এই পৰ্যায়টোৰ মূল উদ্দেশ্য আছিল মানৱ দেহত সুৰক্ষিত হয় নে নহয় সেয়া সনুনিশ্চিত কৰা। অৱশেষত ট্ৰায়েল সফলতাৰে সম্পন্ন হয় আৰু ফলাফলত নিশ্চিত হয় যে ভেকচিনবিধ মানৱ দেহৰ বাবে সুৰক্ষিত।’

এতিয়া ভেকচিনবিধ ব্যাপকভাৱে প্ৰস্তুত কৰিবৰ বাবে প্ৰয়োজনীয় বাকী পদক্ষেপসমূহ শীঘ্ৰে গ্ৰহণ কৰা হ’ব বুলিও জানিবলৈ দিয়ে লুকাছেভে। এই সন্দৰ্ভত প্ৰয়োজনীয় নীতি-নিয়ম অনুযায়ী যাৱতীয় কাম-কাজ ইতিমধ্যে আৰম্ভ হৈছে বুলিও তেওঁ সদৰী কৰে। অৱশ্যে মানৱ দেহৰ বাবে সুৰক্ষিত বুলি নিশ্চিত হ’লেও প্ৰয়োজনীয় নীতি-নিয়ম অনুযায়ী ভেকচিনবিধে ট্ৰায়েলৰ আৰু কেবাটাও পৰ্যায় অতিক্ৰম কৰাৰ অন্ততহে সৰ্বসাধাৰণৰ বাবে মুকলি কৰাতো সম্ভৱ হৈ উঠিব। 

ৰাছিয়ান ভেকচিন আপোনাৰ পদূলি পাবলৈ কিমান দিন?

দেওবাৰে ভাৰতীয় সংবাদ মাধ্যমৰ লগতে অসমৰো একাধিক সংবাদ পত্ৰ আৰু টিভি চেনেলত ৰাছিয়াৰ ভেকচিনবিধৰ ট্ৰায়েল সফলতাৰে সম্পন্ন হোৱা বুলি বাতৰি প্ৰকাশ পাইছিল। কিন্তু উক্ত বাতৰিসমূহত সেয়া ট্ৰায়েলৰ কি পৰ্যায় আছিল সেই সম্পৰ্কে কোনো উল্লেখ নাছিল। ৰাছিয়াৰ আন এটা সংবাদ সংস্থা TASSত প্ৰকাশ পোৱা বাতৰি অনুযায়ী দেওবাৰে সফলতাৰে সম্পন্ন হোৱা ট্ৰায়েলটো আছিল ক্লিনিকেল ট্ৰায়েলৰ প্ৰথমটো পৰ্যায়।

ছেচেন’ফ বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা জনোৱা মতে প্ৰথম পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েলৰ সফলতাৰ অন্তত সোমবাৰৰ পৰা আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েল। অৱশ্যে তৃতীয় পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েল কেতিয়াৰ পৰা আৰম্ভ হ’ব সেই সম্পৰ্কে এতিয়ালৈকে কোনো তথ্য সদৰী কৰা হোৱা নাই। জানিব পৰা মতে, বিশ্বৰ বিভিন্ন দেশৰ দৰে ৰাছিয়াতো একাধিক সংস্থাই ভেকচিন প্ৰস্তুতৰ কাম চলাই গৈছে যদিও একমাত্ৰ গেমলি ইনষ্টিটিউটৰ ভেকচিনবিধেহে ক্লিনিকেল ট্ৰায়েলৰ পৰ্যায়লৈ আহিবলৈ সক্ষম হৈছে।

ৰাছিয়াৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ ৱেবছাইটত প্ৰকাশ কৰা মতে উক্ত ভেকচিনবিধ মানৱ দেহত প্ৰয়োগ কৰাৰ অন্তত কোনো এগৰাকী স্বেচ্ছাসেৱকৰেই শৰীৰত কোনোধৰণৰ অস্বাভাৱিকতা প্ৰত্যক্ষ কৰা হোৱা নাই। স্বেচ্ছাসেৱকসকলৰ দেহত ভেকচিনবিধৰ কোনো পাৰ্শ্বপ্ৰতিক্ৰিয়া দেখা নিদিয়ালৈ চাই ট্ৰায়েলৰ প্ৰথম পৰ্যায় সফল হৈছে বুলি স্বাস্থ্য মন্ত্ৰণালয়ৰ ৱেবছাইটত কোৱা হৈছে।

ভেকচিন কেতিয়া সৰ্বসাধাৰণৰ বাবে মুকলি কৰা হয়?

ট্ৰায়েলৰ প্ৰথম পৰ্যায় সফলতাৰে সম্পন্ন হোৱাৰ অৰ্থ এয়া নহয় যে ভেকচিনবিধ সকলোৰে বাবে উপলব্ধ হোৱাকৈ বজাৰত মুকলি কৰি দিয়া হ’ব। বিশ্ব পৰ্যায়ৰ নিয়ম অনুযায়ী ক্লিনিকেল ট্ৰায়েলৰ তৃতীয় পৰ্যায়ৰ সফলতা অবিহনে সৰ্বসাধাৰণৰ মাজত উপলব্ধ হোৱাকৈ কোনো কাৰণতে ভেকচিন অধিক হাৰত প্ৰস্তুত কৰিবলৈ দিয়া নহয়। এই তৃতীয় পৰ্যায়ত কেবা সহস্ৰাধিক স্বেচ্ছাসেৱকৰ দেহত ভেকচিনবিধ প্ৰয়োগ কৰি বিভিন্ন দিশ সূক্ষ্মভাৱে পৰ্যালোচনা আৰু পৰীক্ষা কৰা হয়। তৃতীয় পৰ্যায়ৰ সফলতা পাবলৈ এবিধ ভেকচিনক যথেষ্ট সময়ৰ প্ৰয়োজন হয়। এই সময় কেবামাহ পৰ্যন্ত হ’ব পাৰে।

