চতিয়াঃ চোতাল খন ভেকুঁৰে আবৰি ধৰিছে৷ চোতাল খনৰ সন্মুখত থকা ঘৰটো হাউলি যাবলৈ ধৰিছে৷ বাহৰ খুঁটা কেইটাৰ তল ভাগটো উঁইয়ে খাই পেলোৱাত ঘৰটো ভাঙি পৰো পৰো অৱস্থা৷ ঘৰটোৰ বেৰ কেই খনত মাজে মাজে থকা দুই এটা নতুন খুঁটাই হে বচাই ৰাখিছে ঘৰটো৷

ঘৰটোৰ পৰা ৰাতিপুৱাই কামৰ সন্ধানত ওলাই যাই তাইৰ পিতৃ-মাতৃ৷ তাইৰ পিতৃ-মাতৃয়ে নিজে বনােৱা চাহ কাপ খাই ঢল পুৱাতে চাইকেল লৈ ওলাই যায় ৷ কামৰ সন্ধানত ওলাই যোৱা তাইৰ পিতৃ-মাতৃয়ে দিনৰ দিনটো আনৰ ঘৰত কাম কৰি গধুলি ঘৰলৈ উভতি আহে৷ পিতৃ-মাতৃ ওলাই যোৱাৰ পাছৰে পৰা ঘৰটোত অকলে থাকে তাই৷ ঘৰৰ সকলো কাম কৰে তাই৷ ঘৰ ঝাড়ু দিয়াৰ পৰা আৰম্ভ কৰি বাচন বৰ্তন চাফ-চিকুন কৰালৈকে৷

 তাই ঘৰৰ কাম বন সামৰি পিঠিত এটি বেগ লৈ সমনীয়াৰ সৈতে স্কুললৈ যায়৷ জন্মৰ পৰাই তাই দাৰিদ্ৰতাক ভালকৈ দেখিছে৷ তাই দাৰিদ্ৰতা কাক কয় ভালদৰে বুজি পায়৷ আন দহগৰাকী কিশোৰীৰ দৰে ভাল কাপোৰ পিন্ধিব আৰু খাবলৈ নাপালেও তাই পিতৃ-মাতৃক আপত্তি নধৰে৷ এদিন দিন হাজিৰা নকৰিলে এসাজ ভাতৰ বাবে হাহাকাৰ কৰিব লগা হয় পৰিয়ালটোৱে।

এনেকৈয়ে স্কুললৈ গৈ তাই এদিন প্ৰাথমিক স্কুল এৰি মাধ্যমিক স্কুলত নামভৰ্তি কৰিলে৷ তাৰ পিচত তেওঁলোকৰ পৰিয়াললৈ আহিল আন এগৰাকী কন্যা৷ লাহে লাহে তাইৰ মাতৃয়ে কাম কৰিবলৈ ঘৰৰ পৰা নোযোৱা হল৷ তেতিয়াৰ পৰা তাই পঢ়া-শুনাত মন দিবলৈ ধৰে৷ আন দহগৰাকী ছাত্ৰীৰ দৰে তাই পুৱাই স্কুললৈ গৈ আবেলি ঘৰলৈ আহে৷ ঘৰতো ভালকৈ পঢ়া শুনা কৰে৷

পঢ়ি-শুনি ডাঙৰ মানুহ হোৱাৰ সপোণেৰে তাই পঢ়া শুনা কৰে৷ তাৰ মাজতে তেওলোকৰ পৰিয়াললৈ আন এগৰাকী কন্যা সন্তান আহে৷ লাহে লাহে তিনিওগৰাকী ভনী ডাঙৰ হৈ আহিব ধৰে৷ তাইৰ নাম চানু দেৱী৷ এতিয়া তাইৰ বয়স ১৬ বছৰ৷ তাই দশম শ্ৰেনীত পঢ়ি আছে৷ তাই পঢ়া স্কুল খনতে তাইৰ ১৩ বছৰীয়া মাজু ভগ্নী ৰাণু দেৱীও পঢ়ে৷ সৰু ভগ্নী ৫ বছৰীয়া শৰ্মিলা দেৱী অংগনবাড়ী কেন্দ্ৰত পঢ়িবলৈ য়ায৷

