প্ৰতিকী ফটো

ডিজিটেল ডেস্কঃ এতিয়া গাড়ী চলাবলৈ প্ৰয়োজন নহ’ব চালকৰ৷ অতি শীঘ্ৰে বজাৰত মুকলি হ’ব চালক নোহোৱাকৈ চলা চাৰিচকীয়া গাড়ী৷ কম্পিউটাৰৰ সহায়ত চলা এই গাড়ীয়ে নিয়মৰ ক্ষেত্ৰত মানুহতকৈ অধিক সতৰ্ক হ’ব৷ পথৰ সকলো নিয়ম গাড়ীখনৰ প্ৰ’গ্ৰেমত সন্নিবিষ্ট কৰা হৈছে৷

 কিন্তু ভাৰতৰ দৰে দেশত য’ত এটা পথতে পথচাৰী থাকে, বা য’ত ৰিক্সাচালকৰ পৰা ট্ৰাক পৰ্যন্ত যাতায়ত হয়, তেনে পথত অসুবিধাৰ সন্মুখীন হ’ব এই গাড়ীয়ে৷ গাড়ীখনৰ নিৰ্মাতা পিটাছবাৰ্গৰ কাৰনেইগী মেল্লন বিশ্ববিদ্যালয়ৰ অধ্যক্ষ ৰাজ ৰাজকুমাৰে উল্লেখ কৰে যে কিছুমান বিশেষ পৰিস্থিতিত অসুবিধাৰ সন্মুখীন হ’ব গাড়ীখনে৷

মুলতঃ পৰিস্থিতি সাপেক্ষে ল’বলগীয়া সিদ্ধান্তবোৰত সমস্যাত পৰিব গাড়ীখন৷ মুলতঃ যিসকল চালকে নিয়ম ভংগ কৰে, তেনে চালকৰ পৰা দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সম্ভাৱনাও আছে উক্ত গাড়ীখনৰ৷