আনহাতে তৃতীয় পৰ্যায়ৰ পিছতো সৰ্বসাধাৰণৰ দেহত প্ৰয়োগ কৰাৰ পূৰ্বে চতুৰ্থ পৰ্যায়ৰ ট্ৰায়েল অৰ্থাৎ এখন দেশৰ ঔষধ সম্পৰ্কীয় আইনী নীতি-নিয়ম তথা বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদন লাভৰ পিছত সেয়া বহুলভাৱে উৎপাদন কৰালৈকে আৰু সময়ৰ প্ৰয়োজন হয়। বাতৰিত প্ৰকাশ পোৱা ৰাছিয়াৰ ভেকচিনবিধ বিশ্ব পৰ্যায়ত মুকলি কৰিবলৈ হ’লে এনেধৰণৰ নিয়মসমূহৰ মাজেৰে যোৱাতো বাধ্যতামূলক। সেয়ে এয়া নিশ্চিত যে ৰাছিয়ান ভেকচিনবিধ বাকী ট্ৰায়েলসমূহত সফল হ’লেও আমাৰ মাজলৈ আহিবলৈ আৰু কেবামাহ তথা বছৰৰ প্ৰয়োজন হ’ব। একে কথা ভাৰতত প্ৰস্তুত কৰি থকা হোৱা ভেকচিনবিধৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব।

অৱশ্যে জৰুৰীকালীন সময়ত কোনো কোনো দেশত দ্বিতীয় পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েলৰ পিছতে বহুলভাৱে ভেকচিন প্ৰস্তুতৰ অনুমোদন নিদিয়াৰ উদাহৰণো নথকা নহয়। এইক্ষেত্ৰত শীৰ্ষত আছে চীন। দেশখনত কৰ’নাৰ এবিধ ভেকচিনৰ দ্বিতীয় পৰ্যায়ৰ ট্ৰায়েলৰ পিছতে অধিক হাৰত উৎপাদন কৰা হৈছে। কিন্তু অধিক হাৰত উৎপাদন কৰিলেও সেয়া এতিয়াও সাধাৰণ লোকৰ বাবে মুকলি কৰি দিয়াৰ পৰিৱৰ্তে কেৱল সামৰিক বাহিনীৰ লোকসকলকহে দিয়া হৈছে। ৰাছিয়াৰ ভেকচিনবিধো যদিহে অধিক হাৰত সেই দেশৰ চৰকাৰে উৎপাদন কৰিব বিচাৰে তেতিয়াও কিন্তু সমগ্ৰ বিশ্বৰ বজাৰত তেনেধৰণে মুকলি কৰাতো সম্ভৱ নহ’ব।

উল্লেখ্য যে, এই পৰ্যন্ত সমগ্ৰ বিশ্বৰ একাধিক গৱেষণা সংস্থাই কৰ’নাৰ ভেকচিন প্ৰস্তুত কৰিবলৈ গৱেষণা অব্যাহত ৰাখিছে। এই ক্ষেত্ৰত বৰ্তমানলৈ ক্লিনিকেল ট্ৰায়েলৰ ক্ষেত্ৰত সকলোতকৈ আগবাঢ়ি আছে অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ গিলেয়েড ছাইন্সেজৰ গৱেষক দল আৰু মাৰ্কিন বায়’টেক কোম্পানী মডাৰ্না। 

গিলেয়েড ছাইন্সেজৰ গৱেষক দলে প্ৰস্তুত কৰি উলিওৱা এণ্টি ভাইৰেল ঔষধ ৰেমডেছিভিৰৰ জৰিয়তে ক’ভিড-১৯ৰ চিকিৎসাত যথেষ্ট সুফল পোৱা গৈছে যদিও গৱেষকসকলে ঔষধবিধৰ প্ৰকৃত ফলাফল নিশ্চিত কৰিবলৈ আৰু কঠিন ক্লিনিকেল ট্ৰায়েলৰ প্ৰয়োজন হ’ব বুলি মন্তব্য কৰিছে। এনে পৰিপ্ৰেক্ষিতত ৰাছিয়ান ভেকচিনবিধক লৈ এতিয়াই বৰ বেছি উৎসাহী হৈ নপৰাটোৱেই ভাল হ’ব বুলি মন্তব্য কৰিছে ভাইৰ’লজিষ্টসকলে।

সেয়া হ’লেও কৰ’না মহামাৰীৰ এই সময়ত হতাশা আৰু দুশ্চিন্তাত জৰ্জৰিত হৈ পৰা লোকসকলৰ বাবে ভেকচিনৰ ক্লিনিকেল ট্ৰায়েলৰ প্ৰথম পৰ্যায়ৰ সফলতাও যথেষ্ট আশাৰ খবৰ হিচাপেই বিবেচিত হৈ আহিছে। ইতিমধ্যে ভাৰতত প্ৰস্তুত কৰি থকা হোৱা ভেকচিনবিধৰো ক্লিনিকেল ট্ৰায়েল আৰম্ভ হৈছে। গতিকে অধিক উৎসাহী হৈ নপৰিলেও এনেধৰণৰ খবৰবোৰৰ জৰিয়তে কৰ’নাক মানসিকভাৱে পৰাভূত কৰিব পৰাৰ সম্ভাৱনাকো মুঠেই নুই কৰিব নোৱাৰি।