ডিজিটেল ডেস্কঃ ৰাজস্থানৰ এজাক সিংহই আৱৰি থকা অৱস্থাতে মহিলা এগৰাকীয়ে সন্তান জন্ম দিয়া ঘটনাই বৰ্তমান ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে। ৰাজ্যখনৰ আমৰেলিত বুধবাৰে এই ঘটনা সংঘটিত হৈছে।

আমৰেলিৰ এগৰাকী মহিলাই প্ৰসৱ বেদনা অনুভৱ কৰাত ততাতৈয়াকৈ ১০৮ মাতি হস্পিতাললৈ নি থকা অৱস্থাতে শিহৰণকাৰী ঘটনাটো ঘটে।

কিন্তু বাটতে বিধি পথালি দিয়ে এজাক সিংহই। ১০-১২ টা সিংহই আৱৰি ধৰে এম্বুলেঞ্চখন। ইফালে মহিলাগৰাকীৰ অৱস্থাৰ অৱনতি ঘটিবলৈ ধৰে।

উপায়ন্তৰ হৈ গাড়ীৰ ভিতৰত থকা চালক আৰু সহকাৰীয়ে সন্তান প্ৰসৱ কৰোৱায়। এতিয়া মাতৃ-পুত্ৰ সুস্থ বুলি জানিব পৰা গৈছে।