তিনিও ভগ্নীয়ে পঢ়ি শুনি ডাঙৰ মানুহ হোৱাৰ লক্ষ্যৰে পঢ়া-শুনা কৰে৷ চানুৱে দুয়োভগ্নীক কেৱল পঢ়াৰ বাহিৰে আন কথা নাভাবিবলৈ কৈ পিতৃ-মাতৃৰ দুখৰ কথা কৈ বুজাবলৈ চেষ্টা কৰে৷ পিতৃ-মাতৃক সুখত ৰাখিবলৈ তেওলোকে পঢ়ি শুনি ডাঙৰ মানুহ হ’ব লাগিব বুলি প্ৰায়ে বুজনি দিয়ে৷ 

পিতৃয়ে কপালৰ ঘাম মাটিত পেলাই পৰিয়ালটো চলাই থকাৰ মাজতে যেন কাৰোবাৰ নজৰ লাগিল৷ এদিন কাম কৰি ঘৰলৈ অহাৰ পাছতে পিতৃ কৃষ্ণ বছনেট অসুস্থ হৈ পৰে৷ বিভিন্ন ঠাইত পিতৃক চিকিৎসা কৰাৰ পাছতো চানুৰ পিতৃ সুস্থ হৈ নুঠিল৷ প্ৰায় ছমাহ পুৰ্বে চানু, ৰাণু আৰু শৰ্মিলাৰ পিতৃয়ে এই পৃথিৱীৰ পৰা বিদায় লয়৷ প্ৰায় ছমাহ পূৰ্বে পিতৃৰ মৃত্যু হোৱাত  চৰিজনীয়া পৰিয়ালটোৰ পানীত হাঁহ নচৰা অৱস্থা হয়৷ 

মুৰব্বীহিন হৈ পৰা দৰিদ্ৰ পৰিয়ালটোৱে  হাহাকাৰ কৰিব লগা হয়৷ এসাজ ভাতৰ বাবে সংগ্ৰাম কৰিব লগীয়া হোৱা চানু, ৰাণু আৰু শৰ্মিলাৰ মাতৃয়ে আকৌ ঘৰ এৰি কাম কৰিবলৈ যাব লগা হয়৷ 

যোৱা ৬ মাহ ধৰি মাতৃ ৰেণুকা বছনেটে পিতৃহীন সন্তান কেইটাক কপালৰ ঘাম মাটিত পেলাই পোহপাল দি আহিছিল৷ বিধিৰ বিপাক বিশ্বনাথ জিলাৰ চতিয়াৰ গড়পালৰ ৰেণুকা বছনেটক নিজ ঘৰতে বন গাহৰিয়ে আক্ৰমণ কৰি হত্যা কৰে৷

যোৱা ১৪ আগষ্টত চতিয়াৰ দক্ষিণ অঞ্চলৰ কাজিৰঙা ষষ্ঠ সংযোজনৰ দাতি কাষৰীয়া গড়পালত খাদ্যৰ সন্ধান তথা বানৰ কবলত পৰি ওখ ঠাই বিছাৰি ওলাই অহা বন গাহৰিয়ে নিজ ঘৰতে আক্ৰমণ কৰাত ৰেণুকাৰ মৃত্যু হোৱাৰ পাছৰে পৰা চকুলো টুকি পাৰ কৰিছে দিন-ৰাতি এই তিনি ভগ্নীয়ে ।

ঘাট মাউৰা তিনি কন্যাক কোনে পঢ়ুৱাব? কোনে চোৱা চিতা কৰিব? দিক বিদিক হেৰুৱাৰ পাছতো তিনি কন্যাই পঢ়িব খোজে। ঘাট মাউৰা তিনিটাকৈ কন্যা আজি বাক ৰুদ্ধ হৈ পৰিছে৷ তেওলোকৰ বুকুত শোকে খুন্দা মাৰে ধৰে৷ তেওলোকক চাবলৈ নাই কোনো আত্মীয় স্বজন। কি হব এই শিশু কেইটাৰ ভৱিষ্যত? 

মাতৃ ৰেণুকা মধ্যহ্ন ভোজনৰ ৰান্ধনী আছিল। কন্যা সন্তানক আনৰ ঘৰত কাম কৰি দুবেলা দুমুঠি খুওৱাই আছিল। তেওলোকৰ পৰিয়াললৈ যেন নামি আহিল ঘোৰ অমানিশা৷ চতিয়াৰ একাংশ নাগৰিকে তিনি কন্যাৰ পঢ়াৰ দায়িত্ব ৰাজ্য চৰকাৰক লবলৈ আহ্বান জনায়ছে৷ 

দৰিদ্ৰ পৰিয়ালটোৰ তিনিওগৰাকী কন্যাই পঢ়িব বিছাৰে৷ভাল নাগৰিক হ'বলৈ বিচাৰে।